সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৩
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


নোলালহেতেন। স্বৰূপতে ইয়াৰ তিনি কুৰি বছৰ মানৰ আগতে শ্ৰীৰামপুৰৰ পাদ্ৰীসকলে এইদৰেই বৰ্ত্তমান বঙলা সাহিত্য পাতিছিল; ১৭৮৫ ত ইষ্ট ইণ্ডিয়া কম্পেনীয়ে পতাটোৱেই দ্বিতীয় বঙলা চেপা কল। ১৭৮৮ত প্ৰাছী হলহেডে এখন বঙলা ব্যাকৰণ লিখে। ১৮০১ কেৰীৰ ’কথোপকথন'; ৰামৰাম বসুৰ ’ৰাজা প্ৰতাপাদিত্য চৰিত্ৰ’, আৰু গোলোকনাথ শৰ্মাৰ ‘হিতোপদেশ" ১৮০২ত মৃত্যুঞ্জয় বিদ্যালঙ্কাৰৰ ’বত্ৰিশ সিংহাসন”; ১৮০৩ ত ডক্টৰ গিল ক্ৰাইষ্টৰ নিৰ্দেশত তাৰিণীচৰণ মিত্ৰই লিখা আৰু ৰমান আখৰত ছপোৱা ঈছপৰ উপকথা; ১৮০৮ ত ৰাজাৱলী; ১৮১২ কেৰীৰ ইতিহাস-মালা। ১৮১৫ ত হৰপ্ৰসাদ ৰায়ৰ পুৰুষ- পৰীক্ষা আৰু ৰামমোহন ৰায়ৰ বেদান্ত গ্ৰন্থ; ১৮১৬ত গঙ্গাধৰ ভট্টাচাৰ্য্যৰ বেঙ্গলী গেজেট, আৰু ১৮১৮ ত শ্ৰীৰামপুৰ পাদ্ৰীসকলৰ দিগদৰ্শন, কৌমুদী, আৰু গস্পেল ম্যাগাজিন; ১৮২১ ত ৰামমোহন ৰায়ৰ ব্ৰাহ্ম আলোচনী; আৰু ১৮৩৩ ত হিতোপদেশ , প্ৰবোধ চন্দ্ৰিকা বঙলাত ওলায়। এতেকে স্বৰূপতে ৰমেশচন্দ্ৰ দত্তৰ মতেৰে ৰামমোহন ৰায়ক বঙলা গদ্যৰ পিতাক বুলিলে সুকুমাৰ সেনৰ মতে কেৰীক বঙলা গদ্যৰ এজন ঘাই প্ৰৱৰ্ত্তক বুলিবই লাগিব। এই শ্ৰীৰামপুৰৰ মিস্যনেৰীসকলেই বঙলা ভাষাৰ উপৰিও অসমীয়া ভাষাৰ ওপৰত চকু দিছিল আৰু ১৮১১ত নগাঁৱৰ কলীয়াবৰৰ আত্মাৰাম শৰ্মাক শ্ৰীৰামপুৰলৈ নি তেওঁৰ হতুৱা গোটেই বাইবোল প্ৰন্থ অসমীয়ালৈ ভঙাই ১৮১৩ত প্ৰকাশ কৰায় আৰু ই গুৱাহাটীৰ মিস্যনত সংৰক্ষিত আছে বুলি কয়। ইয়াৰ দ্বিতীয় তাণ্ডৰণৰ কাল ১৮৩৩; কিন্তু ইয়াত এই বিষয়ৰ কোনো উল্লেখ নাই। এইখনৰ বাহিৰেও ইংৰাজীত শ্ৰীৰামপুৰ মিসনে অসমীয়া ভাষাৰ দুই এখন পুথি উলিয়ায়; তাৰ ভিতৰত ১৮৩৯ ত ওলোৱা ৱিলিয়ম ৰবিন্‌ছনৰ অসমীয়া ব্যাকৰণ বিষয়ক পুথিয়েই ঘাই।

 ডক্টৰ নেথন ব্ৰাউন (১৮০৭-৮৬) অসমীয়া খৃষ্টীয় সাহিত্যিকৰ ত্ৰিমূৰ্তি প্ৰথম। ১৮০৭ ৰ ২২ জুনত আমেৰিকা যুক্তৰাজ্যৰ কোনো এক নগৰত এওঁ ওপজে; ন বছৰ বয়সত এওঁ খৃষ্ট ধৰ্মত শৰণ লয় আৰু কুৰি বছৰত ৱিলিয়ামছ কলেজৰ গ্ৰেজুৱেট হয়। পোনতে নিজ দেশতে এওঁ কিছুমান দিন শিক্ষকতা কৰে আৰু কোনো এখন কাকত সম্পাদন কৰে। তাৰ পাছত মিস্যনেৰী নিযুক্ত হৈ নিজ লৰা-তিৰুতা লৈ ১৮৩৩ ত এওঁ মান দেশৰ মৌলমেন্ পায়হি। তাত দুবছৰ মাথোন থাকি কট্টৰৰ পৰিয়ালে