পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-৪৭৬ অসমীয়া সাহিত্যৰ চানেকি দিবসৰ পৰিশৰ মত, ভাগৰে আকুল প্ৰাণী যত, দেখি আই বিয়াকুল। ফোকাৰিছে শোকৰ নিশ্বাস, ৰিব ৰিব বায়ুৰ উচ্ছাস; যেনে বিৰহিণী বিনা পতি। প্ৰশান্ত মূৰতি প্ৰকাশিয়া, সুশীতল কোলা বিস্তাৰিয়া আশ্বাসিছে তনয় সবক। সি কোলাত পৰিয়া জগত, মজিয়া শান্তিৰ সাগৰত, ধন্যবাদ দিছে ঈশ্বৰক। সন্ধ্যা আই আহিবৰ দেখি, নিশাচৰ জীৱ সব সুখী হই, আপোনাৰ কামে ৰত। দিবাচৰে জানি অন্তকাল লগে লই নিজ নিজ পাল আপোন স্থানত উপগত। দেৱালয়ে আৰতি কৰিয়া, ধূপ দীপ নৈবেদ্যাদি দিয়া, গাইছে ব্ৰাহ্মণে স্তব স্তোত্ৰ। ভকত মহন্ত সাধু সবে। হৰিধ্বনি কৰে উচ্চৰবে শুনি মন হোৱয় পবিত্ৰ। দ, ঘণ্টা, তাল, কৰতাল, মৃদঙ্গ গোমুখ বাজে ভাল, সি সবে মনক মোহি নিছে।