সম্ভৱতঃ/সম্ভৱতঃ

ৱিকিউৎসৰ পৰা
[ ৪৭ ]


সম্ভৱতঃ



সম্ভৱতঃ তেওঁ অহাৰ কথা আছিল। এই কথাটো মনত থকাৰ বাবেই মোৰ আজি ধুনীয়াকৈ সাজোন-কাচোন কৰিবলৈ মন গৈছে। কি ৰং ভাল পাইছিল তেওঁ? মনত পৰিও যেন মনত পৰিব খোজা নাই। নীলা? হালধীয়া?

 আইনাৰ সন্মুখত থিয় দিলোঁ। বিবৰ্ণ হৈ পৰা শৰীৰৰ ৰং লুকুৱাবলৈ নিশ্চয় পৰিধান কৰিব লাগিব ব্ৰাইট কালাৰৰ কিবা এটা। আলমাৰিৰ কাপোৰজাপৰ মাজৰ পৰা এজোৰ সাগৰ-নীলা চুৰিদাৰ উলিয়াই ল’লো। কাপোৰজোৰত গুলপীয়া ৰঙৰ মিহি এস্ত্ৰইডেৰি। কাপোৰসাজ পিন্ধি নিয়াৰিকৈ চুলিখিনি আঁচুৰি বাহিৰলৈ ওলাই আহিলোঁ।

 ....এসময়ত ক’ব নোৱৰাকৈয়ে গেটৰ সন্মুখ পালোঁহি। দুই এখন ৰিক্সা, স্কুটাৰ, গাড়ী আহিছে, গৈছে। মৰা সাপ এডালৰ দৰে নিশ্চল হৈ ৰাস্তাটো পৰি আছে। এনে ধৰণৰ নিৰ্লিপ্তি নিশ্চলতা মোৰ বাবে কষ্টকৰ।

 সকলোতে গতি থাকিব লাগে। একধৰণৰ প্ৰাণ- প্ৰৱাহ। সম্ভৱতঃ সেইবাবেই পাঁচ মহলাৰ খিৰিকীৰে বহুবাৰ জঁপিয়াব খুজিও মই ৰৈ গ’লো। তলৰ নিশ্চল পথটোত গতিশীল মানুহ আৰু যান-বাহনৰ মাজত নিশ্চল শ এটা হৈ মই পৰি থাকিম— তাৰ পাছত মোৰ মৃত্যু পৃথিৱীৰ বাবে হৈ পৰিব নিৰ্লিপ্তিৰে গ্ৰহণ কৰি লোৱা এটা সত্য মাত্ৰ— আনকি একান্ত আপোন মানুহখিনিৰ বাবেও মোৰ জীৱন হৈ উঠিব আলোড়নহীন এক স্মৃতি— না না৷ তাতকৈ বহু ভাল বেলকনিত বহি বাহিৰলৈ চাই ৰোৱাটো। এসময়ত ধূলিৰ তৰপৰ মাজত সেউজীয়া হেৰুৱাই পেলোৱা গছ- পাতবোৰকো আপোন যেন লাগে। ভালদৰে চালে শুকান বতাহৰ শূন্য বুকুতো একো একোটা ঢৌ দেখা যায়। তললৈ চালেতো কথাই নাই— মানুহ, গাড়ী, দোকান-পোহাৰ ৷ অথচ কিয় যে এই সকলো অতিক্ৰম কৰি মোৰ দৃষ্টি লিপিত খাই ধৰে মৰা সাপৰ দৰে ৰাস্তাটোত! তললৈ মই চাব নোৱাৰোঁ।

 তেওঁ আহিব। বহু কথা ক’বলগীয়া আছে মোৰ। মই জানো, কথাবোৰ তেওঁক কোৱাৰ পাছত মই আৰু একো ভাবিব নালাগে। মোৰ হৈ তেওঁ ভাবিব। কৰিবলগীয়াখিনি কৰিব। হয়তো তাৰ পিচতে ক্ৰমশঃ মই পুনৰ ভৰুণ হৈ [ ৪৮ ] উঠিম। এই যে প্ৰত্যেক নিশাতে বুকুত সোমাই থাকে এটা ভয়— মোৰ ডিঙিলৈ কাৰোবাৰ বলিষ্ঠ দুহাত নামি আহিব আৰু কৰ্কশ চেপাত এটা চটফটনিৰ সীমা অতিক্ৰম কৰি নিথৰ হৈ পৰিব মোৰ শৰীৰ— এই ভয়টো নোহোৱা হ’ব।

 আহ! কি অবাচীন পূৰ্ণতা আৰু স্পন্দনেৰে ঠন ধৰি উঠিব জীৱন তেতিয়া!

 কিচ্চেনলৈ গ’লোঁ। ফ্ৰিজৰপৰা মাংস উলিয়াই বৰ যতনেৰেএখন তৰকাৰী ৰান্ধিলোঁ। আটা মাৰি ফ্ৰিজত ভৰাই থ'লোঁ। তেওঁ আহিলে গৰমে গৰমে লুচি ভাজি দিম। বন্ধাকবি, কমলা, আঙুৰ, ধনিয়া আৰু তেঁতেলিৰ ৰসেৰে ধুনীয়াকৈ এখন ফ্ৰুট ছালাড কৰিম। বস্তুখিনি যতনাই থওঁতেই আদিত্য আহি ওলাল। মুখ-হাত ধুই কাপোৰ সলাই তেওঁ ডাইনিং ৰূমত বহিলহি।

 ‘চাহ দিয়া।’ আদিত্যই ক'লে।

 কিবা এটা গুণগুণাই মই লুচি বেলিবলৈ লাগিলোঁ।

 এই যে মোৰ কাষত বহি আছে আদিত্য — মোৰ স্বামী— তেওঁৰ উপস্থিতিয়ে মোৰ বুকুত তোলপাৰ লগাই থকা অপেক্ষাৰ আনন্দখিনি বিঘ্নিত কৰিব খুজিছে, মই আসৈ দিয়া নাই।

 ‘আজি বৰ খুচ দেখিছোঁ। কিবা ভাল খবৰ আছে?’ আদিত্যই সুদিলে

 মই একো নক’লোঁ। কেৱল হাঁহিলোঁ।

 মোৰ কিছুমান কেৱল আদিত্যই পূৰণ কৰিব পৰা চখৰ কথা কওঁতে এনেদৰেই হাঁহিছিল আদিত্যই। তেওঁৰ হাঁহিটো আছিল মোতকৈ বহুগুণে বেঁকা, বিৰক্তিৰে ভৰা আৰু উপহাসমূলক।

 মহানগৰীৰ যান্ত্ৰিক প্ৰাত্যহিকতাত উশাহ হেৰুৱাব খুজি তেওঁক বহুবাৰ কৈছিলোঁ— ‘ব’লানা ক’ৰবালৈ যাওঁ। য’ত শুদ্ধ বতাহ থাকিব। সেউজীয়া থাকিব।’

 ‘এনেবোৰ বিলাসিতাৰ বাবে মোৰ সময় নাই।’ তেওঁৰ স্পষ্ট জবাব।

 এদিন মোৰ নেৰানেপেৰা অনুৰোধত বিৰক্ত হৈ আদিত্যই কৈয়ে পেলালে সঁচা কথাষাৰ তেওঁৰ বেবেৰিবাং ব্যাখ্যাৰ আঁৰত থকা মূল কথাটো আছিল মোৰ দৰে বেছি স্ফূৰ্তি কৰিব নোৱৰা মানুহৰ সংগত উম নাই। এনে সংগীৰ সৈতে কোনো অচিনাকি ঠাইত প্ৰতিটো মুহূৰ্ত একেলগে থাকি এটা বা দুটা ৰাতি কটোৱাটো তেওঁৰ বাবে বিৰক্তিকৰ হ’ব।

 অথচ আমাৰ প্ৰেম-বিবাহ আছিল। মধুচন্দ্ৰিকাৰ বাবে আদিত্যৰ পছন্দ আছিল চিমলা। তেওঁৰ জেদৰ বাবেই ডিচেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাতো চিমলালৈ গৈছিলোঁ।

 পাৰ্বত্য প্ৰকৃতিৰ সৌম্য ৰূপ, একা-বেঁকা পাহাৰীয়া পথবোৰে ইমানকৈ আমাক মুগ্ধ কৰিছিল যে তাৰ ছমাহৰ পিচতে পুনৰ দাৰ্জিলিঙলৈ গৈছিলোঁ। তাৰ পিচতো যেতিয়া আজৰি পাইছোঁ— এটা বা দুটা ৰাতিৰ বাবেও ঢাপলি মেলিছোঁ শ্বিলং-চেৰাপুঞ্জীলৈ। এয়া বিয়াৰ পিচৰ প্ৰথম দুটা বছৰৰ কথা।

 ধূমায়িত কফিত শোহা দি হয়তো মই অন্যমনস্ক হৈ পৰিছিলোঁ। খাই উঠি আদিত্য কেতিয়া উঠি গ’ল মই গমেই নাপালোঁ।

 মোৰ ভাব হ’ল এখন গাড়ী যেন গেটত ৰৈছেহি। পঞ্চম মহলাৰ পৰাই যেন মই শুনিবলৈ পাইছোঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হোৱাৰ শব্দ। তেওঁ আহিল নেকি? তেওঁ— [ ৪৯ ]

 খৰধৰকৈ বেলকনিলৈ ওলাই আহি তললৈ চালোঁ। গেটৰ কাষত কোনো গাড়ী নাই।

 তেওঁ দেৰি কৰিছে নেকি বাৰু? হয়তো ট্ৰেফিক জামত ফঁচিছে। মহানগৰীত মানুহ, যান-বাহন বেছি হৈ অহাৰ লগে লগে পূৰণা পথবোৰ সৰু আৰু সংকীৰ্ণ হৈ গৈছে। ঠিক বীৰবলৰ সাধুটোৰ দৰে। সেই যে আকবৰে ৰেখা এডাল আঁকি ৰেখাডাল স্পৰ্শ নকৰাকৈ চুটি কৰি দিবলৈ কৈছিল আৰু বীৰবলে ৰেখাডালৰ কাষতে আন এডাল দীঘল ৰেখা আঁকি দিছিল! আপোনা-আপুনি চুটি হৈ গৈছে প্ৰথমৰ ৰেখাডাল!

 সেই সাধুৰ অভিপ্ৰেত সত্যটো কম-বেছি পৰিমাণে প্ৰযোজ্য হ’ব ধৰিছে মোৰ জীৱনতো। মই একে আছোঁ – আড়ম্বৰহীন, উদাস। কিছু পৰিমাণে জেদী, বিচ্ছিন্ন, বিষণ্ণ- –। কিন্তু আড়ম্বৰ আহিছে আদিত্যৰ জীৱনলৈ। সেয়েহে এসময়ত তেওঁৰ ভাল লগা মোৰ আড়ম্বৰহীন-উদাস ব্যক্তিত্ব অপৰিৱৰ্তিত হৈ থাকিলেও অতি সপ্ৰতিভ নন্দনাৰ সান্নিধ্যৰ উম পোৱা আদিত্যৰ বাবে সেয়া হৈ উঠিছে অসহ্যকৰ। গ্ৰাম্যতা।

 বতাহত ধূলি উৰিছে। দূৰৰ পাহাৰখন কি ধৰিছে ধূলিৰ একো একোটা উড়ন্ত জুমে! মোৰ ভাব হ’ল হয়তো ধূলিৰ পৰা বাচি বাবে তেওঁ ক’ৰবাত সোমাইছে।

 ভিতৰলৈ সোমাই মই দুৱাৰখন বন্ধ কৰি দিলোঁ। খিৰিকি, ভেন্টিলেটৰবোৰো জপাই দিলোঁ। পৰিপাটিকৈ থোৱা ঘৰটোৰ প্ৰতিটো কোণকে আকৰ্ষণীয় কৰি তুলিবলৈ মই যত্নৰ ত্ৰুটি কৰা নাই।

 হিন্দী গানৰ কলি এটা সুহুৰিয়াই হাতেৰে গাড়ীৰ চাবি পকাই ওলাই আহিছিল আদিত্য। ক’লা টি ছাৰ্ট আৰু বগা জিন্‌ছেৰে ভীষণ সুন্দৰ দেখাইছে তেওঁক।

 ‘কাম আছে। অলপ ওলাই যাম। আহোঁতে দেৰি হ’ব।' মোলৈ নোচোৱাকৈ আদিত্যই ওলাই যাওঁতে কৈ গ’ল।

 মই জানো, তেওঁ এতিয়া নন্দনাৰ ফ্লেটলৈ যাব। উভতি আহিব মাজনিশা। আনদিনাৰ দৰে আদিত্যৰ এই প্ৰাত্যহিকতাই মোক আজি বেদনাহত নকৰিলে।

 বৰঞ্চ ম‍ই উদ্‌গ্ৰীৱ হৈ থাকিলোঁ ফোন বজাৰ শব্দ শুনিবলৈ। অহাত পলম হলে নিশ্চয় মোক ফোন কৰি জনাব তেওঁ। সচাঁকৈয়ে খন্তেক পিছতো ফোনটো বাজি উঠিল। মই প্ৰায় দৌৰি গৈ ৰিচিভাৰটো তুলি ল’লোঁ।

 ‘হেল্লো— হেল্লো – কিমান দেৰি হ’ব আৰু? মই বাট চাই আছোঁ।’ অধৈৰ্য হৈ উঠিল নেকি মোৰ কণ্ঠ!

 ‘হেল্লো, হেল্লো— মই কৈছোঁ মানু—’

 আস! কাৰ মাত এয়া। তেওঁৰনে সঁচাকৈয়ে!

 ‘মানু, মায়ে কৈছোঁ। ধৰিব পৰা নাই? কি হৈছে তোৰ? মাতটো অদ্ভুত লাগিছে।’

 আস! কিমান দিনৰ মৰু ভ্ৰমণৰ পিছত যেন এজাক বৰষুণৰ স্পৰ্শ পাইছোঁ মই! কি অদ্ভূত মমতাময় মাৰ কণ্ঠ! যেন টিনপাতৰ ঘৰত বৰষুণৰ শব্দই এটি নিচুকনি গীতৰ সৃষ্টি কৰিছে আৰু নিবিড় শান্তি মোৰ চকুৰ পতা জাপ খাই আহিব ধৰিছে...

 ‘ভালে আছনে মানু? বহুদিন তোৰ খবৰ ল'ব পৰা নাই। ফোনৰ লাইন বেয়া আছিল। আদি কেনে আছে?’

[ ৫০ ]  ‘ভালে আছোঁ আমি মা।’

 ‘মোৰ তোলৈ বৰ চিন্তা হয় মানু। নিজৰ যত্ন ভালদৰে ল’বি। আদিক কথাবোৰ মৰমেৰে বুজাবি। খং-কাজিয়া কৰি মতা মানুহক বশ কৰিব পৰা নাযায়।’

 ‘নাই মা। কথাবোৰ ঠিক হৈ আহিছে। আমি ভালে আছোঁ। তুমি নিজৰ যত্ন ল’বা।...’

 অ’, আৰু এটা কথা এম ই স্কুলত পঢ়ি থাকোঁতে তুমি যে এবাৰ মোৰ কলম এটা মাইনাই চুৰ কৰা বুলি কওঁতে মিছা কথা কোৱা বুলি মোক বৰকৈ পিটিছিলা, মনত আছেনে মা, — মাইনা যে — বৰুৱা হেডছাৰৰ ছোৱালী, তুমি তেতিয়া আমাক ইংৰাজী পঢ়ুৱাইছিলা – মা, মই মিছা কথা কোৱা নাছিলোঁ। সঁচাকৈ তাই মোৰ কলমটো চুৰ কৰিছিল। সদায় মোৰ প্ৰিয় বস্তুবোৰ আনে কিয় চুৰ কৰি লৈ যায় মা?’

 ‘মানু, মানু... কি বকিছ এইবোৰ... ক’ৰ কলম, কেতিয়াৰ কথা— হে হৰি..’

 মাৰ মাতটো আকুল কান্দোন এটাৰ দৰে হৈ আহিল। কিন্তু, আজিৰ এই সময়খিনিত বিষাদ-গধূৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ মোৰ অলপো মন নাই। মাৰ সৈতে কথা পতাৰ ইচ্ছা থকা সত্ত্বেও মই ৰিচিভাৰটো থৈ দিলোঁ।

 খিৰিকী খুলি বাহিৰলৈ ভুমুকিয়াই চালোঁ। ধূলিৰ ধুমুহাৰ বেগ কিছু কমিছে। অৱশ্যে সকলোতে এটা স্পষ্ট ধূলিয়ৰি ভাব। কিন্তু, তেওঁ এতিয়া আহিব পাৰিব।

 ড্ৰয়িংৰূমৰ একাষত ৰঙা জবা ফুল আৰু নাৰিকল পাতৰ এটা পুষ্পসজ্জা আছিল হাতেৰে মোহাৰি চাই দেখিলোঁ ধূলিৰ একেবাৰে মিহি তৰপ এটাই ফুলৰ পাহি আৰু নাৰিকল পাতবোৰ ঢাকি ধৰিছে। ফুল-পাতবোৰ ভিজা কাপোৰ এখনেৰে খুব আলফুলকৈ পৰিষ্কাৰ কৰিলোঁ।

 এনেতে কলিংবেলৰ শব্দ শুনা গ’ল। মোৰ বুকুৰ ভিতৰত যেন একেলগে কেইবাটাও মন্দিৰৰ ঘণ্টা বাজি উঠিল। অৱশেষত তেওঁ আহি পালে। ঠিক এই মুহূৰ্তৰ পৰা নিশ্চল কথা কোৱা মৰা শ হোৱাৰ প্ৰক্ৰিয়া অভিমুখি মোৰ জীৱন সলনি হোৱাৰ কথা।

 দুৱাৰ খুলি মই হতভম্ব হ'লোঁ। দ্বিতীয় মহলাৰ তিনি নম্বৰ ফ্লেটত থকা অৰুণা বাইদেউ।

 সোমায়ে আৰম্ভ কৰিলে মানুহজনীয়ে—

 ‘ইচ ইচ। কি চেহেৰা কৰিছা মানসী। ইমানকৈ খীনাইনে মানুহ।’

 ‘..................’

 ‘আদিত্যই বোলে ডিভোৰ্চ বিচাৰিছে, নিদিবা নিদিবা। কি বুলি ভাবে এই মতা মানুহবোৰে আমাক। একেলগে কাম কৰা সেই লংপেণ্ট পিন্ধা পাখৰীজনীক আনিব হ’ব পায়!

 মোৰ কাণত একো সোমোৱা নাই। মই ‘তেওঁ’ৰ কথা ভাবিছোঁ। কিয়া ইমান পলম কৰিছে তেওঁ। এই যে সন্ধ্যা লাগি ভাগো ভাগো।

 অৰুণা চৌধুৰী নামৰ মস্ত শকত শ্লিভলেছ ব্লাউজ পিন্ধা মানুহজনী ছোফা এখনত আৰামকৈ বহি ল'লে। মোক কাষতে বহিবলৈ ইংগিত দি মন্ত্ৰণা দিয়াৰ ভংগীত ক’লে ‘মই তাবিজ দিয়া মানুহ এজনক জানো। দাদাৰা যে অৰুণা অৰুণা বুলি মোৰ পাছে পাছে ঘূৰি ফুৰে এনেয়ে বুলি ভাবিছা নেকি? তাবিজৰ কামাল বুজিছা – তাবিজ —। হাতীগাঁৱৰ……. [ ৫১ ]

 এইবাৰ মোৰ খং উঠিল। সম্ভাৱনাময় অপেক্ষাৰ এই সময়খিনিত মই নিজকে উবুৰিয়াই দিবলৈ বিচাৰিছিলোঁ। খুব পৰিছন্ন হৃদয়-মনেৰে ‘তেওঁ’ৰ মুখামুখি হোৱা ইচ্ছা আছিল মোৰ।

 কিন্তু, অৰুণা চৌধুৰীৰ মোক লৈ হোৱা চিন্তাৰ যেন অন্তই পৰিব নোখোজে।


 ‘তুমি হ’ল বুলিয়েই ইমান ভাল চাকৰিটো এৰি দিবা নালাগিছিল। চোৱাচোন এতিয়া এই মস্ত ফ্লেটটোৰ পৰা ওলাই গৈ তুমি বিধৱা মাৰাৰ দুকোঠলীয়া ঘৰটোত সোমাব লাগিব। কি যে কৰিবা...”

 ‘বাইদেউ, এতিয়া মোৰ এজন বিশেষ আলহী অহাৰ কথা আছে। আপুনি যাব নেকি —’ বৰ তীক্ষ্ণ অথচ নম্ৰ স্বৰেৰে মই ক’লোঁ।

 ‘আলহী? তোমাৰ দেখোন কোনো বন্ধু-বান্ধৱী নাই। মাৰাৰ বাদে পৰিয়ালৰ আন মানুহো কেতিয়াও অহা নাই। কোন আলহীনো??

 কঠোৰ সুৰেৰে কিবা এটা ক’বলৈ ধৰি মই থোতা-মোজা খালোঁ। এই যে, ‘তেওঁ’ৰ বাবে মোৰ আকুল অপেক্ষা- যি এক প্ৰতিশ্ৰুতি, এটি উৎসৱ হৈ আহিব লাগিছে— ‘কোন তেওঁ? মই মনত পেলাব পৰা নাই।

 কিন্তু, মোৰ ভাব হ’ল, লোকৰ কথাত মূৰ সুমুৱাই ফুৰা অৰুণা বাইদেৱে নিশ্চিতভাৱে এই অপেক্ষাৰ আনন্দখিনি ধূলিস্যাৎ কৰি পেলাব। আজি সন্ধ্যাৰ যি বিশেষ অতিথি ‘তেওঁ’ৰ সৈতে হ’বলগীয়া মোৰ নিবিড় আৰু বহু অপেক্ষাৰ শেষৰ আলাপ— সেয়া নিশ্চিতভাৱে বিঘ্নিত কৰি পেলাব এই মানুহজনীয়ে।

 এটা মুহূৰ্তত মই হাতেৰে ডাঙৰ ফুলদানি এটা দাঙি লৈ অৰুণা বাইদেউৰ মূৰত আঘাত কৰিলোঁ। সম্ভৱতঃ তেওঁৰ বাবে এই আঘাতটোতকৈও ডাঙৰ আছিল আশ্চৰ্যৰ আঘাত। দুচকু বিস্ফোৰিত কৰি মানুহজনী ছোফাতে কাটি হৈ পৰিল আৰু চেতনা হেৰুৱালে।

 এইবাৰ মই সন্তুষ্ট হ’লোঁ৷ ‘তেওঁ’ আহি মোৰ ড্ৰয়িংৰূমত চেতনাহীন মানুহ এজনী দেখিলে কি বুলি ভাবিব? অৰুণা বাইদেউৰ মূৰৰ ক্ষত স্থানৰ পৰা তেজৰ এটা স্ৰোত বৈ আহিছিল। ছোফাৰ কুশ্যনত যাতে তেজ নপৰে তাৰ বাবে মই তেওঁৰ মূৰটো মজিয়াৰ ফালে হাউলাই দিলোঁ। বগা মাৰ্বলৰ মজিয়াত তেজৰ ধাৰটোৱে অদ্ভূত নক্সা এটাৰ সৃষ্টি কৰিছিল। নক্সাটোৰ ফালে চাই মই কৰ্তব্য স্থিৰ কৰি পেলালোঁ—।

 খুব কষ্ট কৰি অৰুণা বাইদেউক মই ছোফাৰ পৰা মাটিলৈ নমালোঁ। যদিও মই তেওঁক বেডৰূমলৈ টানি নি বিছনাৰ তলত লুকুৱাব বিচাৰিছিলোঁ সেয়া সম্ভৱ হৈ নুঠিল। ভীষণ শকত মানুহজনীক টনাটো বৰ কঠিন কাম আছিল। অৱশেষত ড্ৰয়িংৰূমৰ একোণলৈ মানুহজনীক টানি নিবলৈ মই সক্ষম হ’লোঁ। ছোফা আৰু ডিভানখন টনা-টনি কৰি এনে এক অৱস্থানলৈ আনিলোঁ য’ৰ পৰা মানুহজনীৰি শৰীৰটো বহু পৰিমাণে ঢাক খাই যায়। এইবাৰ বেলকনিৰ পৰা দুটা ফুলৰ টাব আনি সম্পূৰ্ণৰূপে অৰুণা বাইদেউৰ চেতনাহীন দেহটো লুকুৱাই পেলালোঁ। এতিয়া ড্ৰয়িংৰূমৰ এখন দেৱালত গা লগাই ছোফাৰ আঁৰত যে মানুহ এজনী পৰি আছে সেয়া কোনোমতেই কোঠাটোত সোমাই ধৰিব পৰা নাযায়।

 মাৰ্বলৰ মজিয়াত পৰি ৰোৱা তেজৰ ধাৰটো ধুই পৰিষ্কাৰ কৰি মই পুনৰ এজনী নিৰ্জু [ ৫২ ] প্ৰকৃতিৰ মানুহ হৈ পৰিলোঁ।

 এইবাৰ বেলকনিলৈ ওলাই আহি দেখিলোঁ – ষ্ট্ৰিট লাইট জ্বলি উঠিছে। ভিৰ জমিছে দোকান-পোহাৰত।

 ‘তেওঁ’ এতিয়াও নাহিল। যদিহে তেওঁ নাহে! আস। কি এক ভয়ংকৰ সম্ভাৱনা!

 হঠাতে অৰুণা বাইদেউৰ প্ৰশ্নটো মোৰ মনলৈ আহিল — কোন তেওঁ? মই সজাগ হৈ ভাবিবলৈ আৰম্ভ কৰিলোঁ মোৰ ব্যাকুল প্ৰতীক্ষাৰ নায়কজনৰ কথা। কোন তেওঁ ক’ৰপৰা আহিব? একো মোৰ মনলৈ নাহিল।

 ‘তেওঁ’ বাৰু মোৰ দেউতা নেকি – যাৰ পোন, বলিষ্ঠ আঙুলিত ধৰি মই প্ৰথম খোজ কাঢ়িবলৈ শিকিছিলোঁ? যাৰ স্নেহ আৰু মমতাৰ অভেদ্য দুৰ্গৰ মই সুখী ৰাজকুমাৰী আছিলোঁ এদিন –? কিন্তু, তেওঁতো মৃত।

 নে বাস্তৱ ছাৰ যাৰ ওচৰত সততা আৰু নৈতিকতাৰ আদি পাঠ আওৰাইছিলোঁ, দেউতাৰ মৃত্যুৰ পিছত আকাশৰ অনুজ্জ্বল তৰা এটালৈ আঙুলিয়াই যি মোক আশাবাদে জীৱনক ধুনীয়া কৰাৰ কথা কৈছিল।

 নে তেওঁ তাহানিৰ আদিত্য – মোৰ সকলো শূন্যতাক আবৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়া মোৰ প্ৰথম আৰু শেষ প্ৰেমিক, যাৰ চকুত চকু থৈ স্বপ্নৰ চৈ দিয়া নাৱত উঠি মই গুচি যোৱাৰ কথা আছিল এখন ধুনীয়া দেশলৈ—

 নে ‘তেওঁ’ আন কোনোবা— চিনাকি অচিনাকি —।

 এসময়ত দোকান-পোহাৰবোৰ বন্ধ হৈ গ’ল। গাড়ী-মটৰৰ আহ-যাহ, মানুহৰ অহা- যোৱা সেৰেঙা হৈ পৰিল। ষ্ট্ৰিট লাইটৰ ৰহস্যময় পোহৰত নিশ্চল হৈ পৰি থাকিল পকী পথটো —।

 ঠিক এনে সময়তে বহুবাৰ এই বেলকনিত থিয় হৈ মই তৰা নোহোৱা ধূসৰ আকাশখনৰ সৈতে আত্মীয়তা গঢ়াৰ চেষ্টা কৰিছোঁ অথবা তললৈ জঁপিয়াই দিয়াৰ কথা ভাবিছোঁ। ভাবিছোঁ আৰু নিজকে সংকুচিত কৰি আনিছোঁ।

 আজিৰ কথা বেলেগ। ক্ৰমশঃ আন্ধাৰবোৰ গাঢ় হৈ আহিব। পথ হৈ পৰিব জনশূন্য। হয়তো এসময়ত আন্ধাৰো গলি যাব ...সোণালী হৈ উঠিল পূবাকাশ।

 নিশ্চিতভাৱে ইয়াতে ৰৈ অপেক্ষা কৰিম ‘তেওঁ’ৰ বাবে। নাহিবনে তেওঁ? আহিব। সম্ভৱতঃ ...।