সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
সীতা হৰণ।

অৱশেকে মই জানিবা খবৰ,
 কৰিবোহোঁ প্ৰতিকাৰ।
পুনৰপি তুমি হেন লঘু বোল,
 মোক নুবুলিবা আৰ॥
হেন শুনি পাছে মাৰীচে বোলয়,
 ৰাৱণৰ মন জানি।
কেনে নো বিধাতা জানকী সীতাক,
 তথা মিলাইলেক আনি॥
তোহোৰ ক্ষয়ৰ কাৰণেসে জানোঁ,
 সীতা উতপতি ভৈল।
সকলে ৰাক্ষস কুলৰ মাথাত,
 কালী দেবী পৰি গৈল॥
কমন মুগুৰ মন্ত্ৰীয়ে তোহোক,
 হেনয় বুদ্ধি দিলেক। .
তোক নসহিয়া কোনে হেন মতে,
 লঙ্কা পৰি দাইলেক॥
ৰাৱণ ৰজাৰ শ্ৰীসম্পত্তিক,
 দেখিতে কেনো নাপাৰে।
সেহিসে কাৰণে ৰামৰ হাতত,
 উপায় কৰিয়া মাৰে॥
আপোনাৰ মই কথাক কহওঁ,
 শুনিৱি ৰাজা ৰাবণ।
বলৰ গৰ্ব্বত পূৰ্ব্ব কালে মই
 গৈলো দণ্ডকাৰ বন॥
বাছিয়া অনেক ৰাক্ষস সেনাক,
 ভুলত কৰিয়া গৈলোঁ।
মহা মহা ঋষি সবক মাৰিয়া,
 ভুঞ্জিয়া তৃপিতি ভৈলোঁ॥

২৯