পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২৪ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পূৰ্ব্ব দিশে নিজ শক্তি হৰি অৱতাৰ। নিজ যশ ধৰ্ম্ম কীৰ্তি ভকতিপ্ৰচাৰ॥ নামত শঙ্কৰ হৈ শূদ্ৰ কূলে জাত। ব্ৰ স্ব আদি দেৱো জন্মিৰ তথাত॥ লোকৰ তৰণ হেতু সন্ত মূৰ্ত্তি ধব। তাহাৰ চৰণে কৰে। শত নমস্কাশ॥ সাৰ্বভৌমই শঙ্কৰদেৱৰ অসমৰ আৰু ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ শিষ্যসকলৰ বিৱৰণ দিছে ( ১৭৪-৯৫ পদ), আৰু “এক বাম ছা বিশে বৰিয় ভৈলন্ত। তথাপি কিশোৰ স্বভাৱক নেৰিলন্ত॥ ২০৬।" বুলি কৈছে। ‘সুখিণ্ড বহস্য, ইটো কথা সাৰত, হৰি ক্লৈা ব্ৰহ্মাৰ আগত। বৃহৎ খণ্ডত কৈলা, বহুভাৱে ভক্তিকথা, ৰহস্যৰ কথা সমাপত॥” বুলি ২১৮ পদত সামৰিছে। ভীষ্ম পৰ্বত বামসৰস্বৰ্তীৰ লগত পোৱা বিদ্যাপঞ্চানন কবিৰ আত্মপৰিচয় বৃহৎ নগৰ তান্ত্ৰিকৰণ যে স্থান। মৰ্তে দেৱে যত্নে তাক কৰিছে নিৰ্মাণ॥ নাননা দি| পাট অস্ত্ৰ দেয়া বক্ষন। যিটো নগৰত সদা হোৱে উৎপন। তাহাব নিকট লহে সুন্দৰ মানম। যত মান-তৰ্পণে দুঃখৰ হেৰে নাশ॥ সেহি নগৰত দ্বিজবৰ আছিল। নামে ঠাণ যে পণম মাহন্ত॥ তাহৰ নিষ্ঠ পুত্ৰ গুৰু গোপাল। হৃদয়ত ধৰি দুই চৰণ সুন্দৰ॥ সমীপৰ লোকৰ আনন্দ মন দেখি। অম্বাণ চৰিত্ৰ পদ-বন্ধে থৈলা লিখি॥ অম্বাৰ চৰিত্ৰ ভণে বিদ্যাপঞ্চাননে। বোলন্ত মিনতি কৰি শুনা সৰ্ব্বজনে॥ চন্দ্ৰ বাণ ঘোটকৰ পিঠিত গগন। কৃষ পক্ষ চতুৰ্দশী মাস যে শ্ৰাৱণ॥ অশ্বিনী নক্ষত্ৰে সমাপতি ভৈলা পন। বোলা ৰাম ৰাম গৱে খণ্ডোক আপদ॥ তেন্তে ১৫৪০, শকত (১৬১৮ খৃঃ) মানাহৰ পাৰত বৰনগৰত কষ্ঠাভৰণৰ নুমলীয়া পুতেক বিদ্যাপঞ্চাননে ভীষ্মপৰ্বৰ এই অম্বা চৰিত্ৰ সমাপ্ত কৰিছে বুলি কংসাৰি কায়স্থ এই যুগৰে আন এজন প্ৰধান বৈজ্ঞৰ কবি; কিয়নো ৰামসৰস্বৰ্তীৰ বনপৰ্বৰ পুষ্পভূণ কাব্যৰ ( ১৪২৫-২৬) ভণিতাত- “কংসাৰি প্ৰমুখ্যে ঋষি আছে যত ঋতু। সিসৰেও পদচয় কৰিলা পাছত॥ আমাক বুলিলা পাছে সঙ্কেত বচন। আমাসাৰ পৰিচয় কৰিবাক মন॥ ৰাজাত কাহিনী কৰি দিলো কতখানি। তাৰসৱে পদ ৰ আছে মহামানী॥" ৰাম সৰস্বতীয়ে বিৰাট পৰ্বৰ পাণ্ডৱৰ অজ্ঞাতবাসলৈকে লিখাৰ পাছত, কংসাৰিয়ে দক্ষিণ পোগৃহ আৰু কিৰাতপৰ্ব – আদিৰ ভাঙনি কৰে যে তাক