সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
অসমীয়া সাহিত্যৰ চানেকি।

নানা গানে নানা ৰঙ্গ নানা কৌতুহলে।
নানা কুটিনাটি লোকে কৰয় সকলে॥
প্ৰজায়ে জুৰিল হাট ঘাট বাট মানে।
নানাবিধ ৰস মিলি আছে থানে থানে॥

সৰ্ব্বজান জনক নৃপতি মহামতি।
দেৱ পিতৃ কৰ্ম্ম যত কৰি সমাপতি॥
দ্বিজ কন্যাগণ মাতি আনিয়া সমস্ত।
মঙ্গল আচাৰ কৰাইলন্ত যত যত॥

লৌকিক বৈদিক ব্যৱহাৰ নিৰন্তৰ।
সমস্ত কৰাইলা ৰাজা বিধি বিদাম্বৰ॥
আয়তী সকলে কৰি মঙ্গল বিধান।
চাৰি বৰ চাৰি কন্যা কৰাইলন্ত স্নান॥

দিব্য বস্ত্ৰ অলঙ্কাৰে কৰাইলা ভূষণ।
হাতত দিলন্ত ফল কটাৰী দৰ্পণ॥
মেনকা সুন্দৰী মহাদই জনকৰ।
সঙ্গে লৈয়া দ্বিজ কন্যাগণ নিৰন্তৰ॥

সীতা সতী ঊৰ্ম্মিলা মাণ্ডৱী শ্ৰুতকীৰ্ত্তি।
চাৰিৰো মঙ্গল আচৰিলা ভিনি ভিনি॥
নানাবিধ বিভূষণে কৰাইলা বিভূষিত।
কপালে তিলক দিলা কৰি সুবাসিত॥

সিন্দুৰৰ মাঝে দিলা চন্দন ধৱল।
সবিচিত্ৰ কৰি দিলা নয়নে কাঁজল॥
কুশধ্বজ মহামতি নৃপতি জনক।
অৰ্চ্চিলন্ত বিধিৱতে চাৰি কুমাৰক॥

দিলন্ত চাৰিকো বিহা মণ্ডপৰ তলে।
চাৰিৰ প্ৰকাশে সভাখান আতি জলে॥
বিবাহৰ লগ্ন আসি ভৈল অনন্তৰে।
জানি পাছে হৰিষে জনক নৃপবৰে॥