গৌৰাঙ্গ ভাতিজ হয় খোড়ত নাৰায়ণ।
দেৱ দামোদৰক সেবিছে দুয়োজন॥
কতো দিন থাকি পাছে আজ্ঞা মাগি গৈলা।
নৌকা কিনিবাক গ্ৰামে গ্ৰামে পৰ্য্যটিলা॥
সল্ৰে সল্ৰে ভকতত থাকিয়া পুছয়।
ভাগৱত ভাগৱতী আছে নাহিকয়॥
আছে বুলি দেৱ পাছে পদ সে পঢ়য়।
ভাগৱত বুলি সেহি পদক শুনয়॥
পদ পাঠকক ভাগৱতী বুলি কয়।
ভাগৱত ভাগৱতী দুয়ো নাহিকয়॥
গীতা ৰত্নাৱলী ৰত্নাকৰ ৰামায়ণ।
ঘোষা ভক্তিসাৰ মোক্ষ নিৰ্ণয় কীৰ্ত্তন॥
আনো যি পুস্তক মাত্ৰ দেখে যেতিক্ষণ।
সমস্তকে ভাগৱত বোলে সৰ্ব্বজন॥
মাস চাৰি বিচাৰি আনন্তা নপাইলেক।
পুনু আসি দেৱ গোপালত কহিলেক॥
স্নানক কৰিছে আন লোক নাহিকয়।
দণ্ডৱতে প্ৰণামিয়া বুলিলা বিনয়॥
কিছোমান বাক্য প্ৰভু বুলিবাক চাওঁ।
নজানো বা কিবা কোপ প্ৰসাদ বা পাওঁ॥
সূৰ্য্য সম প্ৰকাশক মহাভাগৱত।
দেৱৰ সদৃশ কোন আছে ইদেশত॥
কিন্তু এক খানি কথা দেখিছোঁ দেৱত।
কিসক নমানে দেবে শ্ৰীভাগৱত॥
শুনি দেবে দুঃখ মনে বুলিলা বচন।
ভাগৱত নমানিছোঁ বোলয় কেমন॥
পৰম সাদৰে মই শুনো ভাগৱত।
কেনে অবমান ভৈল কহিৱো সাম্প্ৰত॥
শুনি নাৰায়ণে প্ৰেমে দিলন্ত উত্তৰ।
শুনিয়োক যেন মতে ভৈল অনাদৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৯
বংশীগোপাল চৰিত্ৰ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page717-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)