সেই কৰিব তোৰ প্ৰতিমা নিৰ্ম্মান।
কালি তোৰ সভাতে যে কৰিব প্ৰস্থান॥
স্বপ্নত কহিলা নাথ এই উপদেশ।
নিদ্ৰাহন্তে উঠি ৰাজা হৰিষ বিশেষ॥
সানন্দ হইল ৰাজা দেখিয়া সপন।
স্বৰূপে প্ৰসন্ন ভৈলা নাগ নিৰঞ্জন॥
ততক্ষণে হৈলা তেবে ৰজনী প্ৰভাত।
পূৰ্ব্ব আহ্নিক ক্ৰিয়া কৰিল নৰনাথ॥
সভা আসি নৰপতি তখনে বসিল।
পাত্ৰ মন্ত্ৰিগণ যত আসিয়া মিলিল॥
অনুক্ষণ নৰপতি কৰয় চিন্তন।
আসম্বিত উপস্থিত বৃদ্ধ ব্ৰাহ্মণ॥
বৃদ্ধ ব্ৰাহ্মণ হৈয়া আইলা বিশ্বকৰ্ম্ম।
কপতে লগুৰ হাতে অঙ্গে শুস্ক চৰ্ম্ম॥
যেই থানে সভাতে বসিছে মহাৰাজ।
সেই থানে বৃদ্ধ দ্বিজ গৈলা সভামাজ।।
ব্ৰাহ্মণ দেখিয়া ৰাজা কৰিল প্ৰণতি।
আশিৰ্ব্বাদ কৰিয়া বসিলা মহামতি॥
তবে ৰাজা বোলয় ব্ৰাহ্মণ মহাশয়।
কোন হেতু তুমি মোৰ আইলা নিলয়॥
এই কথা দ্বিজবৰ কৰহ প্ৰকাশ।
ইহাক শুনিতে মোৰ বৰ অভিলাষ॥
তবে দ্বিজবৰে বোলে শুনহ ৰাজন।
মূৰ্ত্তিকাৰ হেন আমাক জানিয়ো ব্ৰাহ্মণ॥
তুমি যে প্ৰতিমা ৰাজা কৰিবা নিৰ্ম্মান।
হেন শুনি আইলো তোমাৰ বিদ্যমান॥
এই দাৰু প্ৰতিমাক নিৰ্ম্মান কৰিবো।
তোমাৰ হন্তে ধন পাই আপোনা পুষিবো॥
এই যদি মহাশয় তোমাৰ মনে লয়।
অখনে এই কৰ্ম্ম কৰ মহাশয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৯৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৬
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page594-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)