সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১১
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


চন্দ্ৰকুমাৰ-লক্ষ্মীনাথ-হেম গোস্বামীৰ কবিতাত প্ৰথম চাহাৰানি দেখা পোৱা হয়। পৰিবৰ্ত্তনৰ এই তিনটি খাপৰ প্ৰথমটিত পুৰণি ভাব আৰু পুৰণি ছন্দ প্ৰায় অবিচলিতভাৱে থাকিল; দ্বিতীয়টিত দুলড়ি-লেচাৰীৰ ঠাইত সাত-সাগৰ তেৰ-নদীৰ সিপাৰৰ ব্লেঙ্ক ভাৰ্ছ ব্যৱহৃত হল, অথচ তাৰ ভিতৰৰ বস্তু সেই বামায়ণ-মহাভাৰতৰ আদৰ্শই হুবহু থাকিল; কিন্তু চন্দ্ৰ-লক্ষ্মী-হেমৰ কবিতাত ইংৰাজী ৰোমাণ্টিছিজ্‌ম্‌ বা ইটালীয় ছনেট্‌ আৰু বাহিৰা বস্ত হৈ নাথাকিল, হাড়ে-হিমজুৱে এক হৈ পৰিল। ওপৰে ওপৰে চালে এনে এটা শঙ্কা মনলৈ আহিব পাৰে, অসমীয়াৰ জাতীয়ত্ব তেন্তে ক'ত ৰল? কিন্তু আমাৰ শাৰীৰিক জীৱনলৈ চালেই দেখা পাওঁ, সাত-পুৰুষত নোখোৱা-নকৰাও আমি খাইছোঁ আৰু কৰিছোঁ; আৰু সিমানৰ সত্বেও আমি নিজক অসমীয়া বুলি আছোঁহঁক; মানসিক বিষয়ে ই ততোধিক সত্য। আগৰ অসমীয়া ঘোপমৰা বৰ-ঘৰ মাৰল ঘৰ আহল-বহল খিৰিকি দুৱাৰ দি ওখকৈ সজালেও আমি সেই পূৰ্বপূৰুষৰ বংশধৰ হৈয়ে থাকিম; কেবল আমাৰ পুৰণি ভেটিটো হাতে নৈয়ে খহাই লৈ নাযায় তালৈ মন কৰিলেই যথেষ্ট। প্ৰকৃততে পৰিবৰ্ত্তিত অৱস্থাৰ লগত নিজক খাপ খুৱাই লব পৰাই জীৱন; তাকে কৰিব নোৱাৰিলেই মৃত্যু অনিবাৰ্য্য। পূৰ্বপুৰুষে নোখোৱা কোনো বস্তু নাখাওঁ বুলি যেনেকৈ আমি বৰ্ত্তমান যুগত জীয়াই থাকিব নোৱাৰোঁ, আমাৰ জলবায়ু আৰু শাৰীৰিক গঠনলৈ মন নকৰি জীণ নোযোৱা বস্তু খায়ো তেনেকৈ আমি নিজ মৰণ মাতি আনিব পাৰোঁহঁক; গতিকে আধুনিকতাৰ আন এটি অৰ্থ সমাহাৰ, সমন্বয়, ঐক্য বা মিলন। শুদা ইউৰপীয় চেতনা আধুনিক নহয়; যি ইউৰপীয় চেতনাত ভাৰতীয় চেতনাৰ ঐক্য সাধন হোৱা নাই সি ইউৰপীয় চেতনাই নহয়। সংস্কৃতি কথাটোও এনেকুৱাই; ই বিশ্বজনীন আৰু গতিশীল, এই দুই গুণ হেলেই ই প্ৰাণহীন ৰীতি-নীতিত পৰিণত হয়। ভাৰতীয় ইউৰপীয় আদি সভ্যতা যেনেকৈ মানৱ সংস্কৃতিৰ বৰ্ণালি মাত্ৰ, অসমীয়া বঙলা আদি সভ্যতা তেনেকৈয়ে ভাৰতীয় সংস্কৃতিৰ বৰ্ণালি নিশ্চয়; গতিকে এই প্ৰাদেশিক সভ্যতাবোৰ যিমানে উন্নত হয়, ভাৰতীয় সংস্কৃতি সেই অনুপাতে উজ্জ্বল হৈ উঠিব। বৰ্তমান অসমীয়া কাব্য-ৰীতিৰ বিৱৰ্ত্তন আৰু ক্ৰমবিকাশত এইবোৰলৈ লক্ষ্য ৰাখিব লাগিব।

বিশ্বেশ্বৰ বৈদ্যাধিপৰ আহ্বা পৰিচয়ঃ “সূৰ্য্যবিপ্ৰে কুলে জাত। বিশ্বেশ্বৰ নামে খ্যাত।” তেহে পদ বিৰচিল। স্বৰ্গদেৱে আজ্ঞা দিল। বৈদ্য বৰুৱাৰ নাতি। পৰম অজ্ঞানী জাতি।