পৃষ্ঠা:অঙ্কুৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বসন্ত আহিলে অঙ্কুৰ। জক্‌ মক্‌ কৰি সৌৰভ সফুৰা মেলি, গুপুত ভাবেৰে জনোৱা প্ৰকৃতি হিয়াৰ আবেগ খুলি। দিব্য আভৰণ বিৰহী জনক তুমি হে হিয়াৰ মাজে, নঙঠা গছৰ দেখিলে দূৰত মুচ্চ, যোৱা' লাজে। তুমি প্ৰকৃতিৰ প্ৰণয় চাণেকী পবিত্ৰ ইয়াৰ মাজে শান্তিৰ সূষমা একমাত্ৰ আনি— নেদেখি তোমাত বাজে।