আগ বঢ়াইবাক প্ৰতি গৈলা নৰেশ্বৰ।
হৰিষে চলিলা বিশ্বামিত্ৰ মুনিবৰ॥
সীতা সমে ৰামচন্দ্ৰ যান্ত বিমানত।
ৰোহিণী সহিতে যেন চন্দ্ৰ আকাশত॥
দুৰ্ব্বাদল শ্যাম ৰাম দেৱৰ শৰীৰ।
সুবৰ্ণ গৌৰাঙ্গ তনু সীতা গোসানীৰ॥
দুইহস্তৰো ৰূপে দশো দিশ প্ৰকাশয়।
পথিক লোকৰ অতি মনক হৰয়॥
উৰ্দ্ধ মুখ হুয়া চাহি আছে সৰ্ব্বজনে।
যেন অমৃতক পান কৰয় নয়নে॥
নখণ্ডয় তৃপিতি চাহয় নেত্ৰ ভৰি।
ৰামৰ ৰূপক যেন পিয়ে চলু কৰি॥
জলকুম্ভ কাখে লৈয়া যুবতী সকলে।
ৰামৰ ৰূপক চাহি থাকে কৌতুহলে।
চিত্ৰৰ পুতলি যেন নভাষে নয়ন।
ৰামৰ সীতাৰ ৰূপে হৰিলোক মন॥
পৰম তৃপিতি হুয়া যত নাৰী নৰে।
ৰামক সীতাক প্ৰশংসয় নিৰন্তৰে॥
ধন্য ৰামচন্দ্ৰ ধন্য সীতা বৰ নাৰী।
দুইহন্তৰ পটন্তৰ দিবাক নপাৰি॥
পুৰুষ ৰতন ৰাম ত্ৰিভুবনে সাৰ।
নাহিকে সমান আন জানকী সীতাৰ॥
প্ৰৱন্ধে স্ৰজিলা বিধি দুইহানো ৰূপক।
ধন্য মাৱ বাপ তুলিলেক দুই জনক॥
এহি মতে প্ৰশংসয় পথিক সকলে।
দশৰথ ৰাজা চলি যান্ত কৌতুহলে॥
গৈলন্ত জনক কতোদূৰ আনন্দতে।
বুলি মাতি পলটাই পাঠাইলা দশৰথে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
ৰামায়ণ-আদিকাণ্ড
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page211-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)