শঙ্কৰদেৱ/শ্ৰীশ্ৰীশঙ্কৰ দেৱ

ৱিকিউৎসৰ পৰা
[ শ্ৰীশ্ৰীশঙ্কৰ দেৱ ]

শ্ৰীশ্ৰীশঙ্কৰ দেৱ

কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি
তৱ পূণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি?
নীৰলে বজাই বীণ কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?
মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণাৰ সুৰেৰেই প্ৰেমমন্দাকিনী ধাৰা
অসীম সাধন বলে নমালা স্বৰ্গৰ পৰা।
বোৱালা ভক্তিৰ সোঁত দিলা ধৰ্ম্ম দিলা জ্ঞান
দিলা ভাষা অসমক কৰিলা জীৱন দান।
তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ,—
গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ।
অসমৰ ৰীতি নীতি অসমৰ সদাচাৰ
অসমৰ ধৰ্ম্মভাব অসমৰ ব্যৱহাৰ—
সকলোকে তুমি দেৱ সজালা নতুন সাজে
তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে।
তোমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত
উঠিছে আকাশ ভেদি কীৰ্ত্তনৰ প্ৰসঙ্গত।

[  ]
“শঙ্কৰ আমাৰ গুৰু” উলাহতে গাই গান

দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান।
তোমাৰ গীতকে শুনোঁ হাবি বন পথাৰত
মানুহৰ মুখে মুখে সকলোৰে অন্তৰত।
কুলু কুলু কুলু সুৰে কাষৰ তটিনী খনি
জগতত প্ৰচাৰিছে মোৰ মহিমা বাণী
তাৰ প্ৰতিধ্বনি উঠি পৰ্ব্বতে কন্দৰে গই
বতাহে সাবঁটি তাকে ৰাথে চিৰকালই।
বেদ উপনিষদৰ বাছি বাছি ফুল তুলি
কত যতনেৰে দেৱ গাঁথিলা ই মালা ধাৰি।
ক্ষুদ্ৰ স্বাৰ্থ ভিন্ ভাৱ আতঁৰাই সৰু বৰ
পিন্ধালা ধৰ্ম্মৰ মালা সকলোকে আদৰৰ।
জগত মুকলি হল, হৃদয় মুকলি পাই
তোমাৰ নিচান লই উলাহতে আগুৱাই।
হেলাৰঙে সমাপিলে যত কাম জীৱনৰ
লভিলে অনন্ত সুখ চিৰ শান্তি কি সুন্দৰ।
জ্ঞানী ভক্ত কৰ্ম্মবীৰ অসমৰ ৰত্ন তুমি
অশেষ যতনে দেৱ সজালা জনম তুমি।
তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত
নিজকে চিনাকী দিয়ে হাঁহি হাঁহি জগতত।
তোমাৰ বলতে আজি হই আমি বলীয়ান

উন্নতি বাটত হঁও ধীৰে ধীৰে আগুৱান।
[  ]

আকাশী নিয়ৰ দৰে তোমাৰ আশীষ বাণী
মৰুময় সংসাৰত বিতৰক শান্তি পানী।
তোমাৰ কৰুণাকণা পাৰে যেন জীৱনত
ভক্তিৰ আঁজলি দিওঁ সাদৰেৰে চৰণত
নাই মোৰ সাতশৰি গজ মুকুতাৰ হাৰ
নাই মোৰ চিক্‌ মিক্‌ হীৰা বছা অলঙ্কাৰ।
ভগা বীণা খনি মোৰ নোৱাৰোঁ তুলিব তান
নোৱাৰোঁ মধুৰ সুৰে ৰচিব নতুন গান।
কিহেৰে পূজিম দেৱ আজি এই শুভ দিনে?
ভাবতে বিমোৰ হই নিৰাশ আকুল মনে—
আনিলোঁ বনৰ ফুল বনে বনে ফুৰি ফুৰি
কপাহী সুতাৰে দেৱ গাথিলোঁ ই মালা ধাৰি
চকুলো সমল মোৰ ক্ষুদ্ৰ এই অভাগাৰ
লোঁৱা দেৱ লোঁৱা আজি হৃদয়ৰ উপহাৰ।
শ্ৰীযতীন্দ্ৰনাথ দুৱৰা।