সদস্য বাৰ্তা:Bishnu Saikia/সপ্তকাণ্ড ৰামায়ণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

কন্দলীৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড ক্ৰমে মাধৱদেৱে আৰু শংকৰদেৱে ৰচনা কৰিছিল । কন্দলীৰ ৰামায়ণখন পাচটা কাণ্ডহে পোৱাৰ কথা পোৱা গৈছে । কথা গুৰু চৰিত, মহেশ্বৰ নেওঁগৰ - শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱ কন্দলিৰ ৰামায়ণ- ঐতিহাসিক বিশ্লেষণাত্মক সমীক্ষা- শশী শৰ্মা, প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাঢ্জল ধাৰা - তিলক চন্দ্ৰ মজুমদাৰ প্ৰসংগ পুথিত এই বিষয়ে বিতংকৈ লিখা আছে । পণ্ডিত সকলৰ মতে বাল্মীকিৰ ৰামায়ণো দৰাচলতে পাঁচকাণ্ডযুক্তহে । সময়ৰ গতিত ই লিপিকাৰৰ হাতত পৰি সাতকাণ্ড যুক্ত হল । বাল্মীকিৰ ৰামায়ণত ৰামক অতি মানৱ ৰূপত দেখুৱা হোৱা নাই । পাছতহে ইয়াত ৰামৰ অলৌকিকতা সন্নিবিষ্ট হৈছে ।

কন্দলীৰ সপ্তকাণ্ড ৰামায়ণখনৰ আদি কাণ্ড আৰু উত্তৰা কাণ্ড নাই । কোনো পণ্ডিতৰ মতে বাল্মীকি ৰামায়ণৰো আদি আৰু উত্তৰা নাছিল, পাছতহে এই দুই কাণ্ড সংযোজিত হৈছে। এইলৈ পণ্ডিত সকলৰ মাজত মতভেদ থকা দেখা যায় । সেই সূত্ৰে কিছুমান পণ্ডিতে মাধৱ কণ্ডলীয়েও অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড,কিষ্কিণ্ডা কাণ্ড,সুন্দৰা কাণ্ড,লংকা কাণ্ড- এই পাঁচকাণ্ডহে ৰচনা কৰিছিল বুলি কব খোজে । কিন্তু কথা গুৰুচৰিতত উল্লেখ আছে যে কন্দলীৰ ৰামায়ণৰ আদি আৰু উত্তৰা নষ্ট হোৱা বাবে আদি কাণ্ড শ্ৰীমাধৱদেৱে আৰু উত্তৰা কাণ্ড শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণখন সম্পূৰ্ণ কৰে। Sarada Shrestha

পাণ্ডুলিপিৰ ছবি[সম্পাদনা কৰক]

নমস্কাৰ গীতাৰ্থ বৰদলৈ আৰু বিষ্ণু শইকীয়া ডাঙৰীয়া, ইয়াৰ বা আন মধ্যযুগৰ শেষৰ অসমীয়া অভিলেখ (যেনে বৰগীত)ৰ কোনো পৃষ্ঠাত আচল পাণ্ডুলিপিৰ ছবি যোগ কৰিব পৰা যাব নে? Msasag (talk) ১৩:২৪, ২৭ এপ্ৰিল ২০১৮ (IST)উত্তৰ দিয়ক