সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

পুৰণি বৈষ্ণৱ চৰিত-পুথিবোৰতো সেই কালৰ সমাজত এনে বিভিন্ন ধৰ্মৰ প্ৰভাৱৰ উমান পাব পাৰি।

 সেইবোৰৰ উপৰিও, ত্ৰয়োদশ শতিকাত ভাৰত আক্ৰমণ কৰা মোগল আৰু অসম আক্ৰমণ কৰা আহোমৰ বুৰঞ্জীমূলক টোকাৰ পৰাও সেই কালৰ অসমীয়া সমাজত যি ছেগা-চোৰোকা পোহৰ পৰে তাৰ সহায়তো ধৰ্মৰ নামত অসমত নানা অদ্ভূত ৰীতি-নীতি প্ৰচলিত থকাৰ প্ৰমাণ পোৱা হয়। সেই কালৰ এই দেশৰ শাসকসকলৰ কছাৰী, চুটিয়া, বাৰভূঞা আদিৰ মাজতো আৰ্য্য-অনাৰ্য্য নানাভাবে শাক্ত পূজাই চলিছিল। চুটিয়াসকলে সদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত যি কেচাই- খাতী গোসানীৰ পূজা কৰিছিল, সিও কালী গোসানীৰে এক প্ৰাচীন ৰূপ : কেৱল কালীৰ পূজা বামুণে আৰু কেচাইখাতীৰ পূজা দেউৰীয়ে কৰিছিল। এই বাবেই তাম্ৰেশ্বৰী মন্দিৰ পূব কামৰূপৰ কামাখ্যা বুলিও কোৱা হয়। আহোম ৰাজত্বৰ মাজলৈকে এই তাম্ৰেশ্বৰী মন্দিৰত নৰ-বলি চলিছিল; কেৱল আহোম ৰজাই সাধাৰণতে প্ৰাণ-দণ্ড পোৱা লোকক আৰু তেনে মানুহ নাথাকিলেহে কোনো বিশেষ ফৈদৰ পৰা বলি বাছি লবলৈ দিয়া হৈছিল। বৈষ্ণব কবি ৰাম সৰস্বতীৰ “ভীম-চৰিত’’ত বৰ্ণোৱা বকাসুৰ বলিৰ কথাও সম্ভৱ সমসাময়িক অসমীয়া সমাজত বাস্তৱতে বা কিম্বদন্তীৰূপে তেতিয়াও প্ৰচলিত আছিল। এই বলিবিলাকক “ভোগী” স্বৰূপে বিশেষভাৱে সকলো ইন্দ্ৰিয় ভোগৰ সুবিধা দিয়া হৈছিল।

 অকল চুটিয়াই কিয়, পুৰণি অসমৰ কছাৰী, কোচ, ত্ৰিপুৰা, জয়ন্তীয়া আদি প্ৰায়বোৰ পৰ্বতীয়া জাতিৰ মাজত এই নৰ-বলি প্ৰথা প্ৰচলিত থকাৰ প্ৰমাণ আছে। তন্ত্ৰবোৰ সাধাৰণতে শিৱ-দুৰ্গা বা হৰ-পাৰ্বতীৰ কথোপকথন স্বৰূপে আৰু মন্ত্ৰবোৰ প্ৰয়েই শিৱ-দুৰ্গাৰ স্তুতিৰে আৰম্ভ হয়; এওঁলোকৰ কাকো অকলে বন্দনা কৰা নহয়। পুৰণি কছাৰী ৰাজধানী মায়বঙত থকা ব্ৰা-ব্ৰী (বুঢ়া- বুঢ়ী অৰ্থাৎ হৰ-পাৰ্বতী) পূজাৰ কথায়ো শিৱ-দুৰ্গা পূজাৰ সেই আদিম ৰূপৰ কথাকে সোঁৱৰায়; বুঢ়া-বুঢ়ী জপৰা-জাপৰী আদি হৰ-পাৰ্বতীৰে ৰহস্যপূৰ্ণ লৌকিক নাম নিশ্চয়। সিন্ধু-উপত্যকাৰ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ আবিষ্কাৰত পোৱা শিৱ-দুৰ্গাৰ নিচিনা মূৰ্ত্তিতে আৰম্ভ কৰি এই পূৰ্ব- ভাৰতীয় পূৰ্ববৈদিক দেৱ-দেৱীয়ে বৈদিক ধৰ্মৰ ভিতৰেদি কেনেকৈ নিজ প্ৰভাৱ বিস্তাৰ কৰিলে তাৰ বুৰঞ্জী অতীব ৰহস্যজনক। সি যি নহওক, পুৰণি অসমত