সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১০
অসমীয়া সাহিত্যৰ চানেকি।

মুকুন্দে পঢ়য় পদ খনো জয়ৰামে।
দ্বাৰকায়ো খনো জগন্নাথে পঢ়ে ক্ৰমে॥
ভাগৱত বক্তা একজন থিত নাই।
বহু কন্দলিয়ে একবাৰ পঢ়ি যাই॥
খনো খাৰকটাগ্ৰামে খনো চতাৰিত।
খনো কানিপোড়া খনো ধোবাচুবুৰিত॥
খনো বনবাসে খনো ঢাপৰ গ্ৰামত।
খনো দিফলুত খনো অভয়পুৰত॥
খনো নাবমৰা গ্ৰামে খনো বৰাহিত।
খনো কলাবাড়ি খনো কাহিযে কুঞ্চিত॥
ইসব থানত থাকা সত্ৰক কৰিয়া।
পলৰীয়া থান বহু নকহো লেখিয়া॥
তাহাতে থাকন্ত যদি শুনন্ত নিৰ্ভয়।
তেবেসে বৈষ্ণৱ মানে সঙ্গত বঞ্চয়॥
যেহি দিনা শুনে খলে কহিছে ৰাজাত।
সিদিনা পলান্ত সবে নেদেখি তথাত॥
যেন সৰোবৰে বহু ৰাজহংস থাকে।
ঝাত কৰি উড়ি গৈলে নেদেখিয় তাকে॥
পক্ষ মাস ভৈলে পুনু হোৱে এক ঠাই।
থাকয় আনন্দে পুনু হৰি গুণ গাই॥
যেন বৰিষাত সূৰ্য্যে মেঘৰ নিমিত্তে।
খনো প্ৰকাশয় খনো নেদেখি সাম্প্ৰতে॥
যেন সূৰ্য্য উদয়ত সবাৰ আনন্দ।
মেয়ে চ্ছন্ন কৰিলে মানয় দিন মন্দ॥
ভক্ত সমে গোপাল যে সূৰ্য্য উদয়ত।
নৰ নাৰী প্ৰজা আসে যাৱে আনন্দ॥
ৰাজভয় মেঘত পলান্ত যেতিক্ষণ।
নিৰানন্দ প্ৰজাৰ নেদেখি দুঃখ মন॥
দ্বাদশ থানত কথা আছয় বিস্তৰ।
তাহাক নকহি পদ হোৱে বহুতৰ॥