শিক্ষা-বিচাৰ/দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা
[ ৩৩ ]
 

দ্বিতীয় অধ্যায়

শিক্ষা-দানৰ অৰ্থ

ছাত্ৰ, বিষয় আৰু শিক্ষক   ১। সকলো ক্ৰিয়াতে তিনিটা অঙ্গ থাকে— কৰ্তা, কৰ্ম আৰু কৰণ। অনেক ঠাইত কোনোটাৰ উল্লেখ নাথাকে; কিন্তু তাৰ অস্তিত্ব সহজতে বুজা যায়। যেনে, মই ‘লিখিছোঁ’; ইয়াত মই কৰ্তা, ‘কথা’ কৰ্ম, আৰু কাগজ কলম- ইত্যাদি কৰণ বা যন্ত্ৰ, যাৰ সহায়ত মোৰ লিখন ক্ৰিয়া চলিছে।

  শিক্ষা-দান ক্ৰিয়াৰো এই তিনিটা অঙ্গ আছে। ইয়াৰ কৰ্তা শিক্ষক, কৰ্ম ছাত্ৰ, আৰু কৰণ বা যন্ত্ৰ বিষয়। প্ৰথমতে বিষয়ক কম-স্থানীয় যেন দেখা যায়; কিন্তু অলপ গমি চালেই পোৱা যাব যে শিক্ষকে বিষয়ৰ সহায় লৈ, বিষয়ৰ যোগে হে, ছাত্ৰক শিক্ষা দিব পাৰে।

  মিস্তিৰিএ কাঠ এডোখৰৰ পৰা টেবুল বা বাকচ বা যেই সেই ভাল বস্তু এখান তৈয়াৰ কৰিব পাৰে। ভাল মিস্তিৰিৰ হাতত পৰিলে সেই বাহানিখন নিমজ হয়, বেয়াৰ হাতত পৰিলে কাঠডোখৰ তেনেই নষ্ট হবও পাৰে। সেই দৰে [ ৩৪ ] শিক্ষকে স্বাভাৱিক প্ৰবৃত্তিৰ বশ, আচাৰ ব্যৱহাৰত অসভ্য, ছলিৰ পৰা সভ্য-ভব্য মাৰ্জিত লোক তৈয়াৰ কৰে। সকলো কাঠৰ সকলো ভাল বস্তু তৈয়াৰ নহয়, জানা মিস্তিৰিএ কাঠৰ প্ৰকৃতি চাই কোন কাঠ কিহৰ উপযোগী ঠিক কৰি লৈ হে কোনো আচবাব তৈয়াৰ কৰিবলৈ আগ বাঢ়ে। সেইদৰে সকলো ছাত্ৰ একে নহয়, অভিজ্ঞ শিক্ষক ছাত্ৰ প্ৰকৃতি বুজি য'ৰ যেনে উপযুক্ত তাক তেনে শিক্ষা দিবলৈ বিচাৰে।

  ওপৰৰ কথা,শিক্ষক ছাত্ৰ বিষয় অতি বহল অৰ্থত ধৰিলেও ৰজিব। যেয়ে শিকায়— পিতৃ মাতৃ, ভাই বন্ধু, শত্ৰু-মিত্ৰ - সেয়ে শিক্ষক; যিহকে শিকোৱা যায়— সজ অসজ, লাগতিয়াল- অলাগতিয়াল- সেয়ে বিষয়; আৰু যাকে শিকোৱা যায়— নবজাত শিশুৰ পৰা খৰঘৰীয়া বুৰা পৰ্য্যন্ত— সেয়ে ছাত্ৰ। এই তিনিটা অঙ্গ পুৰ হলেই, আৰু হলেহে, শিক্ষা দান কাৰ্য্য চলিব পাৰে। তেতিয়া পকা ঘৰ বা গছ-তল শিক্ষাৰ ঠাই, বাচ-বিচাৰ কৰাৰ আৱশ্যক নকৰে।

শিক্ষা-দানৰ অৰ্থ   ২। এই কথাকে অলপ বেলেগ ভাৱে ভাৱি চাব পাৰি। শিক্ষা-দান-ক্ৰিয়াত ছাত্ৰৰ লগত বিষয়ৰ সম্বন্ধ ঘটিব লাগে; এই সম্বন্ধ ঘটাই দিয়ে শিক্ষকে। ছাত্ৰ এটা সুকীয়া বস্তু, বিষয় আন এটা বস্তু। শিক্ষক এই দুই বস্তুৰ পৰিচয় হোৱাৰ দিহা লগাই দিয়ে। [ ৩৫ ]   এটা উদাহৰণ লোৱা যাওক। কেচুৱা ছলি এটাৰ আগত লেম এটা থোৱা হল। লেমৰ ঔজ্জল্যত শিশুৰ কৌতুহল প্ৰবৃত্তিৰ ক্ৰিয়া হল, আৰু সি লেমত হাত দিলে, হাতত চেঙা লাগিল, দুখ পালে আৰু হাত কোঁচাই আনিলে আগলৈ সি লেম লেখিলে, তাৰ ঔজ্জ্বল্যত মোহিত হব পাৰে, তাৰ প্ৰতি কিন্তু আৰু হাত নবঢ়ায়। তাৰ শিক্ষা হল— লেমৰ ঔজ্জল্য নো কি বস্তু সি বুজিলে।

  এই এটা শিক্ষা-দানৰ উদাহৰণ। ইয়াত বিষয়, ‘জলি থাকা লেমৰ ধৰ্ম’; উদ্দেশ্য, ‘কেচুৱাক লেমৰ জুয়ে যে হাত পোৰে’ এই কথাত অভিজ্ঞ কৰা। শিক্ষকৰ কাম, কেৱল লেমটো আগত থৈ এই দৰে চলা যেন কেচুৱাই হাতত দুখ যথেষ্ট পাই, অথচ তাৰ প্ৰকৃত অনিষ্ট একো নহয়।

  লেমটো চুই তাৰপৰা দুখৰ অনুভূতি নোহাৱা পৰ্য্যন্ত লেমটো শিশুৰ পক্ষে অৰ্থহীন আছিল; লেমৰ দুখ দিব পাৰা শক্তিৰ কথা জানাৰপৰা শিশুৰ মনত লেম অৰ্থযুক্ত হল। লেম এতিয়া তাৰ সম্পূৰ্ণ বাহিৰা বস্তু নহয়। এতিয়া লেমৰ লগত শিশুৰ সংযোগ ঘটিল। শিশুএ এই ৰহস্যময় বিশ্বৰ আৰু এটা ক্ষুদ্ৰ কণাৰ লগক্ত সম্বন্ধ পাতিলে; তাৰ জ্ঞানৰ পৰিমাণ বাঢ়িল; সি লেমৰ বিষয়ত কিছু অভিজ্ঞ হল।

  বিশ্বৰ বস্তুৰ লগত পৰিচয় বা জ্ঞান-অৰ্জুন বা অভিজ্ঞতা সঞ্চয় কৰাই দিয়াই শিক্ষা-দান। শিক্ষা-দান কৰি শিক্ষকে [ ৩৬ ] ছাত্ৰক তাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত পৰিচয় কৰাই দিব লাগে; আন কথাত, তাৰ জ্ঞানৰ পৰিমাণ বেছি কৰিব লাগে, বা পাৰ্য্যমাণে তাক সকলো বিষয়তে অভিজ্ঞ কৰিব লাগে।

  প্ৰথম অধ্যায়ত আমি কৈ আহিছোঁ যে পৰিপাৰ্শ্বিক অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ গুণত শিশুৰ বিকাশ ভিন্ন ভিন্ন হয়; আৰু সমাজে পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰি দি শিশুৰ বিকাশ নিজৰ মনোমত কৰিবলৈ চেষ্টা কৰে; এয়ে শিক্ষা। পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰাৰ অৰ্থে সমাজে শিক্ষকৰ ওপৰত ভাৰ দিছে। যিবিলাক অবস্থাৰ লগত ঘনিষ্ঠ পৰিচয় হোৱা আৱশ্যক বুলি ভাবো, শিক্ষকে সেই অৱস্থাবোৰ ছাত্ৰৰ ওচৰ চপাই দিয়ে; আৰু যিবিলাক অৱস্থাৰ পৰা আঁতৰি থাকা শিশুৰ পক্ষে ভাল বুলি বিবেচনা কৰোঁ, শিক্ষক সেইবোৰৰ প্ৰভাব প্ৰতিৰোধ কৰে।

 

শিক্ষা-দান নে শিক্ষা গ্ৰহণ   ৩। এনেকুৱা ক্ৰিয়াৰ ফলত শিশুৰ অভিজ্ঞতা বাঢ়ে; লগে লগে তাৰ কৰ্মৰ শক্তি আৰু ভোগৰ ক্ষমতাও বাঢ়ে।

  নতুন আম ওলাইছে; শিশুক আম কাটি খাবলৈ দিলোঁ; সি আম কি জানিলে। তাৰ পাছত আম দেখিলে কটাৰি আনি তাক পাৰাই নোৱাৰাই কাটিব চাব, দাঁতেৰে কামুৰি খাবলৈ যত্ন কৰিব। আমৰ বিষয় [ ৩৭ ] শিশুৰ অকল জ্ঞান হৈয়েই নাথাকিল, আমৰ প্ৰতি সি কেনে ব্যৱহাৰ কৰিব লাগে তাকে শিকিলে আৰু তাৰ সোৱাদত যে এটা সুখ আছে তাকো বুজি পালে।

  ইয়াতে এই কথা মন কৰিব লাগে যে এই প্ৰকাৰে অভিজ্ঞ হোৱাত শিক্ষকৰ কামত কৈ ছাত্ৰৰ কাম বেছি। পূৰ্বৰ লেম- বিষয়ক উদাহৰণটোকে আকৌ লওঁহঁক। শিক্ষকে লেমটো আনি ছাত্ৰৰ আগত থব পাৰে; ছাত্ৰই যদি কৌতুহল-প্ৰবৃত্তিৰ বশবৰ্তী হই লেমটো লাৰি নাচায়, তেনেহলে ছাত্ৰৰ হাতখন জোৰ কৰি লেমৰ গাত লগায়ো দিব পাৰে। কিন্তু লেমত হাত লাগিলতো যদি ছাত্ৰৰ দুখৰ অনুভূতি নহয়, তেতিয়া শিক্ষকে কি কৰিব পাৰে? আমি সাধাৰণত কওঁ যে লেমত হাত লাগিল দুখৰ অনুভূতি নহই নোৱাৰে। ঠিক কথা; কিন্তু দুখ অনুভূতি জন্মোৱাত শিক্ষকৰ কিবা হাত আছে নে?

  এই অনুভূতি জন্মিবলৈ লাগিল— প্ৰথম, লেমৰ পুৰিব পাৰা শক্তি, দ্বিতীয়, ছাত্ৰৰ হাত আৰু লেমৰ সংস্পৰ্শ; আৰু তৃতীয় ছাত্ৰৰ এনে এটা নিজা অন্তঃশক্তি যি শক্তি থাকাৰ হেতুকে সি দুখ পাইছে বুলি বুজিব পাৰে। লেমৰ জুইৰ পুৰিব পৰা ধৰ্ম স্বাভাৱিক, তাত শিক্ষকৰ একো হাত নাই; ছাত্ৰৰো অনুভৱ কৰিব পাৰা ধৰ্ম স্বাভাৱিক, তাতে শিক্ষকৰ একো হাত নাই। মুঠ জুইৰ স্বাভাৱিক ধৰ্মৰ লগত ছাত্ৰৰ স্বাভাৱিক ধৰ্মৰ যি অৱস্থাত ভালৰূপে পৰিচয় হব পাৰে সেই অৱস্থাটে [ ৩৮ ] শিক্ষকে তৈয়াৰ কৰি দিয়ে। সকলো শিক্ষণীয় বিষয়তে এই কথা।

  সাধাৰণতে কোৱা যায়, শিক্ষা দি শিক্ষক ছাত্ৰৰ অভিজ্ঞতা বঢ়ায়; কিন্তু প্ৰকৃততে কোনো শিক্ষকেই ছাত্ৰক শিক্ষা দান কৰা অসম্ভৱ। শিক্ষকে বিষয়খিনি সুগম অৱস্থালৈ আনি ছাত্ৰৰ আগত উপস্থাপিত কৰিব পাৰে; আৰু এই দৰে উপস্থাপিত কৰিব পাৰে, যাতে ছাত্ৰই সহজতে তাক গ্ৰহণ কৰিবলৈ পাৰগ হয়। কিন্তু যদি ছাত্ৰই নিজে গ্ৰহণ নকৰে, নিজে বুজি নলয়, তেনেহলে ভূ-ভাৰতৰ কোনো শিক্ষকৰ সাধ্য নাই যে তেওঁ কোনো বিষয় সম্বন্ধে জ্ঞান ছাত্ৰক দান কৰে। সেই দেখি প্ৰকৃত-পক্ষত ‘শিক্ষা দান’ কথা আখৰৰ অৰ্থ নাই; ‘শিক্ষা-গ্ৰহণ’ বুলিলেহে আচল কথা প্ৰকাশ কৰা হয়।

 

অভিজ্ঞতাৰ অৰ্থ   ৪। ইয়াৰ পৰা বুজিব পাৰিলোঁ যে জ্ঞান-অৰ্জন কথাটোৰ অৰ্থ আছে। কিন্তু জ্ঞান-দান কথাটোৰ অৰ্থ ঘূৰাই-পকাই হে সঙ্গতি খুৱাব পাৰি। জ্ঞান-অৰ্জন মানে নিজৰ বাহিৰত থাকা বস্তুবোৰৰ সম্বন্ধে কিছুমান কথা জানা। কিন্তু কোনো বস্তুকে নিঃশেষ ৰূপে জানা সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। মই যি কাকতৰ ওপৰত লিখিবলৈ লৈছোঁ, দেখাত সি অতি সামান্য সকলোএ জানা-শুনা বস্তু। কিন্তু সেই কাকতৰে [ ৩৯ ] আতি-গুৰি আমি কোনোএ ভালকৈ নাজানো। ইয়াক তৈয়াৰ কৰাত, নিমজ কৰাত, বগা কৰাত, কি কি বস্তুৰ ব্যৱহাৰ কৰিব লাগিছে, কি কি যন্ত্ৰৰ আৱশ্যক হৈছে, আমি কব নোৱাৰোঁ। সেই সেই বস্তু আৰু সেই সেই যন্ত্ৰ কত পোৱা যায়, কোনে কি কৰে তৈয়াৰ কৰে, ইত্যাদি কথাৰো গম নাপাওঁ। আৰু, লিখা কামৰ উপৰি আৰু কি কি ব্যৱহাৰত কাগজ লগাব পাৰি তাৰো সবিশেষ ভূ নাপাওঁ। আকৌ, যদিবা কোনোএ বৰ্তমানত কাগজ তৈয়াৰ-ব্যৱহাৰ আদি সম্পৰ্কে যাবতীয় কথা জানেই, ভবিষ্যতে যে আন কোনো বস্তুৰ পৰা কাগজ তৈয়াৰ নহব বা আন কোনো ব্যৱহাৰত ই নালাগিব — এই কথা কেৱে কব নোৱাৰে।

  কাগজৰ লগত মোৰ পৰিচয় তাৰ কেটামান ধৰ্মৰ যোগেহে। এইদৰে, বিশ্বৰ সকলো বস্তুৰ লগত আমাৰ পৰিচয় আংশিক। বস্তুৰ যি যি গুণ বা ধৰ্ম আমাৰ কামত লাগে আমি সাধাৰণতে বস্তুক সেই সেই গুণান্বিত বুলি ভাবি থওঁ। সেই দেখি আমাৰ পূৰ্ব পূৰ্ব জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনুসৰি আমাৰ প্ৰত্যেকৰ অভিজ্ঞতাৰ প্ৰভেদ দেখা যায়। সোণ দেখিলে, আমাৰ মনত খেলায় তাৰ আৱশ্যক অলঙ্কাৰ গঢ়িবৰ কাৰণে; কিন্তু সোণৰপৰা কি উপায়ে নানাবিধ ঔষধ আৰু হৰেক প্ৰকাৰ যন্ত্ৰ আদি প্ৰস্তুত হব ধৰিছে, তাৰ খৰৰ একো নাজানো। চামৰা এখান দেখিলে মুচিএ মন কৰিব তাৰপৰা [ ৪০ ] কি কি ভাল কাম হব পাৰে, চামৰাৰ-বেপাৰীএ হিচাব কৰিব তাৰ দাম কিমান হব পাৰে ঢুলীয়াই ভাবি চাব যে তাৰপৰা এটা ভাল ঢোলৰ দন হয়, আৰু নৈষ্ঠিক হিন্দু এজনে তাকেই দেখি দুৰ দূৰ চেই চেই কৰে। নিঃশেষ কৰি প্ৰত্যেকে চামৰাৰ গুণ জানাহেতেন, ভিন্ ভিন্ ব্যক্তিৰ মনত ভিন্ ভিন্ ভাৱৰ উদয় হব নোৱাৰে।

  কাণাই হাতী চোৱা দৃষ্টান্তটো আটায়ে জানে। আচলতে আমি প্ৰত্যেকে তেনে একোটা কাণা। এই বিপুল বিশ্বৰূপ হস্তীৰ কোনো নখ এটা, কোনোএ নোম এডাল চুব পাৰি ভাবো, আমি এই সমস্ত বিশ্বকে জানিলোঁ বুলি। অভিজ্ঞতাৰ এনে সীমা, মানুহৰ জ্ঞানৰ এনে সংকীৰ্ণতা, উপলব্ধি কৰি হে নিউটনৰ দৰে অসামান্য শক্তিশালী পণ্ডিতেও ৰহস্যময় বিপুল বিশ্বৰ ৰহস্যৰ আগত মূৰ দোঁৱাইছিল।

  ফল কথা, মানুহৰ অভিজ্ঞতাৰ পৰিসৰ অতি ঠেক; আৰু সি ভিন্ ভিন্ ৰূপে প্ৰকাশ পায়।

 

জ্ঞান (বোধ), কৰ্ম আৰু অনুভূতি   ৫। এই অভিজ্ঞতাৰ অনুৰূপে আমি ক্ৰিয়া কৰোঁ। সেই দেখি আমাৰ প্ৰত্যেকৰ জ্ঞানৰ ৰূপ বেলেগ, আমাৰ প্ৰত্যেকৰ কৰ্মৰ প্ৰকৃতি বেলেগ, আৰু আমাৰ প্ৰত্যেকৰ অনুভূতিৰ ক্ষমতাও বেলেগ— যি বস্তু আমাৰ এজনৰ পক্ষে সুখ-দায়ক, [ ৪১ ] সেই বস্তু আন এজনৰ পক্ষে তেনে নহবও পাৰে, আৰু প্ৰায় স্থলতে নহয়।

  সকলো জ্ঞান কামত সমাপ্ত হয়; আৰু নতুন কামে নতুন জ্ঞান জন্মায়; সেই জ্ঞানে পুনৰ নতুন কামৰ ক্ষমতা দিয়ে। এই দৰে কাৰ্য্য-কাৰণৰ শৃংখলৰ ফৰে জ্ঞান আৰু কৰ্মও এক শৃংখলত আৱদ্ধ।

  এটা উদাহৰণ কওঁ। প্ৰথম, লিখাৰ প্ৰণালীটো কিছু পৰিমাণে শিকি লই (জ্ঞান) এটা ‘ক’ লিখিলোঁ (কম)। এই ‘ক’ টো নিজ হাতে লিখিবলৈ চেষ্টা কৰাত ক-লিখাৰ নিয়মটো আৰু অলপ দকৈ জানিলো (জ্ঞান), তাৰ ফলত দ্বিতীয় বাৰ ক লিখা সহজ হৈ উঠিল (কৰ্ম)। এইৰূপে ক্ৰমে ক্ৰমে চকু মুদিও ‘ক’ লিখিব পাৰা হলোঁ। মানুহৰ জীৱনত এই দৰে জ্ঞানে কৰ্ম আৰু কমই জ্ঞান বৃদ্ধি কৰি থাকে। গছ আৰু গুটিৰ সম্বন্ধৰ দৰে ইয়াৰ কোনটো আগ আৰু কোনটো পাছ, সেই বিষয়ে নানান মুনিৰ নানান মত। সেই আলোচনা আমাৰ অনাৱশ্যক।

  কোনো এক সময়ত কোনো এক মানুহৰ মনত যিমানখিনি জ্ঞান গোট খায়, আৰু সেই মানুহৰ যিমানখিনি কৰ্মৰ শক্তি হয়, তাৰ সমষ্টিক অভিজ্ঞতা বুলিব পাৰি। অভিজ্ঞতাৰ প্ৰথম দৃষ্টিতে এই দুটা ফাল দেখা যায়— জ্ঞানৰ আৰু কৰ্মৰ। কিন্তু ইয়াৰ তৃতীয় এটা ফাল আছে যি সমীনে কাৰ্য্যকৰী। ই [ ৪২ ] অনুভূতি। প্ৰত্যেক জ্ঞান আৰু কৰ্মৰ লগত ই একান্ত ভাবে জড়িত হৈ থাকে, আৰু ইয়েই আমাৰ জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনেক পৰিমাণে নিৰূপণ কৰি দিয়ে। গোলাপ ফুল এটা গাছত দেখিলোঁ (জ্ঞান); মনত ভাল লাগিল (অনুভূতি); তাক তুলি আনিলোঁ (কৰ্ম)। আকৌ, কেঁচি এখান লৈ পাঞ্জাবী এটাৰ কাপোৰ কাটিলোঁ ( কৰ্ম); এই কামটো জানিব পাৰিলোঁ (জ্ঞান); মনত ভাল লাগিল ( অনুভুতি)। এই জ্ঞান বা বোধ, অনুভূতি, আৰু কৰ্ম বা ইচ্ছা— আমাৰ , অভিজ্ঞতাৰ এই তিনিটা ফালে একেলগে ক্ৰিয়া কৰি আমাক নতুন অভিজ্ঞতা সঞ্চয় কৰিবলৈ বাট মোকলাই দিয়ে।

  ৬। কিন্তু এই অভিজ্ঞতা সঞ্চয়ৰ পৰিমাণ আৰু নতুন সঞ্চিত এই অভিজ্ঞতাৰ প্ৰকৃতি মানুহ ভেদে বিভিন্ন প্ৰকাৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে— (১) স্বাভাৱিক প্ৰবৃত্তিৰ হয়। আগত কোৱা হৈছে যে সকলো লোকৰ জন্মগত কিছুমান স্বাভাৱিক শক্তি আছে। এই শক্তিবিলাকৰ কিছুমানৰ সহায়ৰে শাৰীৰিক, আৰু আন কিছুমানৰ সহায়েৰে মানসিক ক্ৰিয়া কৰোঁ। এই স্বাভাৱিক শক্তিবোৰৰ পৰিমাণ লৈ ৰে ক্ৰিয়াৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। শাৰীৰিক ফালত যি দৰে শক্তিৰ ক্ৰমে বিকাশ হয়— অৰ্থাৎ সৰুতে বল কম থাকে, ডাঙৰ হলে বেছি হয়— [ ৪৩ ] মানসিক ফালতো, শক্তিৰ বিকাশ সেই দৰেই হয়। কোনো এক নিৰ্দিষ্ট সময়ত কোন এক নিৰ্দিষ্ট লৰাই তাৰ শাৰীৰিক আৰু মানসিক শক্তিৰ, অনুপাতে হে কাম কৰিব পাৰে। গতিকে শিশুৰ জ্ঞান গ্ৰহণৰ ক্ষমতা প্ৰথমে নিৰ্ভৰ কৰে তাৰ স্বাভাৱিক প্ৰবৃত্তি বা শক্তিৰ ওপৰত। যি বয়সত যিবিলাক প্ৰবৃত্তি সজাগ হয়, বা প্ৰবৃত্তিবোৰৰ যেনেবিলাক লক্ষণ প্ৰকাশ পায়, সেই বয়সত শিশুএ সেই সেই প্ৰবৃত্তিৰ বা সেই সেই লক্ষণৰ উপযোগী জ্ঞান হে গ্ৰহণ কৰিব পাৰে। ইয়াতে অৱশ্য এই কথা ফাঁকি মনত ৰাখা উচিত যে ব্যৱহাৰ কৰা ছাবিপাত সদাই চিক্‌চিকাই থাকে। অৰ্থাৎ শক্তি-অনুযায়ী নিয়মিত মতে পৰিশ্ৰম কৰি থাকিলে, কাম কৰিব পৰা ক্ষমতা বেছি হয়।

  শাৰীৰিক কালৰ কথা ইন্দ্ৰিয়-গোচৰ হয় দেখি তাক সহজতে বুজি। তেনে উদাহৰণ এটা দিয়া যাক। দহ বছৰীয়া নিয়মমতে পৰিশ্ৰম কৰা লৰা এটাই, একে বয়সীয়া একো-নকৰা লৰা এটাত কৈ বহুতো কাম জানে, বা তাৰ বলো বেছি হয়। কিন্তু দহবছৰীয়া লৰাটোক যদি ডেকা এটাৰ সমানে সমানে খটাবলৈ বিচাৰোঁ, তেনেহলে তাৰ স্বাস্থ্য বল শক্তি তেনেই ভগ্ন হব।

 মানসিক শক্তিটো এই কথাই হুবহু খাটে। গৰু এহালৰ শাৰীত পঞ্চাশ-মুণীয়া ভাৰৰ বোজা দিলে গৰু হালে তাক [ ৪৪ ] কঢ়িয়াব নোৱাৰে; লাগে তুমি যিমানেই মাৰা বা যি কৰা। মানসিক ক্ৰিয়াৰো এই ক্ৰম। যদিও তাৰ বোজাটো আমি চকুৰে নেদেখোঁ, সেই বুলি তাৰ ভাৰ নকমে। শিক্ষা- দান-কাৰ্য্যত এই স্বাভাৱিক প্ৰবৃত্তিবিলাকৰ পৰিমাণ আৰু প্ৰকৃতি ভাল দৰে বুজি লই, সেইবিলাকৰ উপযোগী কাম দি, সিহঁতক সজাগ আৰু কৰ্মক্ষম কৰি ৰাখিব লাগে।

 

 ৭। কাজীৰ বিচাৰৰ এটা সাধু আছে। তিৰোতা এজনীক লৈ পণ্ডিত আৰু খেতিয়কৰ বিবাদ— প্ৰত্যেকে আৰু (২) পূৰ্ব অভিজ্ঞতাৰ প্ৰকৃতিৰ ওপৰত তিৰোতাজনীক নিজৰ বুলি কয়; কিন্তু তাই হলে নামাতে, একো নকয়। সেই দিনৰ কাৰণে তিৰোতা জনীক কাজীএ নিজৰ ঘৰলৈ লৈ গল। পুৱা মহীচুঙা এটাত মহী ভৰাবলৈ বুলি কাজীএ তিৰোতাজনীক কলে। তাই অতি পৰিপটি কৈ সেই কাম কৰিলে। বিচাৰৰ সময়ত কাজীএ তিৰোতা জনীক পণ্ডিতক দি দিলে।

  এইজনা কাজীএ, দেখা যায়, বিশেষৰূপে মানুহৰ মনৰ ক্ৰিয়াৰ প্ৰণালী বুজিব পাৰিছিল। আমাৰ প্ৰত্যেকৰ মনত এই প্ৰকাৰেই ক্ৰিয়া হয়। আমাৰ সমুখত কোনো এটা নতুন গ্ৰহণীয় বিষয় উপস্থিত হলে, সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ কোনো এটা অংশ টানি আনে; যি অংশ টানি আনে তাৰ [ ৪৫ ] প্ৰকৃতিৰ ওপৰত নতুন বিষয়টো কিৰূপে গৃহীত হব সেই কথা নিৰ্ভৰ কৰে। কালিদাস আৰু বিদ্যাবতীৰ আখ্যান মনত কৰা। বিদ্যাৱতীএ আঙুলি এটা দেখালে, যে ঈশ্বৰ এক। কালিদাসে ভাবিলে, তাই এটা আঙুলি দেখুৱালে যেতিয়া মই দুটা দেখুৱাওঁ। বিদ্যাৱতীএ বুজিলে, ‘এওঁ বৰ পণ্ডিত, সাংখ্য মতে পুৰুষ-প্ৰকৃতি দুই, তাকে হে কলে’। তেতিয়া বিদ্যাৱতীএ হাতৰ তলুৱা খন মেলি দেখুৱালে, যে পৃথিবীখান চেপেটা বুলি মোৰ বিশ্বাস। কালিদাসে ভাবিলে, মোক চাপৰ হে মাৰিব খুজিছে, বাৰু মই ভুকু মাৰিম বুলি ভয় দেখুৱাওঁ। ভুকু দেখি বিদাৱতী বুজি ললে, ‘এওঁ বৰ পণ্ডিত, পৃথিবী যে প্ৰকৃততে ঘূৰণীয়া, তাকে হে কলে। ’

  এই পৃথিবীত বিদ্যাৱতী আৰু কালিদাসৰ অভিনয় আমি সকলোএ সদাই কৰিবই ধৰিছোঁ; মুঠে তাকে বুজি হে নাপাওঁ। নাজানা গান প্ৰথম গোৱা নিলে তাৰ শব্দবোৰ আমি ধৰিব নোৱাৰো; জানা গানটোৰ আখৰে আখৰে বুজি পাওঁ। নুবুজা ভাষাত বক্তৃতা শুনিলে আমি খুটুং-খাটাং কিছুমান ধ্বনি হে শুনো; বুজা ভাষাত হলে প্ৰত্যেক শব্দকে বুজি পাওঁ। অনেক লিখাত বা ছাপাত কোনো কোনো শব্দৰ আখৰ-বিপৰ্য্যয় হয়; আমি সেইবোৰ বিশেষ পৰ্যবেক্ষণ নকৰিলে ধৰিবই নোৱাৰোঁ। এই আটাই বিলাকৰ কাৰণ— সমুখত যি নতুন নতুন বিষয় উপস্থিত হয়, তাক ধৰিবলৈ [ ৪৬ ] আমাৰ নিজৰ অতিজ্ঞতাৰ কোনো কোনোটো অংশ আগ বাঢ়ি যায়। নতুন বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ চিনাকী যিমান ঘনিষ্ঠ তিমানে দুয়োৰো মিলন সহজ হৈ উঠে। যত এই চিনাকী নাই, ভাত পুৰণা অভিজ্ঞতাৰ প্ৰকৃতি অনুসৰি এই চিনাকী সংঘটন হয়।

  এই কাৰণে দেখা যায় যে সমান বয়সীয়া সমান শক্তিসম্পন্ন ভিন-ভিন শিশু এ ঠিক একে প্ৰকাৰে শিক্ষা লাভ কৰিও ভিন ভিন ৰূপে বিকাশ লাভ কৰে। একে শ্ৰেণীৰ কোনোটা লৰাই অঙ্ক ভাল দৰে জানে, কোনোটাই সাহিত্য পঢ়ি সোৱাদ পায়, কোনোটোই বুৰঞ্জী পঢ়ি আনন্দ লাভ কৰে, আৰু কোনোটোৰ বা বুৰঞ্জী দেখিলেই ভয়ত অণ্ঠ-কণ্ঠ শুকাই যায়। এনে বিভিন্নতাৰ কাৰণ বহুত— সৰু কালৰ শিক্ষা, ঘৰৰ প্ৰভাৱ, শিক্ষকৰ দোষাদোষ, কোনো এদিনৰ বা এটা ক্ষণৰ মনৰ গতি— ইত্যাদি অনেক অৱস্থাৰ পৰা এনেকুৱা বিভিন্নতাৰ উৎপত্তি হয়। এই আটাইৰে তলিত এটা সত্য দেখা যায়— যি যেনে প্ৰকাৰৰ পূৰ্ব অভিজ্ঞতা লৈ স্কুললৈ আহে, তাৰ গ্ৰহণৰ ক্ষমতা সেই অভিজ্ঞতাৰ অনুৰূপত হয়। যি লৰাই ঘৰ দৌৰা-দৌৰি মাৰা- মাৰি খেলা-ধুলা কৰি বেছি সময় কটাইছিল, তাৰ মনে ঢাল খাব স্কুলৰ খেল-আদিৰ ফালে; ব, তাৰ পূৰ্ব অভিজ্ঞতাই খেল- আদি সম্বন্ধীয় কৰা গ্ৰহণ কৰিবলৈ তাক বেছি পাৰগ কৰি তুলিব। যি লৰাক ঘৰত ‘গৰু পঢ়’ এই নীতি-বাক্যৰ তলত [ ৪৭ ] শাসিত কৰি ৰাখা হৈছিল, সি সম্ভবতঃ শ্ৰেণীৰ চুকত সোমাই কিতাপৰ ওপৰত মূৰ গুজি থাকিব বা উচ্ছৃংখলতাৰ চৰম সীমা পাবগৈ। যি অভিভাৱকে সংগীত চিত্ৰবিদ্যা সাহিত্য-আদি কলাবিদ্যাৰ অনুশীলন কৰে, তেওঁৰ ঘৰৰ ছলিৰ সেই সেই বিষয়ৰ প্ৰতি ৰাপ বহাৰ সম্ভাৱনা বেছি।

  আৰু এক প্ৰকাৰে গ্ৰহণৰ ক্ষমতা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। নেওতাখান নাজিনিলে পূৰণ অঙ্ক কৰিব নোৱাৰি; গতিকে পূৰণ-শিক্ষা-গ্ৰহণৰ ক্ষমতা পূৰ্বৰ নেওতা- জানা-অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছে। এই ৰকমে প্ৰত্যেক নতুন শিক্ষাকে পুৰণি অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি হে গ্ৰহণ কৰা সম্ভৱ। সেই দেখি আমি একান্ত ইচ্ছা কৰিলেও ‘ৰাম-ক বোলাৰ পাছতে ৰত্নাৱলী পঢ়াব নেৰাৰোঁ। ’

 

  ৮। সাতভাই চম্পা’ৰ সাধু কথাত কোৱা আছে— পানীৰ তলত থাকা সাত ৰাজকুমাৰে অভিভাৱকৰ ভুল সংস্কাৰ কাঠৰ ঘোঁৰা একোটা আনি সতীয়া মাক- হাতে গা ধুবলৈ আহাত ঘাটক আহি কয়, “কাঠৰ ঘোঁৰা, পানী খা, পানী খা। ” তাতে সতীয়া মাকহাঁতে কয়, “কাঠৰ ঘোঁৰাই নো কৰবাত পানী খায় নে?”

  সতীয়া মাকৰ সহজ জ্ঞানৰপৰা হোৱা এই কথা-আখৰ আমি আজিও ভালকৈ বুজা নাই। আমি ভাবোঁ, কাঠৰ [ ৪৮ ] ঘোৰাকো পানী খুৱাব পাৰি, আৰু চেৰা-ঢেকি-থোৰায়ে ৰাজ কুমাৰৰ দৰে আচৰণ কৰিব পাৰে। নহলে যিহকে তিহকে ছাত্ৰৰ আগত হাজিৰ কৰি, হাতত বেত এডাল লৈ, আমি কলোঁ হয় নে “গৰুহঁত, পঢ় পঢ়; নহলে বেতৰ কোবত ছাল ছিগিব। ”

 মই অৱশ্য জানো যে বৰ্তমান সময়ত শিক্ষাপ্ৰণালীৰ অনেক উন্নতি হৈছে আৰু এই ধৰণৰ ঢেকি-থোৰাই দি হেচি জ্ঞান- গিলোৱা-প্ৰণালী অৱলম্বন কৰা শিক্ষকৰ সংখ্যা দিনক দিনে কমি আহিছে। কিন্তু অভিভাৱক শ্ৰেণীৰ ভিতৰত হলে এই জৱৰদন্তী প্ৰথাৰ পক্ষপাত লোক হে বেছি দেখা যায়। তেওঁবিলাকে নিজৰ নিজৰ শিশুকালৰ শিক্ষালৈ মনত কৰে; আৰু সেই ধৰণৰ প্ৰণালী স্বত্বেও যে তেওঁলোকৰ জ্ঞান-গৰিমা ইমান গম্ভীৰ হল তাক ভাৱে; আৰু আন কোনো ফালে চকু নিদি নৈৰাশ্যৰ নিঃশ্বাস কৰি কয়, “গৰুহঁত, পঢ়-পঢ়”; আৰু— পঢ়ি পঢ়ি মৰ!

  “গৰুহঁত, পঢ় পঢ়” বুলি হুকুম কৰিলেই পঢ়িব পাৰা হলে, শিক্ষাদান কাৰ্য্য ইমান উজু হলহেতেন যে কোনো মহামহিম সম্ৰাটে গধুলি এখন ঘোষণা-পত্ৰ লিখি দি পাছৰ দিনা পুৱা তেওঁৰ সাম্ৰাজ্যৰ সকলো লোককে শিক্ষিত দেখি নিজক অভিনন্দন কৰিব পাৰিলেহেতেন। ছাত্ৰ-গৰু নালাগে, আচল গৰু এটাকো তাৰ শক্তিৰ অতিৰিক্ত কাম কৰোৱা অসাধ্য। [ ৪৯ ]   এই সামান্য কথা-কেইটাকে আমি ভালৰূপে বিবেচনা কৰি নাচাওঁ দেখি আমাৰ প্ৰত্যেকে বৰ্তমান শিক্ষা-প্ৰণালীৰ দোষ গুচাবলৈ দহোটা দহোটা ব্যৱস্থা দিওঁ। কোনোএ কওঁ— প্ৰাইমাৰী স্কুলৰ পৰা ব্যাকৰণ গুচাই দিয়াত শিক্ষাৰ নামেই নুমাল। আন কিছুমানে দোষ ধৰোঁ, ড্ৰইং-সংগীত-এইবোৰ শিকাই আমাৰ ছলিক নট-নটী কৰিলে। আন কিছুমানে খুট উলিয়াও,কোব মাৰিবলৈ দি হাতৰ কাম কৰিবলৈ লগাই, আমাৰ হেন মস্ত মস্ত লোকৰ ছলি-পলিৰ আত্ম-সন্মান নষ্ট কৰা হল। এই এক ফাল।

  আন ফালত আপত্তি উঠে— প্ৰাইমাৰী স্কুলত পঢ়ি আহে, পাট্টাখান চাই দিব নাজানে; মৌজাদাৰৰ বহি-বস্তাৰ বুজ নাপায়; মণ্ডলেও নাজানা জমাবন্দী আৰু দাগচিঠাৰ ফাৰমৰ হেডিংবোৰ মুখস্থ নাহে; চবডিপুটিও লটকালতে নোৱাৰা খাজানা কছিব নাজানে! আন একদলে শোক কৰে— প্ৰাইমাৰী পঢ়ি উঠিল, সন্ধি সমাস-কাৰকৰ জ্ঞান নহল, ভগ্নাংশ অঙ্ক নাজানিলে, কীৰ্ত্তন-পুথিৰ অৰ্থ ব্যাখ্যা কৰিব নোৱাৰিলে। এই শিক্ষাৰ নো কি লাভ।

  যেন লৰা স্কুলত সোমোৱা মাত্ৰে মহামহোপাধ্যায় পণ্ডিত হৈ উঠিব লাগে!

 

  ৯। পাঠ-বি-নিৰ্বাচন জানতে ইমান উজু কাম নহয়। [ ৫০ ] এই বিষয় কিবা এটা সিদ্ধান্ত কৰিব খুজিলে দেখাত পৰস্পৰ বিৰোধী দুই পক্ষৰ পৰা এই ছাত্ৰ আৰু পাঠ্য' কথা বিচাৰ কৰি চাব লাগিব। প্ৰথম পক্ষ ছাত্ৰৰ অভিভাৱক। এওঁবিলাকৰ শিক্ষা সম্বন্ধে মনৰ ভাৱ দুটা কথাত ব্যক্ত কৰিব পাৰি। (১) তেওঁৰ লৰাই লাগতিয়াল বিদ্যা যিমান বেছি পৰিমাণে শিকিব পাৰে শিকক; আৰু (২) সি এই বিদ্যা যিমান সোনকালে পাৰে তিমান সোনকালে শিকি আহক। মুঠ কথা, ‘কম খৰচত বেছি আৰ্জন’— জীৱনৰ আন আন কাজৰ দৰে শিক্ষা-বিষয়তো সাধাৰণ মানুহে এই মতে কাৰ্য্য সিদ্ধ হলে ভাল পায়।

  কিন্তু এনেকুৱা অল্প যত্নত সিদ্ধি জীৱনৰ কোনো কাৰ্য্য- ক্ষেত্ৰতে হোৱা দেখা নাষায়, আৰু শিক্ষাবিষয়তো নহয়। আমি ছাত্ৰক কম সময়তে অনেক শিকাবলৈ বিচাৰোঁ হয়, কিন্তু চাত্ৰৰ প্ৰকৃতিএ ইয়াত বাধা দিয়ে। ই দ্বিতীয় পক্ষ। আমি যিমান পৰিমাণৰ বিদ্যা যিমান সোনকালে শিকাবলৈ বিচাৰোঁ, তিমান বিদ্যা তিমান সময়ত গ্ৰহণ কৰাৰ ক্ষমতা ছাত্ৰৰ আছে নে নাই তাক আগেয়ে বুজি লোৱাৰ দৰকাৰ; কাৰণ ছাত্ৰৰ শক্তি- অনুযায়ী হে সি শিকিব পাৰিব। ইয়াৰ বাজেও, কোনো কোনো বিষয়— যাক আমি লাগতিয়াল বুলি ভাবোঁ— কোনো কোনো ছাত্ৰৰ পক্ষে ৰুচিকৰ নহব পাৰে; সেই ছাত্ৰই তেনে বিষয়ো শিক্ষা কৰা টান। সেইবোৰ বিষয় নো কি প্ৰকাৰে [ ৫১ ] শিকালে ছাত্ৰৰ মনত তৃপ্তি-প্ৰদ হব পাৰে, সিও এটা ভাবিব লগীয়া কথা।

  বিষয়-নিৰ্বাচনৰ এই দুটা ফাল। শিকিব লগীয়া অনেক বিষয় থাকে, যাৰ পৰা ছাত্ৰৰ ভবিষ্যত জীৱনত উপকাৰ হয়, বা উপকাৰ হব বুলি অভিভাৱকে ভাৱে। স্বভাৱতে তেনে বিষয়বোৰ শিকবলৈ অভিভাৱকৰ বেছি আগ্ৰহ। কিন্তু ছাত্ৰৰ মানসিক শক্তিৰ জোখায় নহলে, যিমানেই কাৰ্য্যকৰি নহক, তেনে বিষয় শিকাব নোৱাৰি। দেখাত এই দুই পক্ষ পৰস্পৰ বিৰোধী। কিন্তু এটা সুবিধা আছে— এই বিষয় যিয়েই নহক, তাৰ ভিতৰত এনে কিছু অংশ ওলায়, যাক শিশুৰ ভিন-ভিন বয়সৰ উপযোগী কৈ লবা পাৰা যায়। সমাজৰ মানত যিবোৰ বিষয় মানুহৰ লাগতিয়াল তাৰ পৰা ছাত্ৰই শিকিব-পাৰা-খনি বাজি উলিৱাটোই পাঠ্য-নিৰ্বাচনৰ সমস্যা।

  এই কথাৰে মীমাংসা কৰিব লাগে শিক্ষকে, অৱশ্য সমাজৰ মতামতলৈ যথেষ্ট শ্ৰদ্ধা দেখুৱায়। এই গুৰু কাৰ্য্যৰ ভাৰ, যিহক, আজি কালি তেনেই শিক্ষকৰ হাতত নাথাকে। প্ৰত্যেক ৰাজ্যতে ৰাজ্যৰ সকলো লাগতিয়াল ব্যৱসায়ৰ জানা বুজা প্ৰতিনিধিসকল গোট খাই পাঠ্য-নিৰ্বাচন কৰাৰ ভাৰ লোৱা দেখা যায়। তাত অৱস্য শিক্ষকৰ প্ৰতিনিধিও থাকে; আৰু তেওঁবিলাকৰ মতৰেই প্ৰাধান্য বৰ্তে। আন আন ব্যৱসায়ৰ [ ৫২ ] লোকৰ পৰা বুজা যায় যে সেই সেই সময়ৰ কাৰণে সমাজে কোনবিলাক বিষয় বেছি লাগতিয়াল বুলি ভাবে।

 

  ১০। কোন বয়সত কেনে পাঠ্য উপযোগী তাক ভাল ৰূপে জানিবলৈ হলে, কোন বয়সৰ কেনে শিশু-প্ৰকৃতিৰ সাধাৰৰ বিবৰণ লক্ষণ সেই বিষয়ে অলপ জানা উচিত। কাৰণ কোনো এক বয়সত ছাত্ৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে তৰ সেই সময়ৰ মানসিক বৃত্তিবোৰৰ ওপৰত।

  পণ্ডিত সকলে ছাত্ৰ-জীৱনক তলত লিখা দৰে ভাগ কৰে:—

(ক) জন্মৰ পৰা তিনি বছৰমানলৈ— কেছুৱা।
(খ) তাৰ পাছৰ চাৰি বছৰমান— শৈশৱ।
(গ) শাত আঠৰপৰ এঘাৰ-বাৰ বছৰলৈ—বাল্য।
(ক) তাৰ পাছৰ তিনি-ছাৰি বছৰ— কৈশোৰ।
(ঙ) তাৰপৰা ছাত্ৰ জীৱনৰ শেষলৈ— প্ৰথম যৌৱন।

  এই বেলেগ বেলেগ ভাগৰ আচলতে কোন নিৰ্ধাৰিত সীমা নাই। শিশুএ এৱস্থাৰ পৰা অজ্ঞাতসাৰেই তাৰ পৰবৰ্তী অৱস্থাত উপনীত হয়। কিন্তু প্ৰত্যেক অৱস্থাৰে বিশেষ বিশেষ লক্ষণবোৰ প্ৰকাশ পালে তাৰ পূৰ্ববৰ্তী অৱস্থাৰ লগত তাৰতম্য বিলাক ধৰিব পাৰি।

  (ক) কেছুৱা— এই কালত শিশুএ ক্ৰমে ক্ৰমে নিজৰ [ ৫৩ ] অঙ্গ প্ৰত্যাঙ্গাদিৰ ব্যৱহাৰ কৰিবলৈ শিকে। খোজ কাঢ়িব পাৰা হয়; আৰু আধ-ফুটা মাতেৰে কথা কবলৈ শিকে। এই সময়ত অনুকৰণ প্ৰবৃত্তি প্ৰৱল; আৰু সেই প্ৰবৃত্তিৰ সহায়েৰে ওপৰত কোৱা কথাবোৰ শিকে। এই বয়সত ভাল- বেয়া হিতাহিত জ্ঞান নজন্মে। কৌতুহল প্ৰবৃত্তিটো বৰ চঞ্চল হৈ থাকে।

  (খ) শৈশৱ— এই সমস্ত শৰীৰ ক্ৰমে পুষ্ট হৈ আহে। খোজ কাঢ়াত আৰু কথা কোৱাত কোনো যত্নৰ আৱশ্যক নকৰে। চাৰিও ফালৰ বস্তু জীৱ-জন্তু আৰু মানুহৰ লগত উপৰুৱা পৰিচয় ঘটে। কৌতূহল প্ৰবৃত্তি বিশেষ প্ৰৱল হয়। অনুকৰণৰ পৰা ভাল-বেয়া জ্ঞানৰ বিকাশ হয়। ৰং ধেমালি কৰিৱলৈ ভাল পায়। এই সময়তে সাধু কথা শুনিবলৈ আগ্ৰহৰ আৰম্ভ হয়। শৰীৰৰ অনুপাতে মস্তিষ্কৰ বিকাশ বেছি হয়; প্ৰকৃততে শিশু জীৱনৰ সাত-আঠ বছৰত মস্তিষ্কৰ অৱয়ব সম্পূৰ্ণ হয়।

 (গ) বাল্য— এই কালৰ আদি গুগতেই মস্তিস্কৰ আয়তন পূৰ্ণতা পাই দেখি এই বয়স অখুস্থ কৰাৰ উপযোগী সময়। নেতা আৰ্য্যা শ্লোক— এনেবোৰ কথা সহজতে ছাত্ৰই এই বয়সত, অৰ্থ সুবুজিলেও, মুখত আহাই থব পাৰে। কেছুৱা আৰু শৈশবত ছাত্ৰৰ শাৰীৰিক আৰু মানসিক বৃত্তি- বিলাক কোমল হৈ থাকে; এই কালত সিবিলাক ক্ৰমে [ ৫৪ ] কাৰ্য্যক্ষম হৈ আছে। সেই দেখি ডাঙৰ লোকৰ অনুকৰণৰ পৰা ছাত্ৰই এই কালত অনেক লাগতিয়াল কাম শিকিব, আৰু ঘৰুৱা কাৰ্য্যত বাপেক মাকৰ সহায় হবও পাৰে। এই বয়সত লৰাছোৱালীএ ক্ৰমে ক্ৰমে ডাঙৰ মানুহৰ কামবোৰৰ মৰ্ম বুজিবলৈ ধৰে। খেলা কৰিবলৈ আৰু সাধু কথা শুনিবলৈ আগ্ৰহ যথেষ্ট পৰিমাণে বিকাশ হয়। কৌতুহল, প্ৰতিযোগিতা, অনুকৰণ, স্বাৰ্থ প্ৰভৃতি মানসিক প্ৰবৃত্তিৰ প্ৰাধান্য দেখা যায়। ভাল-বেয়া হিতাহিত জ্ঞানৰ পুষ্টি সাধিত্ব হয়; কিন্তু মান্যৱন্ত জনৰ আচৰণৰ পৰা ভাল-বেয়া নিৰূপণ কৰি লয়।

  (ঘ) কৈশোৰ— ১১। ১২ বছৰৰ পৰা ১৫। ১৬ বছৰলৈ এই কাল ডোখৰৰ নাম কৈশোৰ। মানুহৰ গোটাই জীৱনৰ ভিতৰত এই ডোখৰেই শঙ্কট সময়। এই সময়ত শৰীৰ আৰু মন বিশেষ ৰূপে বিস্তৃতি লাভ কৰে। মানুহজন ওখ হয়; গা ক্ষীণাই যায়; স্বৰ গম্ভীৰ হয়; দাৰি-গোফ ঠুটিয়ায়; আৰু মৰ্মস্থানবোৰত নোমৰ উদ্ভৱ হয় এই সময়ত প্ৰকৃতি চঞ্চল— ক্ষণে কষ্ট ক্ষণে তুষ্ট হোৱা এই বয়সৰ স্বভাৱ। আগৰ বয়সত যদিও যৌন-জ্ঞান অলপ অচৰপ থাকা দেখা যায়, এই সময় যে যৌন-সম্পৰ্কীয় অনুভূতি দেখা দিয়ে। এই বয়সত বিচাৰ শক্তিৰ বিকাশ হবলৈ ধৰে; সেই দেখি পুৰণি-কলীয়া আচাৰ ব্যৱহাৰৰ অৰ্থ বুজিবলৈ আগ্ৰহ হয়; অন্য অন্য বিষয়ৰো কাৰৰ্য্য-কাৰণ-সম্বন্ধ-বিচাৰ কৰি চাবলৈ [ ৫৫ ] মন শক্তিশালী আৰু আগ্ৰাহান্বিত হয়। মনে নতুন এক স্বাধীন ভাৱৰ আস্বাদ পায়, আৰু অনেক মহৎ ভাৱৱ আবেশত মত্ত হৈ উঠে। ভবিষ্যত জীৱনৰ একো একো সুমধুৰ কল্পনা উদয় হৈ মন আনন্দিত কৰে। এই কালডোখৰত অনেক লৰ বিপথে যায়। ইয়াৰ আগত চিন্তা-শক্তি বস্তুগত থাকে; ক্ৰমে ভাৱগত হৈ আহে।

  (ঙ) প্ৰথম যৌৱন— কাল ডোখৰো মানসিক ভাৱৰ খেলাত প্ৰায় কৈশোৰৰ দৰে। এই সময়ত শৰীৰ পুষ্ট, অঙ্গ নিপোটল, হবলৈ ধৰে। চৰিত্ৰৰ চাঞ্চল্য ক্ৰমে কমি আহে; কাল্পনিক ভাৱবোৰৰ আতিশয্যও নিয়মীয়া হবলৈ ধৰে। ভবিষ্যত জীৱনৰ উদ্দেশ্য আৰু কাৰ্য্য-প্ৰণালী সম্বন্ধে কাৰ্য্যকৰী বুদ্ধি হয়।

  ওপৰৰ এই সংক্ষেপ বিবৰণৰ পৰা আমি জটিল মানব- প্ৰকৃতিৰ, আৰু তাতোকৈ জটিল শিশু প্ৰকৃতিৰ বিষয়ে বিশেষ একো বুজিব নোৱাৰোঁ। কিন্তু এইখিনিৰ পৰায়ে কোন সময়ৰ কি উপযোগী পাঠ্য এই সম্বন্ধে বিচাৰ কৰিব পৰা হওঁ। যেনে, ব্যাকৰণ বা জ্যামিতি শাস্ত্ৰ পঢ়িবলৈ বা বুজিবলৈ কাৰ্য্য-কাৰণ জ্ঞান উপজিব লাগে। আৰু চিন্তা ভাৱ-গত হব লাগে। কৈশোৰ বসৰ পূৰ্বে— অৰ্থাৎ ১২। ১৩ বছৰৰ আগেয়ে— এইবোৰ মানসিক শক্তিৰ উদ্ভৱ নহয়। গতিকে প্ৰাইমাৰী স্কুলত ব্যাকৰণ বা জ্যামিতি শিকাবলৈ চেষ্টা কৰা [ ৫৬ ] অন্যায়। এই জ্ঞানৰপৰা শিক্ষা-প্ৰণালী সম্বন্ধেও আমি অনেক কথাৰ মীমাংসা কৰিব পাৰোঁ। গুটি-কাঠি ব্যৱহাৰ কৰি শিক্ষা দিয়া প্ৰণালীটোত অনেক লোকে খুঁট ধৰে। কিন্তু শৈশৱত চিন্তা তেনেই বস্তুগত হৈ থাকে; সেই দেখি বস্তুৰ সহায় লৈ হে ভাৱবোধক বিষয়— যেনে সংখ্যা জ্ঞান, বৰ্ণ জ্ঞান ইত্যাদি— শিকাব পাৰি। আকৌ, কেচুৱা বা শৈশৱত শাৰীৰিক আৰু মানসিক বৃত্তি কোমল আৰু কৌতুহল চঞ্চল হৈ থাকে। এই সময়ত একে কথাকে ছাত্ৰক বহু সমলৈ শিকাব নোৱাৰি; আৰু তাঁহাতক অনেক ক্ষণ স্কুলতো বান্ধি ৰাখা উচিত নহয়, নহলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ে ভগ্ন হব। শৈশৱত উজ্জ্বল চকমকীয়া বস্তুত কৌতুহল থাকে; বাল্যত সাধুকথা শুনিবলৈ ভাল পায়;— ইত্যাদি বিলাক কথাৰ সহায় লৈ অনেক লাগতিয়াল কথা ছাত্ৰক আনন্দজনক কৰি শিকাব পৰি।

  শিশু প্ৰকৃতিৰ আৰু কেইটামান প্ৰধান লক্ষণলৈ মন কৰিব লগীয়া আছে। প্ৰথম— সকলো দেখে যে ছলি- পলিৰ খেল-ধেমালী এটা প্ৰধান কাৰ্য্য। জেঙৰ বৰ-কইনা, ধুলাৰ ভাত, বাঁহৰ খোৰা, কল-দোনাৰ ঢোল, খোলাৰ তাল প্ৰভৃতি লৈ ৰং নকৰা শিশু দেশত নোলায়। ডাঙৰ লোকে এইবোৰ খেলাৰ গূঢ় অৰ্থলৈ মন নকৰে; আৰু লৰাৰ ধেমালি বুলি সিবিলাকৰ প্ৰতি কৃপাপূৰ্ণ অৱজ্ঞাৰ ভাৱ প্ৰকাশ কৰে। [ ৫৭ ] প্ৰকৃততে কিন্তু খেলা শিশুৰ প্ৰথম আৰু প্ৰধান বিদ্যালয়। লৰাৰ সমস্ত ধেমালি অনুকৰণ আৰু কল্পনা বৃত্তিৰ কাৰ্য্য। ভাঙৰে ভাত-ৰান্ধা অনুকৰণ কৰি লৰাছোৱালীএ ধূলিক চাউল কল্পনা কৰি ভাত-ৰান্ধা ধেমালি কৰে। খেলাৰ পৰা সিহঁতে, কাম কৰি যি তৃপ্তি পোৱা যায় সেই তৃপ্তি লাভ কৰে; আৰু নিজৰ অঙ্গ-প্ৰত্যঙ্গৰ লগতে আন হৰেক ৰকম বস্তুৰ ব্যৱহাৰ শিকে।

  শিশু প্ৰকৃতিৰ দ্বিতীয় প্ৰধান লক্ষণ কৌতুহল প্ৰবৃত্তি। অনুমান কৰা যায়, জন্মৰ প্ৰথম সপ্তাহ মানৰ পৰাই এই প্ৰবৃত্তি জাগি উঠে। সৰুতে ই চঞ্চল থাকে, ক্ৰমে ক্ৰমে স্থিৰ হৈ কেচুৱা আৰু শৈশৱ কালত উজ্জল ৰঙাল আৰু উৎকট বস্তুৰ প্ৰতি কৌতুহল জন্মে; ক্ৰমে সূক্ষ্মতৰ বস্তু আৰু ভাৱৰ প্ৰতিও কৌতুহল থাকা হয়। চকমকীয়া স্কুল বা ছবি এটা দেখিলে ছলি তাক পাবলৈ আকুল হয়; কিন্তু পালেই তাক নানা প্ৰকাৰে ভাঙি-চিঙি চায়। নাজানি আমি ভাবোঁ, দুষ্ট প্ৰকৃতিৰ লৰাই ভাঙি-চিঙি বস্তু নষ্ট কৰে। আচলতে সি এই দৰে বিশ্বৰ জ্ঞান আৰু সৌন্দৰ্য্য ভঁড়ালৰ ৰত্নৰ স্বৰূপ হে বুজিবলৈ চেষ্টা কৰিছে।

  এই কালৰ তৃতীয় প্ৰধান লক্ষণ, কৰ্মত আগ্ৰহ। স্বাস্থ্যবান সৰু ছলিক এখন্তকো এনে বহি থাকা দেখা নাম্বাৰ। ইৰ নাচি বাগি, নহয় কথা কই, হয় খেলা কবি, নহয় ভাঙি-চিঙি বা [ ৫৮ ] কান্দি-কাটি, কিবা এটা নে এটা কৰি সি থাকিবই। ছলিৰ এনেবোৰ কাৰ্য্যক আহ তাৰ দুষ্টালি বুলি ভাৰি তাক দাবি- ধমক দিওঁ; আৰু আমাৰ দৰে গহীন গম্ভীৰ হৈ হাত-ভৰি মুখ-নোহোৱাৰ দৰে নাথাকিলে তাক অঘাইত অঘাইত নাম দিওঁ। আমি পাহঁৰি যাওঁ যে ছলি কালত গহীন গম্ভীৰ হৈ থাকাটোহে অস্বাভাৱিক। যি ছলি সেই দৰে সদাই থাকে— মুখত হাঁহি নাই, গাত ফুৰ্তি নাই, মাতত সুৰ বাজি নুঠে, কথাত মৌ নবৰষে— তাক আমি গহীন গম্ভীৰ লোকে অতি নম্ন ভাল সাধু লৰা বুলি শলাগ লব পাৰোঁ; কিন্তু বিচক্ষণ লোকে তেনে ছলিৰ কোনো শাৰীৰিক বা মানসিক পীড়া আছে বুলি বুজি পায়।

  ১১। শিশু প্ৰকৃতিৰ এই কেইটা কথা আজিকালিৰ নতুন শিক্ষাৰ মূল। ‘কিণ্ডাৰ-গাৰ্টেন’ৰ ক্ৰোৰেল আৰু মণ্টেচৰি নাম নাজানা মানুহ প্ৰায় নাই। এইটো এটা জাৰ্মাণ ভাষাৰ শব্দ। ‘কিণ্ডাৰ’ শব্দৰ অৰ্থ ছলি (Children); আৰু ‘গাৰ্টেন’ বা বাগিছা (Garden) শব্দ-বিলাসী বঙালিএ এই শব্দৰ অনুবাদ কৰিছে ‘নন্দনকানন’ বা ‘কুমাৰ-কানন’। অনুবাদ যিয়েই নহক, ইয়াৰ মূল ভাৱটো এই:— যি দৰে বিজ্ঞ মালীএ গাছ পুলি ৰুবলৈ হলে তাক কাটিকুটি নষ্ট নকৰে; বৰং যাক যেনে [ ৫৯ ] সাৰ লাগে, যাক যেনে আশ্ৰয় লাগে, তেনে সাৰ আৰু আশ্ৰয় দিয়ে; সেই দৰে বিচক্ষণ শিক্ষকেও ছলিক শিখাবলৈ গৈ হাতত বেত আৰু চকুত খং লৈ তাৰ প্ৰতি ফলন কৰিবলৈ বিচাৰিলেই নচলিব; বৰং ছলিৰ প্ৰকৃতি বুজি, তাৰ সামৰ্থ্যৰ পৰিমাণ লৈ সেই অনুযায়ী তাক শিক্ষা দিব লাগিব।

  শিশু প্ৰকৃতি, তথা মানব প্ৰকৃতি, সম্বন্ধে এই ধাৰণাৰ প্ৰথম জন্মদাতা (অন্ততঃ শিক্ষাদান বিষয়) যিবিলাক পণ্ডিত লোক আছিল, সিবিলাকৰ ভিতৰত ফ্ৰোবেলেই অগ্ৰগণ্য। ফ্ৰোবেল সাধাৰণতে জাৰ্মান বুলি গণ্য। কিন্তু চুইজাৰলণ্ডৰ লগত তেওঁৰ জন্মৰ সংশ্ৰৱ আছিল। তেওঁ নিজে শিক্ষকতা কৰি এই সত্যত উপনীত হৈছিল যে শিশু-প্ৰকৃতি দমন কৰি শিক্ষা দিবলৈ যি চেষ্টা কৰা যায় সি ফলৱতী হব নোৱাৰে; শিশু-প্ৰকৃতি অনুসৰি শিক্ষা দিলেহে সেই শিক্ষাৰ পৰা প্ৰকৃত উপকাৰ পোৱা যায়। পূৰ্বে পণ্ডিত লোকে ভাবিছিল যে মানব প্ৰকৃতি, বিশেষ শিশু প্ৰকৃতি, স্বভাৱতে দুষ্ট। এই দুষ্ট প্ৰকৃতি দমন কৰাই শিক্ষাৰ প্ৰধান কাম। এই বিশ্বাসৰ পৰাই নানা প্ৰকাৰ অমানুষিক শাস্তি-বিধান শিক্ষাৰ অঙ্গ হৈ পৰিছিল। ৰুঁচো, ফ্ৰোবেল, পেষ্টালৎচি আদি পণ্ডিতসকলে প্ৰথম ঘোষণা কৰিলে যে ঈশ্বৰে কাকো বেয়া বা দুষ্ট প্ৰকৃতি দি সৃষ্টি কৰা নাই। [ ৬০ ] মানুহৰ হাতত পৰি হে ঈশ্বৰৰ অনেক দানৰ পৰা অমৃত নিঃস্যন্দন নহই বিষ জৰি পৰে। মানব প্ৰকৃতি সম্বন্ধে ধাৰণাৰ এই আমূল পৰিবৰ্তনৰ ফল ফ্ৰোবেলৰ যত শিক্ষা- দান বিষয়তো অনতিবিলম্বে দেখা গল। আগৰ কঠোৰ শাস্তিৰ পৰিবৰ্তে ছলিৰ মন মুহিব পাৰা শিক্ষাৰ ব্যৱস্থা হল; আগৰ স্কুল আছিল ভীষণ কাৰাগাৰৰ সদৃশ, তাৰ পৰিবৰ্তে স্কুলক আনন্দ আৰু কৰ্মৰ ক্ষেত্ৰ কৰিবলৈ শিক্ষাবিদ- সকল যত্নপৰ হল।

  ফ্ৰোবেলে আকৌ দেখুৱালে যে শিক্ষা মানে বাহিৰা কথা। মুখস্থ কৰা নহয়; শিক্ষা মানে নিজৰ শক্তিক বাহিৰৰ বস্তুৰ সহায়েৰে প্ৰকাশ কৰা। শিক্ষা-দান তিমান লাগতিয়াল নহয়, যিমান শিক্ষা-গ্ৰহণ অৱশ্যকীয়— শিক্ষকে যত্ন কৰি একো শিকাব নোৱাৰে, যদি লৰাই নিজৰ শক্তি কৰ্মত প্ৰয়োগ নকৰে।

  ফ্ৰোবেলেৰ মতে জন্মত যাৰ যি প্ৰকৃতি, সি ভালো নহয়, বেয়াও নহয়, সি স্বাভাৱিক। এই প্ৰকৃতিৰ গূঢ় মৰ্ম বুজি তাৰ সহায়ত শিশুৰ উপযুক্ত বিকাশ কৰিবলৈ চেষ্টা কৰা হে উৎকৃষ্ট শিক্ষা-বিধানৰ লক্ষ্য। শিশু-প্ৰকৃতি পৰ্য্যবেক্ষণ কৰি চাই ফ্ৰোবেলে পালে যে— শিশু জ্ঞান-আহৰণৰ কাৰণে ব্যস্ত; শিশুএ ডাঙৰৰ সমস্ত ক্ৰিয়া-কলাপ অনুকৰণ কৰি বৰ তৃপ্তি লাভ কৰে, এয়ে ধেমালি; আৰু শিশুএ সদাই কামত লাগি থাকিবলৈ ভাল পায়। এই তিনটা সত্যকে ফ্ৰোবেলে [ ৬১ ] মূল বুলি ললে; আৰু বহুত ভাবি চিন্তি আঁতি গুৰি লগাই তেওঁ শিশু-শিক্ষাৰ কাৰণে কিছুমান সজুলি, কিছুমান খেল, কিছুমান গীত আৰু কেইটামান কাজ উদ্ভাৱন কৰিলে। এইবিলাক সাজ-সৰঞ্জামৰ ভিতৰত তেওঁৰ নিজা দাৰ্শনিক মতৰো এটা গূঢ় ব্যাখ্যা সুমাই থলে-এই মতৰ আলোচনৰ ই ঠাই নয় আৰু ইয়াত আৱশ্যকো নকৰে। এই সজুলি, গীত আদি নিয়মিত ৰূপে ব্যৱহাৰ কৰাই কিণ্ডাৰ-গাৰ্টেন-শিক্ষা।

 ফ্ৰোবেল ঊনবিংশ শতিকাৰ আদি ভাগৰ লোক। ক্ৰমে মনোবিজ্ঞান আৰু শৰীৰ-বিজ্ঞানৰ জ্ঞান বহল হল; ফ্ৰোৱেলে অনেক পৰিমাণে অতীন্দ্ৰিয় গানৰ সহায়েৰে শিশু- প্ৰকৃতিৰ যি আভাস মাত্ৰ দিছিল, অনেক নিঃস্বাৰ্থ জ্ঞান-যোগীৰ সাধনাৰ ফলত সেই জ্ঞানৰ পৰিসৰ ৰাঢ়িল। তেতিয়া পণ্ডিত সকলে বুজিব পাৰিলে যে শিশুৰ বিকাশত যিমান পৰিমাণে স্বাধীনতা দিব পাৰি তিমান ভাল। আৰু প্ৰত্যেক শিশুৰ নিজত্ব যিমান পৰিমাণে ৰক্ষা কৰি শিকাব পাৰি তিমান মঙ্গল-জনক।

 কিন্তু শিক্ষা অৰ্থই স্বেচ্ছা-চাৰিতাত বাধা-দান, অন্ততঃ কিছু পৰিমাণে। আৰু প্ৰত্যেকৰ ব্যক্তিত্ব ৰক্ষা কৰিবলৈ হলে, শ্ৰেণী পাতি একেলগে শিক্ষাদান কৰাও অসম্ভৱ। ইয়াতে শিশু-প্ৰকৃতিৰ লগত শিক্ষা-প্ৰণালীৰ এটা বিৰোধ উপস্থিত [ ৬২ ] হল। এই বিৰোধৰ মীমাংসা কৰিলে, সম্পূৰ্ণকৈ নহলেও বহুত পৰিমাণে, ইতালি-দেশৰ শিক্ষয়িত্ৰী মন্টিছৰীএ। [১]

 ডাক্তাৰ মণ্টিছৰী এতিয়াও জীয়াই আছে। এওঁ আগ ডোখৰত চিকিৎসাশাস্ত্ৰ আৰু শৰীৰতত্ত্ব অধ্যয়ন কৰিছিল; আৰু অনেক দিন কলা-বেঙা-নিৰ্বোধ প্ৰভৃতি শিশুৰ আশ্ৰম এখনৰ অধ্যক্ষ আছিল। এওঁ বহুদিনৰ পৰ্য্যবেক্ষণ পৰীক্ষণ আৰু অধ্যয়নৰ ফল স্বৰূপে শিশু শিক্ষাৰ অৰ্থে কিছুমান যন্ত্ৰৰ উদ্ভাৱন কৰিলে। এই যন্ত্ৰবোৰৰ বিশেষত্ব এই যে তাক শিশুএ নিজে ব্যৱহাৰ কৰিব পৰে আৰু ভুল হলে নিজে ধৰিব পাৰে। এই যন্ত্ৰবোৰৰ সহায়ত শিশুএ ধেমালিৰ ছলতে দশ- ইন্দ্ৰিয়ৰ উৎকৰ্ষ সাধন কৰিব পাৰে, আৰু জানিব লগীয়া অনেক কথা শিকিব পাৰে।

 মণ্টিছৰীৰ শিক্ষা-পদ্ধতিৰ নতুনত্ব এই যে ছলিএ যেতিয়া ইচ্ছা তেতিয়া যন্ত্ৰবোৰৰ ব্যৱহাৰ কৰে, যেতিয়া ইচ্ছা নাই তেতিয়া দৌৰা-দৌৰি কৰে বা আন ধেমালি কৰে বা শোৱে। আৰু মণ্টিছৰীৰ স্কুলত শ্ৰেণী নাই—প্ৰত্যেক ছলি যিমানখিনি শিখিছে তিমানখিনিৰ পৰা নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। শ্ৰেণী পাতি শিক্ষা দিলে শিশুৰ ব্যক্তিত্বৰ বিকাশত বাধা জন্মে; [ ৬৩ ] আৰু বুদ্ধিত কমবোৰ পিছ পৰি থাকে, বুদ্ধিত প্ৰখৰবোৰেও আগ বাঢ়িব নোৱাৰে—সকলোএ মজামাজি ধৰণৰ এবিধ শিশুৰ দৰে হৈ পৰে। মণ্টিছৰী স্কুলত এই অসুবিধা নাই। মণ্টিছৰীৰ মতে, শিশুএ নিজে নিজে হে শিকে; শিক্ষকৰ কাম শিক্ষা দিয়া নহয়, শিশুক শিক্ষা-কামত সহায় কৰা হে। এই কথাকে মনত ৰাখিবলৈ তেওঁ শিক্ষক বা শিক্ষয়িত্ৰীক পৰিচালক বা পৰিচালিকা হে বোলে।

 ফ্লোৰেল বা মণ্টিছৰীৰ উদ্ভাৱিত যন্ত্ৰৰ সহায়ত হে যে শিশু-শিক্ষা দিব পাৰি, আন একাৰে নোৱাৰি, এই কথা হব নোৱাৰে। মূল তথ্য কেইটা বুজি লই যি-সেই বস্তুৰ সহায়ত বা যি সেই প্ৰণালীত শিক্ষা দিলে নিশ্চয় দোষ নঘটে। কিন্তু প্ৰত্যেক শিক্ষকৰ পক্ষে ফ্লোৰেলৰ পৰ্য্যবেক্ষণ-শক্তি আৰু অতীন্দ্ৰিয় জ্ঞান বা মণ্টিছৰীৰ গভীৰ গবেষণা আৰু সহানুভূতি লাভ কৰা সম্ভৱপৰ নহয়।

 ১২। সেই দেখি শিক্ষক হব, খুজিলে এইসকল মহা মহা পণ্ডিতৰ মত আৰু তেওঁলোকে শিক্ষাব্যৱহাৰ কৰা যন্ত্ৰ পাতি আলোচনা নকৰিলে নহয়। আমাৰ দেশৰ বাবে কিণ্ডাৰ-গাৰ্টেন বা মণ্টিছৰীৰ সকলোবিলাক সজুলি উপযোগী নহয়, আৰু উপযোগী হলেও সেইবিলাক, বিশেষ-কৈ মণ্টিছৰীৰ যন্ত্ৰ[ ৬৪ ] বিলাক, ইমান দামী যে আমাৰ দৰে দুখীয়া দেশত সেইবোৰৰ ব্যৱহাৰ কৰি শিক্ষা দিব পাৰি বুলি কল্পনা কৰিবও নোৰাৰি।

 শিক্ষক শিক্ষা-কাৰ্যৰ গুৰিয়াল। তেওঁ নিজে সমস্ত কথা বুজি লই ছাত্ৰক যি দৰে চলাবলৈ বিচাৰে ছাত্ৰ সেই দৰে চলিব। ছাত্ৰ শিক্ষা পথত ভ্ৰমণ কৰে, শিক্ষকে তেওঁক সুগম বাট লগাই দিয়ে। সেই দেখি শিক্ষকৰ কাৰ্য্য গুৰু। ঘোঁৰাক লাগাম লগাই যি ফালে খুচি লৈ যাব পাৰি। কিন্তু অশ্বমেধৰ ঘোঁৰা নিজ খুচি মতে হে ফুৰে; তাৰ ৰক্ষকে হলে যেনেকৈ পাৰে, ঘোঁৰাক নিজ খুচিমতে ফুৰিবলৈ দিও, তাক সম্বৎসৰৰ মূৰত যজ্ঞ-স্থাপন উপস্থিত কৰিব লাগিব। এনে ঘোঁৰাৰ চালক হোৱা অৰ্জুন আৰু লক্ষ্ণণৰ দৰে বীৰৰ হে কাম। শিক্ষকো অশ্বমেধ-যজ্ঞৰ ঘোঁৰা চালক; তেওঁৰ ছত্ৰই সেই ঘোঁৰা। শিক্ষকে ছাত্ৰৰ প্ৰকৃতি অনুসৰিহে তেওঁৰ বিকাশত সহায় কৰিব পাৰে বা শিক্ষা দিব পাৰে। কিন্তু কি শিক্ষা দিব, কিমান দিনত কিমান পৰিমান শিকাব আৰু সেই শিক্ষাৰ সহায়ত ছাত্ৰক কি দৰে গঢ়ি তুলিব—এই আটাইবিলাক কথাৰ স্থিৰ সিদ্ধান্ত কৰিব লাগিব তেওঁ হে।

 সেই দেখি কোৱা আছে—যেনে শিক্ষক, তেনে স্কুল। শিক্ষকে নিজৰ আদৰ্শৰ অনুৰূপে ছাত্ৰক গঢ়ি তোলে। শিক্ষকৰ যদি বিশ্বাস মানুহ কৰ্মী, দক্ষ, অধ্যৱসায়ী, নিৰলস, [ ৬৫ ] ইত্যাদি প্ৰকাৰ গুনী হব লাগে, তেনেহলে তেওঁ সেইবোৰ গুণ ছাত্ৰৰ মাজত প্ৰকাশ হবৰ কাৰণে চেষ্টা কৰে। আৰু তেওঁ যদি ভাৱে মুখস্থ বিদ্যা আৰু পৰীক্ষা-পাছেই মানুহৰ জীৱনৰ লক্ষ্য, তেওঁৰ যত্নও সেইমুখীয়া হয়। আকৌ, জ্ঞাত বা অজ্ঞাতসাৰে ছাত্ৰই শিক্ষকক অনুকৰণ কৰে। সেই দেখি শিক্ষক যেনে প্ৰকৃতিৰ তেওঁৰ ছাত্ৰও সেই প্ৰকৃতিৰ হোৱা দেখা যায়। কৰ্মদক্ষ প্ৰফুল্লচিত শিক্ষকৰ চিন তেওঁৰ স্কুলৰ ঘৰ, চোতাল, ফুলনি, চাকৰ-নাকৰ, এই সকলোতে ফুটি ওলায়—ছাত্ৰৰ কথাই নাই।

 এই কাৰণে, শিক্ষকৰ প্ৰধান কৰ্তব্য, যিমান কথাত পাৰি তেওঁ ছাত্ৰৰ আগত জীৱন্ত আদৰ্শ স্থানীয় হব লাগে। সকলো মহৎ সৎ আৰু পবিত্ৰ কামত ছাত্ৰই শিক্ষককেই আদৰ্শ পাব লাগে। চৰিত্ৰৰ সকলো বিলাক লোভনীয় গুণত— নিৰলসতা, কৰ্মপটুতা, প্ৰফুল্লতা, দয়া, সহানুভূভি—শিক্ষক ছাত্ৰৰ আগত সেই গুণবোৰৰ কায়িক অৱতাৰ যেন হব লাগে। দ্বিতীয়তে, শিশু-চৰিত্ৰত শিক্ষকৰ গভীৰ অভিজ্ঞতা লাগে। এই অভিজ্ঞতাৰ কাৰণে মনোবিজ্ঞানৰ পুথি অধ্যয়নৰ তিমান আৱশ্যক নকৰে, যিমান আৱশ্যক ছাত্ৰ-জীৱনৰ লগত শিক্ষক সহানুভূতিৰ। ছাত্ৰই কোন প্ৰবৃত্তিৰ বশত কি কাম কৰিলে, কোন কথা ছাত্ৰৰ পক্ষে বুজা টান, কোনটো নিয়মত ছাত্ৰ‌ই আত্মসন্মানত হাত পৰা বুলি ভাৱে, কেনে ব্যৱহাৰ ছাত্ৰৰ প্ৰতি [ ৬৬ ] অপ্ৰীতিকৰ—ইত্যাদিবিলাক কথা উত্তম শিক্ষকৰ পক্ষে বুজাব নিতান্ত প্ৰয়োজন। নহলে পদে পদে শিক্ষা-কাৰ্য্যত ছাত্ৰৰ পৰা বাধা পোৱা সম্ভৱ। তেতিয়া শিক্ষা-কাৰ্য্য সংসাৰৰ যাৱতীয় কাৰ্য্যৰ ভিতৰতে উৎকৃষ্ট নহই, সকলোতকৈ অপকৃষ্ট হৈ হে পৰে।

 এইবিলাক কথা আলোচনা কৰি হে বিজ্ঞ লোকে কয়, “প্ৰকৃত শিক্ষক ক্ষণজন্মা পুৰুষ আৰু তেওঁৰ আসন পৃথিৰীৰ ধৰ্মগুৰু সকলৰ তলতে। ”

⸺৹⸺
  1. সম্প্ৰতি মিচ্ পাৰ্থাষ্ট নামেৰে ইংলেণ্ডৰ শিক্ষয়িত্ৰী এগৰাকীও ডাঙৰ ছাত্ৰৰ স্কুলতো এই অসুবিধা গুচাবলৈ নতুন এটা প্ৰণালী উলিয়াইছে। এই প্ৰণালীৰ দৰে 'ডেল্টন প্লেন' (Dalton Plan).