সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
অসমীয়া সাহিত্যৰ চানেকি।

সবাবো মনক তুবি দান ববিষিল।
মহা দবিদ্ৰকো আদৰিদ্ৰ কৰি দিল॥
বাৰিষা কালৰ যেন মহা মেঘচয়।
পৃথিবীক ঢাকি দিনে ৰাতি বিবিষয়॥
সেহিমতে অবিচ্ছেদে ববিষিল দান।
সমস্তে লোকক বনে কবিলন্ত বান॥
নাহি পৰিমিত দান দিলন্ত যতেক।
নিতে নুৱাবিল শত ভাগবো ভাগেক॥
যুধিষ্ঠিব নৃপতিৰ অসংখ্য ভাণ্ডাৰ।
পাইয়া আছে দুৰ্য্যোধনে তাৰ অধিকাৰ॥
দেই দান মহাদানী বৰিসুত কৰ্ণ।
পাণ্ডব সবৰ মহাবৈৰী দুই ও জন॥
ধনৰ বিভৱ দেখি মহা বিপৰীত।
বৈব ভাবে দগধ কৰয় দুইৰো চিত্ত॥
এগুণৰ ঠাইত শত গুণ কৰে হানি।
তথাপিতো নুটুটে নদীৰ যেন পানী॥
দেবাসুৰ নৰ নাগ যতেক আসিল।
নিৰন্তৰে লোকে হেন মহত মানিল॥
ইমত যজ্ঞক নতো দেখি নতো শুনি।
যাহাত মাধৱ পৰিচাৰক আপুনি॥
সুসম্পন্ন যজ্ঞ কিনো কৃষ্ণৰ দাসৰ।
বৈল যশ জগতত চন্দ্ৰ দিবাকৰ॥
এহিমতে যজ্ঞক জগতে প্ৰশংসিল।
শুনা যেন মতে আবো আশ্চৰ্য্য মিলিল॥
যজ্ঞৰ নিয়ম যত কৰি সমাপত।
সোমলতামৃত পান কৰে, যিদিনত॥
যথা যোগ্য সিদিনাৰ কৰ্ম্মক সংহৰি।
ঋত্বিজ সবাকো সাৱধানে পূজা কৰি॥
তানন্তৰে সমজাত ভৈলা উপস্থিত।
সমাজ দেখিয়া বড় ভৈল ভয় ভীত॥