সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
অদ্ভুত ৰামায়ণ।

বিদ্যুৎ সদৃশ,  পাতালে পশিলা,
 পুৰ্ব্ববত ভূমি ভৈল।
আমাৰতো গুৰু,  যত সুখ ভোগ,
 মাতৃৰ লগতে গৈল॥ ১১১
যিটো সকলৰ,  মাতৃ নাহিকয়,
 জীবে লাগে তাৰ কিক।
সুখ ভোগ মানে,  গুছয় তাহাৰ,
 জীবনৰো ধিক ধিক॥
মাতৃয়ে যদ্যপি,  তিতা কেহা দেই,
 সিয়ো অমৃতৰ নয়।
আন জনে যদি,  পঞ্চামৃত দেই,
 সিটো হয় বিষময়॥ ১২
পৰৰ তনয়ে,  অল্পমান খাই,
 তাকে দেখে বহুতৰ।
আপুন তনয়ে,  বিস্তৰ খাইলেবো,
 তাহাকো দেখে তাকৰ॥
শৰীৰ পোষক,  মাতা সম নাই,
 ভাৰ্য্যাৰ সম তোষক।
বিদ্যা সম নাই,  শৰীৰ ভূষণ,
 চিন্তাৰ সম শোষক॥ ১১৩