সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ধৰ্ম্ম পুৰাণ।

পিতৃ মাতৃ অৰ্চ্চা এক পতিৰ অৰ্চ্চন,
সমস্ত জনত সম মিত্ৰে অদ্ৰোহন॥
বিষ্ণুত ভকতি এই পঞ্চ নিৰুপণ,
ইহাত ক্ৰমৰ কাল শুনা নিয়মন॥

প্ৰথমে জনক জননীৰ সেৱা কৰ্ম্ম,
তাক উলঙ্ঘিয়া নাহি আন ক্ৰিয়া ধৰ্ম্ম॥
পিতৃ মাতৃ সেবা দ্বাৰা যিতো ধৰ্ম্ম পায়,
তীৰ্থ যাত্ৰাদিৰ দ্বাৰা সি ধৰ্ম্ম নাযায়॥

পিতা স্বৰ্গ পিতা ধৰ্ম্ম পিতা তপ পৰ,
পিতৃ তৃপ্তি হৈলে হোৱে দেবতা সবৰ॥
যাৰ সেবা গুণ দ্বাৰা পিতৃ তৃপ্তি হৈল,
দিনে দিনে ভাগিৰথী সিতে স্নান কৈল॥

সৰ্ব্বৰ্তীৰ্থৰূপ মাতা পিতা বিষ্ণুময়,
অতো সৰ্ব্বাৰম্ভে তাঙ্ক পূজিবে লাগয়॥
মাতৃক পিতৃক যিতো কৈল প্ৰদক্ষিণ,
পৃথ্বী প্ৰদক্ষিণ পূণ্য ভৈলা তানধিন॥

মাতৃ পিতৃ প্ৰণাম কৰন্তে যিজনৰ,
জানুকৰ দুই শিৰ ভূমিৰ উপৰ॥
পতন হৈলেক সিতো জনৰ বিদিত।
অক্ষয় স্বৰগ সুখ ভৈল উপস্থিত॥

সিতো দুইৰ চৰণৰ ধুলা যাবদেক,
আপোন মস্তকে ধৰে ভাৱ পৰতেক॥
প্ৰত্যেকে ধূলাৰ মালে স্বৰ্গ ভুবনত॥
পূজিত হৱয় সুত জানিবা নিয়ত॥