সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯৩
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

সকল অঙ্গৰ লোম শিহৰিলা অতিশয়,
 নিঝৰয় হৰিষে লোতক।
আত অনন্তৰে শৈল পুৰোহিত সমে ৰঙ্গে,
 বৰিলন্ত আনন্দে শিৱক॥
সুগন্ধ চন্দন বস্ত্ৰ পাদ্য অৰ্ঘ্য আচমন,
 মধুপৰ্ক বিধিৱতে।
পাচে কন্যা সম্প্ৰদান বেদ মন্ত্ৰে কৰিলন্ত,
 শিৱহাতে দিলা বেদ মতে॥
অনেক যৌতুক দিলা ধনৰত্ন উৎসৰ্গিয়া,
 লক্ষে লক্ষে গৰু পালে পালে।
সহস্ৰেক লক্ষ হস্তী অসংখ্য ঘোটক দিলা,
 লক্ষ দাসী দিলা আতি ভালে॥
যতেক দিলন্ত দাস সালঙ্কৃত কৰি বেশ,
 আৰু দিলা ৰত্ন অসংখ্যাত।
যতেক দিলন্ত ধন ততেক যে নকহিলোঁ,
 কিছোমান কহিলো তোমাত॥
পাচে মহাদেৱে ৰঙ্গে হস্ত পাতি স্বস্তি বুলি,
 পাৰ্ব্বতীক গ্ৰহণ কৰিলা।
যত দিলা ধনৰত্ন স্বস্তি বুলি জটাধৰে,
 সবহাঙ্কে ৰঙ্গে আগ্ৰহিলা॥
শুনা সবে সভাসদ ব্ৰহ্মবৈৱৰ্ত্তৰ পদ,
 কিছু আত হেলা নকৰিবা।
যত পূৰ্ব্ব কথা চয় সম্যকে অমৃতময়,
 সিতো সমস্তৰে তত্ত্ব পাইবা॥
তেৰে হৰি ভকতিত বাঢ়িবেক আতি চিত,
 পাইবা সুখে সংসাৰৰ পাৰ।
তেজি সবে আন কাম ডাকি বোলা ৰাম ৰাম,
 নাম বিনে গতি নাহি আৰ॥