যেন তিনি গুনময় জগত যতেক।
নিৰ্গুণ পুৰুষ তাতে প্ৰকাশে প্ৰত্যেক॥
চন্দ্ৰ জ্যোতি প্ৰকাশিত যিটো মেঘগন।
নজলন্ত চন্দ্ৰো সেহি মেঘে হুয়া ছন্ন॥
যেন যিতো চৈতন্যে প্ৰকাশে অহঙ্কাৰ।
সেহি অহঙ্কাৰে ঢাকে জ্যোতি জীৱাত্মাৰ॥
মেঘৰ সম্বাদে মিলে আনন্দ প্ৰচুৰ।
চালি কৰি নাচে আসি অনেক ময়ূৰ॥
যেন গৃহবাসী দুখে পৰম তাপিত।
হৰি ভকতক পাইলে শান্ত হোৱা চিত্ত॥
বৃক্ষ সব বৃষ্টিৰ শিকায়ে পিৱে জল।
মেলে ডাল পাত নিতে কৰে হলফল॥
যেন উপবাসে দেহা আছিল খিনাই।
হোৱে মহা পুষ্ট আতি ভুঞ্জিবাক পাই॥
কণ্টকে যুগুত সবোবৰৰ তীৰত।
তাতে বঞ্চে তথাপি চকোৱা পক্ষী যত॥
যেন গৃহবাস ঘোৰ দুখময় জানি।
তথাপি নছাৰে তাক দুৰাশয় প্ৰাণী॥
মূষল ধাৰায়ে বৃষ্টি কৰে মেঘ যত।
ভাগে আলি সব মহা বৃষ্টিৰ বেগত॥
যেন পাষণ্ডৰ বাদে মুহিয়া লোকক।
কলিযুগে ছন্ন কৰে বেদৰ পথক॥
বায়ুৱে চলাৱে চতুৰ্ভিতি ঠাই ঠাই।
বৰিষয়ে মেঘগণে পৰিছেদ নাই॥
যেন পুৰোহিতে কৰে বেদৰ বিধান।
দীন দৰিদ্ৰক দেই ৰাজা সবে দান॥
এহি মতে পৰম সমৃদ্ধি বৃন্দাবন।
সুপক্ক খাজুৰি জাম্ব ফলে সুশোভন॥
গৰু গোপগণে আছে চৌপাশে আবৰি।
ক্ৰীড়া কৰিবাক তাতে প্ৰবেশিলা হৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page22-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)