সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দৰঙ্গৰাজবংশাৱলী ৷

সন্ধি বিগ্ৰহক মিত্ৰলাভ সুহৃদ্‌ভেদ।
মন্ত্ৰণ জানয় সিদ্ধান্তৰ পৰিচ্ছেদ॥
লঘুহস্ত জিতাক্ষৰ জানে শৌচাচাৰ।
হেনয় লক্ষণ যুক্ত ৰাজমজিন্দাৰ॥১৯০॥

নৃপৰ চাৰৰ শুনা লক্ষণ যেনয়।
ইঙ্গিততে বুদ্ধি মন তত্ত্বক বুজয়॥
মহা বলৱন্ত ভেশধাৰী প্ৰিয়বাদী।
সত্যতেসে প্ৰৱৰ্ত্তয় নহে অপ্ৰমাদী॥

যি দেশত যেহি কাৰ্য্য হৱে উপগত।
নিশেষ জনাই গৈয়া ৰাজাৰ আগত॥
হেনয় লক্ষণ চাৰ আনেক আছয়।
সংক্ষেপে কহিলোঁ পদ বাহুল্যক ভয়॥

দ্বাৰীৰ লক্ষণ কহে হৱে যেন মত।
অহোৰাত্ৰে নিবাস কৰয় দুৱাৰত॥
পৰম ধাৰ্ম্মিক শৌচাচাৰে সদা ৰতি।
নৃপতিৰ হিতক বাঞ্ছয় প্ৰতিনিতি॥

সুখ দুখ প্ৰাণীৰ বুজয় নিৰন্তৰ।
নৃপৰ আগত গৈয়া কহে পূৰ্ব্বাপৰ॥
বিদেশৰ দূতগণ দ্বাৰে উপস্থিত।
তাৰ তত্ত্ব বুদ্ধি গৈয়া কহে নৃপতিত॥

ইসবক আজ্ঞা কৰি শিৱৰ নন্দন।
বিষয়া পাতিবে প্ৰতি কৰিলন্ত মন॥
ধৰ্মিষ্ঠ নীতিজ্ঞ বুদ্ধি বলৱন্ত চাই।
যুদ্ধত প্ৰপন্ন সংগ্ৰামক আগুৱাই॥