সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৭
বিজুলী

শিৰে শিৰে তাড়িতৰ সোঁত বৈ যায়।
হাহাঁ দেবী হাহাঁ এটিবাৰ,
সি হাঁহিৰ লগে লগে হৃদয়-থুপিত,
সুখ-ফুল ফুলি মন কৰে আমোলিত।
 অন্তৰাত্মা সি হাঁহিৰ লগে,
 নাচি নাচি উঠে উলাহতে;
সি হাঁহিৰ লগে লগে হৃদয় তন্ত্ৰীত
ললিত পঞ্চম বাজে অতি সুললিত।
আহা দেবী আহা মোৰ হৃদয়ত লওঁ,
হৃদয়ৰ হৃদয়ত, দিন ৰাতি অবিৰত
সাঁচিছোঁ যিমান কথা, পাইছোঁ যিমান ব্যথা,
ভুগিছোঁ যিমান দুখ, লভিছোঁ যিমান সুখ,
এটি এটি কৰি দেবী সকলোটি কওঁ,
হৃদয়ৰ তলা মেলি সকলো দেখাওঁ,
শিল সম দুখ ভাৰ কিছু পাতলাওঁ।
আহাঁ দেবী আহাঁ দেবী আহাঁ,
হৃদি-আসনত বহি সি হাঁহিটি হাঁহা।
 ইৰূপ হাঁহিটি হাঁয় হাঁয়!
 দেখি যাক পৰাণ জুৰায়,
 অসুৰৰ জিভা কোনে কয়?
 যি কয় সি মানুহ নহয়।
 ই হাঁহি যে স্বৰগৰ হাঁহি,
 ই হাঁহি যে কুসুমৰ পাহি,
 ই হাঁহি যে অমিয়াৰে ভৰা,
 স্বৰগৰ শোভাৰ নিঝৰা;
 হায় হায় তাৰ মোল মৰ্ত্ত্য ভুবনত,
 কি বুজিব উটে যিটো পাপৰ সোঁতত?

|