সমললৈ যাওক

পৃষ্ঠা:আদিচৰিত.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
আদি চৰিত

হেন শুনি আনন্দিত ভূঞা নিৰন্তৰ।
গোসানীৰ পাৱে পৰি কৰি নমস্কাৰ।
সেহি বেলা মহামায়া অন্তৰ্দ্ধান ভৈলা।
ভূঞাগণ লৈয়া দূত নগৰক আইলা।
গোসানী কহিলা যত দূতৰ আগত।
সেহি বাক্য দূতে গৈয়া কহিলা ৰাজাত।
যিকাৰণে বলি নলৈলেকে ভগৱতী।
সাৱশেষ কথা দূতে কহিলা সম্প্ৰতি।
হেন শুনি মহা ভয় ভৈলেক নৃপতি।
ভূঞাক দিলন্ত সভা ঐশ্বৰ্য্য বিভূতি॥ ৩৯৫
ভূঞাক আশ্বাস বাক্য বুলিলা ৰাজন।
নৃপতিকো বৰাইলন্ত বাঢ় ভূঞাগণ।
এহিমতে ভূঞাগণ কৰি নিয়োজন।
ভূঞাগণে সেৱা কৈলা ৰাজাৰ চৰণ।
এহিমতে ভূঞাক ৰাখিলা মহাৰাই।
পাচে যেন কথা ভৈলা কহিবোঁ বুজাই।
সৌমাৰ ৰাজাৰ সঙ্গে যুদ্ধ কছাৰীৰ।
উভয় ৰাজাৰ যুদ্ধ লাগিল দুৰ্ঘোৰ।
ৰাজ্যৰ নিমিত্তে দুই ৰাজা যুজিলন্ত।
উভয় ৰাজাৰ বহু সৈনা মৰিলন্ত॥ ৪০০
হেন অথন্তৰ দেখি সৌমাৰ ৰাজন।
ৰণ কৰিবাক ভূঞা পঠাইলা তখন।