সমললৈ যাওক

পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

- থুই থুই কৰি নিজৰ পৰা এহাতমান আঁতৰলৈ অন্য য’তে পৰে পৰক বুলি মাৰি দিয়ে।

 সকলো মানুহেই নিজকে ইমান পবিস্কাৰ বুলি ভাবে যে অপৰিস্কাৰ বস্তুবোৰহে নিজৰ পৰা এহাত আঁতৰলৈ দলিয়াই দিয়ে। কিন্তু সেই অপৰিস্কাৰ বস্তুৰে আলিবাট কিমান লেতেৰা আৰু জীৱানুযুক্ত কৰিলে সেই কথা ভাবিবলৈ কাৰো আহৰি নাই। নিজৰ পৰা আঁতৰত আলিবাটত সেইবোৰ এৰি থৈ অহা বুলি ভাবিলেও নিজৰে ভৰিৰ জোতাত, পেন্টৰ তলিখিনিত, শাৰীৰ ফল্চত, মেখেলাৰ পাতলিত লাগি আৰু দূষিত বতাহখিনি নিজৰে নাক মুখত লৈ ঘৰৰ বস্তু যে আকৌ ঘৰলৈ আনিলে ⸺ লগতে লোকৰো অলপ লৈহে, ⸺ সেই কথা ভাবিবলৈ কাৰো আহৰি নাই। কলৰ বাকলি, সুমথিৰা টেঙাৰ বাকলি, ফটা, কাগজ, কুঁহিয়াৰৰ চোবা, লেতেৰা কাপোৰ, গেলা আপেল আদি বিভিন্ন ৰং আৰু আকাৰৰ সংমিশ্ৰণেৰে ফুল বাছি থোৱা আলিবাটটোৰ মাজে মাজে থু — খেকাৰ — পিকৰ বগা — হালধীয়া – ৰঙা ৰঙৰ সৰু ডাঙৰ বুটা বাছি দিবলৈ আমি শিক্ষিত ⸺ অশিক্ষিত, শিল্পী- সাহিত্যিক, ভিক্ষাৰী — জুৱাৰী, ইঞ্জিনীয়াৰ — মগনীয়াৰ, ৰনুৱা— বনুৱা, ডাক্তৰ — কনডাক্টৰ, বেপাৰী — বেমাৰী — সকলোৱে গভীৰ মিলাপ্ৰীতি আৰু পৰম আগ্ৰহেৰে আগবাঢ়ি আহোঁ। এইবোৰত ‘আমি সকলো ভাৰতীয়’ৰ একতাৰ তুলনা নাই।

 ‘আমাৰ দেশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ' বাক্য, শাৰী ৰচনা লিখা আৰু বক্তৃতা দিয়াৰ বাবে আছুতিয়াকৈ আছেই যেতিয়া

মানুহবোৰৰ প্ৰকৃতিৰ কদৰ্যতালৈ আমি মূৰ থমাম কিয়? আমিতো এতিয়া দ্ৰুত প্ৰগতিৰ পথত। লেটেষ্ট ফেশ্যনৰ সাজ-পোচাক, ডাঙৰ দেশৰ ডাঙৰ সমস্যাৰ আলাপ আলোচনা, নিউ ইয়েৰচ্, গ্ৰিটিংচ, আইচিং কে’ক, কণ্টেচা, মাৰুতি এইবোৰৰ মাজতে আমাৰ সংস্কৃতি আৰু অভিজাত্য দেখা পাওঁ। প্ৰগতিৰ নামত ঘৰৰ মজিয়াত বহুমূলীয়া কাৰ্পেট, বহুমূলীয়া চ’ফা চে’ট, টি, ভি, ভিডিঅ’,

(৩৪)