সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কাৰণে তাৰ নাম থৈলে ডাক॥” ডাক-চৰিতৰ এই কথাৰ সুৰেৰেই বহুতে কয় সৰ্বসাধাৰণৰ কথাই “ডাক"। কনকলাল বৰুৱাৰ মতে ডাক আৰু খনা নাম দটা তিব্বতীয় গভাগ' (বিধান) আৰু 'মখান' (বিদুষী) শব্দ দুটাৰ পৰা ওলোৱা; গতিকে এই শব্দ দুটা নামতকৈ উপাধি-বিশেষ বুলিহে বুজিব লাগে। ডক্টৰ শ্বাহিদুল্লাৰ মতে ডাক কোনো ব্যক্তিবিশেষৰ নাম নহয়; এক শ্ৰেণীৰ বৌদ্ধ-তান্ত্ৰিক সাধককে ডাক বোল হৈছিল—“অন্তৰালেষু যচ্চিত্তং তচ্চিত্তং সমৰসীগতন্। ডাকঃ সম্ভৱতে তস্মাৎ মহামণ্ডলযোগতঃ॥’’ (ডাকাৰ্ণৱ)।

 ডাক পুৰুষৰ অস্তিত্ব কোনো কালত নাছিল বুলি কলেও কিন্তু ডাকৰ বচনৰ অভিন্নত্ব কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি। ডাক আৰু খনাৰ বচন বঙলা “ছড়া” জাতীয় আৰু অসমীয়া যোজনা-ফকৰাৰ শাৰীৰ যে সন্দেহ নাই; এই কাৰণেই অসমীয়া পটন্তৰ-মালাৰ দুই এটি সংগ্ৰহত ডাকৰ বচনবোৰো খেলিমেলিকৈ সুমাইছে। কিন্তু ডাকৰ বচনৰ স্বতন্ত্ৰতা তাৰ এই বাৰ-তেৰ প্ৰকৰণৰ ভিতৰত সোমাই আছে; তাক “আন্ধাৰতো খুজি পান্ত লুকান নাযায়।" সচা কথা, 'দহৰ জ্ঞান, একৰ বাণী', 'যুগ-যুগান্তrৰ সঞ্চিত জ্ঞান-ৰত্ন,’ 'জীৱনৰ জ্বলা সমালোচনা', 'মিতব্যয়ী কথাৰ সাৰ-গৰ্ভ চমু তীব্ৰ বাক্য' আদি পটন্তৰ- মালা আৰু ডাকৰ বচনৰ উমৈহতীয়া গুণ; কিন্তু এনে হোৱা সত্বেও ডাকৰ বচনৰ বৈশিষ্ট্য তাৰ নিজা। সুক্ষ্ম বিচাৰ-বিবেচনাৰে ইয়াৰ উদ্ধৃতিখিনিলৈ মন কৰিলেই এই সত্য সহজে ধৰা পৰিব।

 ডাকৰ বচনৰ শব্দ-সংক্ষিপ্ততা অনেক সময়ত যেনেকৈ অতি সৌন্দৰ্যব্যঞ্জক হৈছে, বহুত ঠাইত ই সেইদৰে গুপ্তাৱস্থাত সোমাই পৰিছে। “শীত সৰিয়হ মীত মাহ” বোলোতে যথাক্ৰমে একাদশীৰ পৰা চতুৰ্দশী-আউশীলৈকে আৰু পঞ্চমী পৰা দশমীলৈকে তিথিবোৰ বুজোৱা; “কলাপুলি ৰুবা তিনিবাৰ কাটি” বোলোঁতে তিনি থোকা কল কটাৰ পাছত পুলি লৰাই ৰোৱা কথা আদি তাৰ চূড়াত উদাহৰণ।

 ‘ডাকৰ বচন বেদৰ বাণী।” অযুত অসমীয়া নিৰক্ষৰ জন-গণৰ বাবে ডাকৰ বচন সচাকৈয়ে অলিখিত বেদ, আৰু ডাক তেওঁলোকৰ অখ্যাত ব্যাস। বেদ তেওঁলোকে নামানিব-নাজানিব পাৰে, কিন্তু ডাকৰ বচন তেওঁলোকৰ হাড়ে- হিমেজুৱে মিলি আছে, সেইবোৰ তেওঁলোকৰ নিজ বিবেক-বাণী স্বৰূপ।