সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৭
ৰাজসূয়।

ময়ুৰত চড়ি কাৰ্ত্তিক আসিলা
 মুযযানে গণপতি।
নন্দী আদি কৰি  যত ভূতগণ
 আসিল মনে তৃপিতি॥
ত্ৰিদশে সহিতে ঐৰাৱত কন্ধে
 আসিলন্ত পুৰন্দৰ।
অপেস্বৰা গণ গন্ধৰ্ব্ব চাৰণ
 সিদ্ধ মুনি বিদ্যাধৰ॥
মহিষত চড়ি আসিলন্ত যম
 মৃগত চড়ি পৱন।
পুষ্পক বিমানে কুবেৰ আসিলা
 সঙ্গে যত যক্ষ গণ॥
ছাগলত চড়ি অগনি আসিলা
 হোম ভোগ অভিলাষী।
সপত তুৰঙ্গে আসিলন্ত সূৰ্য্য
 শশা যানে আইলা শশী॥
আনো আনো যত আইলা গ্ৰহগণ
 চড়িয়া নিজ বিমানে।
একাদশ ৰুদ্ৰ সাধ্য অষ্টবসু
 অসিলা যজ্ঞৰ থানে॥
দশোদিশে যত আসিল সমস্ত
 যক্ষ ৰক্ষ দেৱ ৰাশি।
পাণ্ডব ৰাজাৰ সভাত সবেও
 একত্ৰ ভৈলন্ত আসি॥
মকবৃত চড়ি বৰুণ আসিলা
 নিঋতি নিজ বিমানে।
পাতালৰ পৰা বাসুকি আসিলা
 আনো নাগগণ মানে॥