মাধৱে পুছিলা পাছে কৰযোৰ কৰি।
বৃথা দুঃখ পাৱে কাম্য কৰ্ম্মক আচৰি॥
কোন কৰ্ম্ম তৰিবেক ঘেৰ সংসাৰত।
ইহাৰ উপায় আবে কহিয়ো সাম্প্ৰত॥
শঙ্কৰে বেলন্ত মাধৱৰ মুখ চাই।
ভকতিৰ সাধন সৎসঙ্গ বিনে নাই॥
ভাগৱতী নিৰ্গুণাৰ পৃথক সাধন।
সংসৰ্গ ভক্তিৰ কথা শুনা দিয়া মন॥
প্ৰথমতে মহন্তৰ শুশ্ৰূষা কৰিবেক।
শুদ্ধভাৱে দেখি তান কৃপা মিলিবেক॥
কহিবন্ত ধৰ্ম্ম ধৰিবন্ত শুদ্ধ মতি।
হৰি কথা শ্ৰৱণত উপজিব ৰতি॥
কৃষ্ণত হৈবেক প্ৰেম দৃঢ় ভক্তি জাত।
দেহ ব্যতিৰেকে আত্মা জানিবা সাক্ষাত॥
কৃষ্ণৰ পৰম কৃপা হৈবে তাক প্ৰতি।
সৰ্ব্বজ্ঞতা আদি গুণ মিলিৰে সম্প্ৰতি॥
সংসাৰক তৰিবাক যাৰ আছে মন।
প্ৰথমে কৰোক সাধু-সেৱাক যতন॥
গুৰুসেৱাতেসে পাই ভকতি মুকুতি।
অন্যথা নপাৱে ইতো কহিলো যুকুতি॥
অসংখ্যাত সাংখ্য শ্লোক মাধৱে তুলিলা।
শঙ্কৰে শাস্ত্ৰক দেখাই সকলে খণ্ডিলা॥
তিনি প্ৰহৰ মান দুয়ো বাদ কৰিলন্ত।
ৰাম ৰাম মুখ্য কৰি সকলে আচন্ত॥
দুই হান্তৰ সংবাদ চাহিয়া ৰঙ্গমনে।
চাহিয়া আছন্ত সবে সভাসদ গণে॥
শঙ্কৰৰ পৌঢ়ি বাক্য শুনি মাধৱৰ।
গুচিল সংশয় যত আছিল মনৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৪৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪৭
শঙ্কৰ দেৱৰ জীৱন চৰিত্ৰ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page745-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)