সমললৈ যাওক

পৃষ্ঠা:অনিমা গুহ.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্মল হৈ থাকে। হিংসা-দ্বেষ, ক্ষুদ্ৰতা-নীচতা আদি হৃদয়-মনক কলুষিত কৰা ত্ৰুটিবোৰ সেই নিৰ্মল হৃদয়ত প্ৰৱেশ কৰাত বাধা পায়। দৈনন্দিন জীৱনত আমি পাহৰি যাওঁ যে মৃত্যুই আমাৰ শেষ পৰিণতি। পাহৰি যাওঁ বাবে আমি যুদ্ধবিগ্ৰহত লিপ্ত হওঁ, হাইকাজিয়া কৰো। মৰামৰি, কটাকটি, মনোমালিন্য আদিয়ে জীৱনৰ শান্তি হৰণ কৰে। ইম্ফলত মৃত সৈনিকৰ সমাধিক্ষেত্ৰৰ প্ৰশান্ত পৰিবেশত বহু চিন্তাই জুমুৰি দি ধৰিছিল। কাৰ বাবে বিদেশৰ মাটিত শায়িত সৈনিকসকলৰ জীৱন বীণাৰ তাঁৰবোৰ অকালতে ছিগি গ'ল। প্ৰতিটো কবৰৰ ওপৰত আছে একোখনকৈ স্মৃতি ফলক।ফলকবোৰৰ ওপৰত খোদাই কৰা স্মৃতিলিপিবোৰ পঢ়ি বুকুত এক অসহনীয় বেদনা বোধ কৰিছিলো। কাৰ পুত্ৰ, কাৰ পিতৃ, কাৰ স্বামীয়ে ক'ৰ পৰা ক’লৈ আহি প্ৰাণ বিসৰ্জন দিলে। পৃথিৱী কেতিয়াবা যুদ্ধমুক্ত হ’বনে? তৃতীয় বিশ্বযুদ্ধ হয়তো নহ'ব কিয়নো বৰ্তমানে ছুপাৰপাৱাৰ নালাগে কম ক্ষমতাৱান দেশৰ হাততো এনে মাৰণাস্ত্ৰ আছে যে নিমিষতে বিশ্বখনক প্ৰাণীমুক্ত কৰা সম্ভৱ। কিন্তু যুদ্ধক সহজতে দমাব পৰা হয়তো সম্ভৱ নহ'ব। মানুহ জাতিটোৰ স্বভাৱেই জংগী।

 সমাধিক্ষেত্ৰত কবৰবোৰৰ কাষেৰে গৈ থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণা কৰিবলৈ পুনেলৈ অহা লিলিয়ানা নামৰ ছোৱালীজনীলৈ মনত পৰিছিল। ১৯৩৯ চনৰ পহিলা ছেপ্টেম্বৰৰ দিনা দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। লিলিয়ানা তেতিয়া মাতৃগৰ্ভত। আন বহুতো ডেকাৰ সৈতে লিলিয়ানাৰ দেউতাকক হিটলাৰৰ সেনাই গুলীয়াই মাৰে। কোনো দিনে দেউতাকক নেদেখা জীয়েকে তেজেৰে লুতুৰি-পুতুৰি হোৱা তেওঁৰ মোজাযোৰকে একমাত্ৰ স্মৃতি হিচাপে লগত লৈ ফুৰে। যুদ্ধৰ পাছত মানুহবোৰক শ্ৰদ্ধা জনাবলৈ ৰক্তাক্ত ঠাইডোখৰত গোলাপ ফুলৰ বাগিচা পাতিছে। লিলিয়ানাৰ দৰে আপোনজনক হেৰোৱাসকলে সেই বাগিচাৰ নিজানত বহি চকু পানী টোকে নীৰৱে। কেইবছৰমান আগতে সেইখন দেশ আকৌ যুদ্ধত বিধ্বস্ত হৈছিল। নাজানো গোলাপ বাগিচাখন অক্ষত অৱস্থাত আছে নে নাই।

 বৰ্তমানে মণিপুৰকে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই উগ্ৰবাদীৰ কৱলত। তাৰ লগত যুক্ত ৰাষ্ট্ৰসন্ত্ৰাস। পিছলৈ উভতি চাই ভাবো বৰ পলমকৈ হ'লেও দৰ্শন কৰি অহিলো এনে এখন ৰাজ্য য’ৰ নাগৰিকৰ সুৰুচিপূৰ্ণ প্ৰকৃতিৰ আৰু শিল্পবোধৰ উমান পাওঁ তেওঁলোকৰ নৃত্যগীতত, তাঁত শিল্পত, সাজ-পাৰত, হস্তশিল্পত আৰু দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰত। মণিপুৰী কপাহী আৰু ৰেচমী বস্ত্ৰ সম্ভাৰে বিশ্বৰ বজাৰত এখন আসন অধিকাৰ কৰিব পাৰিছে।

বাকীছোৱা জীৱন / ৩২৯