সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
অদ্ভুত ৰামায়ণ।


ৰামৰ পাশক এতিক্ষণে চল তয়।
পাছতে যাইবোহোঁ‌ মই নাহিকে সংশয়॥
যি পথে আসিলো মই সি পথে চলিবোঁ‌।
ৰামক প্ৰণামি পুনু ইথানে আসিবোঁ‌॥৫৯১
মাৰুতি বোলয় ইতো বচন তোমাৰ।
পাথৰৰ ৰেখা হেন জানি আছোঁ‌ সাৰ॥
এতেকে থাকোক লৱ কুশো তব সঙ্গে।
একে লগে তিনি হন্তে যাইবা মনৰঙ্গে॥ ৫৯২
যেহি দিনা ময় অযোধ্যাক পাঁ‌ও যাই।
সেহি দিনা তোমাক দেখিবে লাগে আই॥
জানকী বোলন্ত ময় তোহোৰ পাছত।
সেহি দিনা সভা মাঝে হৈবোঁ‌হো বেকত॥৫৯৩
বুলিলোঁ‌ নিশ্চয়ে আত শঙ্কা নকৰিয়ো।
দিলোহোঁ‌ বিদায় তুমি এখনে চলিয়ো॥
শুনি মাকাতৰ ভৈল হৰিৰ মনত।
পড়ি প্ৰণামিলা গোঁ‌সানীৰ চৰণত॥২৯৪
কৰযোড়ে হনুমন্তে বুলিলন্ত বাক।
জন্মে জন্মে মাৱ দাস নেড়িবা আমাক॥
শ্ৰীৰামৰ দাস্যেৰত হোক মোৰ কায়া।
মুহিবাক নপাৰোক মোক তান মায়া॥ ৫৯৫
( ১৩ )