দুৰ্বাক্য বুলিলে নানা, তথাপি সহিলে।
সেস কালে জেনে দুখ দিলে দুষ্ট লোকে,
মৰ্ত্যলোকে বুজিবাৰ নোআৰে ত্ৰিলোকে,
কাঠৰ ওপৰে বধিলেক প্ৰেমাধাৰ,
তেতিখ্যনে ভৈল সুজ অতি অন্ধকাৰ ,
দুই প্ৰহৰৰ পাচে তেজি প্ৰভু প্ৰান,
তাক দেখি সত্ৰুগনে ভয়ে কম্পমান।
অনন্তৰে ত্ৰিতিয় দিনতে মিত্যু জিনি
দেখা দিলে ভকতক চমত্কাৰ শুনি ,
সিন্যৰ সহিতে থাকি দিন দুই কু্ৰি
ধৰ্ম বাক্য সিখ্যা দিলে সঙ্গে ফুৰি ফুৰি।
বলে প্ৰভু ভকতক, সুনা প্ৰিয়গন,
দয়াময় দিনবন্ধু গম্ভিৰ বচন,
জগতৰ মাজে জত হাচে নাৰি নৰ,
সুভ সম্বাদৰ বাক্য কৰিবা প্ৰচাৰ,
ইহাতে জন্মিব জাৰ বিস্বাস নিচয়,
অনন্ত জিৱন পাব, নাহি আৰ খ্যই,
কিন্তু মোত জি সবে বিস্বাস নকৰিব,
ঘোৰ নৰকত পৰি জাতনা ভুঞ্জিব।
এই বুলি ভকতক দিলে আসিবাদ,
স্বৰ্গে গৈল স্বৰ্গনাথ কহিয়া সম্বাদ।
স্বৰ্গ পুৰি ৰাজ্য মধ্যে জৌতি সিংহাসনে
বসতি কৰিচে প্ৰভু সদা সবখ্যনে।
এই সব বিবৰনে জানিবা নিচই,
ইস্বৰৰ প্ৰপুত্ৰ যিচু নাহিকে সংসই ,
তেওঁহে আৰু মুক্তিদাতা জগতৰ পতি,
ত্ৰান অৰ্থে দিলে প্ৰান অগতিৰ গতি,
মনুষ্যৰ পাপ দেখা পৰ্বত সমান,
জাৰ প্ৰাচিতৰ হেতু দিলে নিজ প্ৰান।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
প্ৰভু য়িচু খ্ৰীষ্টৰ অৱতাৰ বিবৰন
![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1e/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v3p1.djvu/page159-989px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v3p1.djvu.jpg)