সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
অসমীয়া সাহিত্যৰ চানেকি।

পৰকো পৰম তাপ দেই প্ৰতিনিত।
জ্ঞান বিৰকতি তান নাহিকে কিঞ্চিত॥
সম দম আদি ব্ৰহ্মচৰ্য্য ধৰ্ম্ম যত।
নাহি আন পূণ্য তপ জপ তীৰ্থ ব্ৰত॥
চিত্তক নিৰ্ম্মল আতি কৰে যিতো কৰ্ম্মে।
পৰম তত্ত্বক জনাৱয় যিতো ধৰ্ম্মে॥
সিতো ধৰ্ম্ম কৰ্ম্ম জানা সমস্তে বৰ্জ্জি্ত।
বিষয়ৰ চিন্তাত মলিন মহা চিত॥
কেৱলে চিত্তত কৰি বিষ্ণুক নিশ্চয়।
তান নাম ব্যক্তে মাত্ৰ কীৰ্ত্তন কৰয়॥
হেনয় মনুষ্যে সুখে পাৱে যেন গতি।
সমস্তে ধৰ্মীক তাকো নপাৱে সম্প্ৰতি॥
এতেকে পাৰ্ব্বতী তুমি জানা নিষ্ঠ কৰি।
নাহি ধৰ্ম্ম বিষ্ণু নাম কীৰ্ত্তনক সৰি॥
এহি মানে খৈলো মহেশ্বৰ বচনক।
জানি সৰ্ব্বজনে লৈয়ো কৃষ্ণ নামক॥
পুনুৰপি শুনা হৰি নামৰ মহত।
কহিয়া আছন্ত যেন বিষ্ণু পুৰাণত॥
পৰাশৰে কহিয়া আছন্ত মৈত্ৰে যত।
মাধৱৰ নামৰ মহিমা যেন মত॥
হৰি নাম গাওঁ হেন নাহিকে মনত।
কৰে কৃষ্ণ নামক কীৰ্ত্তন অজ্ঞানত॥
তথাপি সমস্তে পাপ ছাড়ে পুৰুষক।
তেতিক্ষণে পলাই যাই দূৰতো দূৰক॥
সিংহ হন্তে ত্ৰাস হুয়া যেন মৃগগণে।
পলাই গৈয়া লৱড়িয়া পশে ঘোৰ বনে॥
সমস্তে কালত হৰি নাম বিনা আন।
নাহি গতি তথাপিতো কলিত প্ৰধান॥
সত্য যুগে যোগী সবে ধৰিয়া সমাধি।
যেন মতে ফল পাৱে কৃষ্ণ কথাৰাধি॥