সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৬
অসমীয়া সাহিত্যৰ চানেকি।

পদ

সঞ্জয় বদতি পাছে শুনা নৰেশ্বৰ।
কুৰু পাণ্ডৱৰ যেন যুদ্ধ ভয়ঙ্কৰ॥
আপোন প্ৰজাৰ ভয় দেখি মদ্ৰেশ্বৰ।
সাৰথিক চায়া পাচে দিলন্ত উত্তৰ॥

জয়দ্ৰথ যুধিষ্ঠিৰ ৰাজা বিদ্যমানে।
আগ পাচে বীৰগণে লগতেও গণে॥
ধবল ছত্ৰক যাৰ মাথে আছে ধৰি।
তান সমীপক ৰথ বাহা শীঘ্ৰকৰি॥

দেখিয়ো সাৰথি আজি মোৰ ভুজবল।
মোৰ আগে কোন বস্তু পাণ্ডৱ সকল॥
শল্যৰ বচন শুনি সাৰথি ত্বৰিত।
চপাইলেক ৰথ যুধিষ্ঠিৰ সমীপত॥

শল্যে খেদি আসে পাণ্ডবৰ সেনাগণ।
নিৰ্ভয়ে ধৰিলা হাতে ধৰি ধনুৰ্ব্বান॥
যুদ্ধক সমুখে ধাইল ৰাজা মদ্ৰেশ্বৰ।
ফিৰি পাতিলেক পাণ্ডুগণ নিৰন্তৰ॥

পূণ্যবীৰ গণ হিলেক বেহু মুখে।
নকুলে বুলিলা চিত্ৰসেনক সম্মুখে॥
পৰম সুন্দৰ দুয়ো সমৰে নিপুণ।
দুইক দুই শৰগণ প্ৰহাৰে দাৰুণ॥

পুনু চিত্ৰসেনে শনাইত তিনি বাণ।
নকুলৰ ললাটত বিন্ধিল সন্ধান॥
আৰ তিনি বাণে সাৰথিৰ লৈলা প্ৰাণ।
তিনি বাণে ধ্বজক কৰিলা সাত খান॥