পৰম অধম আৰ নাহি তাত পৰে।
জানিবা আপুনি আত্বঘাত কৰি মৰে॥
সি সবৰ মত মানে নধৰি মনত।
কৰা পূজা কৃষ্ণৰ অভয় চৰণত॥
সৰ্ব্ব ভূত আত্মভেদ শূন্য ভগৱন্ত।
আহাঙ্ক পৃজিলে ফল হৈবে অপৰ্য্যন্ত॥
কৃষক বৰ্ণান্তে চিত্ত কৃষ্ণতে মজিল।
পৰম ঈশ্বৰ তান জ্ঞান উপজিল॥
সাম্প্ৰতে দেখন্ত জগতকে কৃষ্ণময়।
এড়িলেক মায়া ভৈল প্ৰসন্ন হৃদয়॥
পৰম আনন্দে নয়নৰ বহে নীৰ।
প্ৰেমৰ বেগত ভৈল পুলক শৰীৰ॥
নকৰন্ত কাহাকো কটাক্ষ লয়লেশ।
উৰ্দ্ধবাহু হুইয়া বীৰে বল্কিলা অশেষ॥
আনন্দৰ ভবে পাছে মৌন হুইয়া ৰৈল।
শুনি সভাসদৰ আনন্দ আতি ভৈল॥
ব্ৰহ্মা হৰ আদি কৰি যতেক আছন্ত।
সহদেৱ মহন্তক সবে প্ৰশংসন্ত॥
সাধু সাধু সহদেৱ পণ্ডিত উত্তম।
নাহি সৰ্ব্বজান জগততে তুমি সম॥
বুদ্ধিহীন আমি যত সমস্তে অজ্ঞান।
তুমিসি সবাক মহাজ্ঞান দিলা দান॥
কোটি কোটি ব্ৰহ্মাণ্ডৰ কৃষ্ণসে ঈশ্বৰ।
আহানে অধীন আমি যত চৰাচৰ॥
হেন ঈশ্বৰকো নুৱাৰিলোঁ তৰ্কিবাক।
তুমিসি কৰিলা আজি উদ্ধাৰ আহ্মাক॥
আজি যেবে সবে আমি তোহ্মাক নপাওঁ।
অজ্ঞান সাগৰ মাঝে পড়ি তল যাওঁ॥
পৰম ঈশ্বৰ জ্ঞান নৌকা দিয়া দান।
তুমিসি কৰিলা সমস্তকে পৰিত্ৰাণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
ৰাজসূয়।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page291-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)