লীলা/সৰ্গ-২৫

ৱিকিউৎসৰ পৰা
[ ৭৫ ]
২৫। সৰ্গ।
লীলা-সামৰণ

 জুৰিলোঁ পুনৰ আহি পুৰণি সংসাৰ,
পুৰণি ক্ষেত্ৰত ঘূৰি নৱ উলাহেৰে।
নামত পুৰণি অতি, নগৰ প্ৰধান,
পুৰণি 'শোণিতপুৰ'; বাণ নৰপতি,
অমৰ কিৰীটি পিন্ধি অন্তৰ্দ্ধান য'ত।
উষা দেবী সৃষ্টি-লীলা প্ৰকাশি জগতে,
অগ্নিগড় মাজে য'ত হল অন্তৰ্হিত।
আৰু কত সোঁৱৰণী-উন্নত, মহান্,—
বুকে-বন্ধা নগৰীত ঘূৰি লীলাৱতী,
আধা অঁকা সংসাৰৰ লীলা-চিত্ৰ লই,
আৰম্ভিলে ৰহণৰ পূৰ্ণ প্ৰলেপন,
পুণ্য লীলা জেউতিৰে পূৰ্ণ আকৃতিত।
উজলিল ছবিটিৰ দীপ্তি লীলাময়ী,
নুমাবৰ পূৰ্ব্বভাগে বন্তি-শলাকানি।
কিবা ৰূপে, কিবা ভাৱে, কিবা পাকনিত,
ঘূৰিল সংসাৰ-লীলা অপূৰব ধাৰে।
একজ্ঞান, একধ্যান, একমন্ত্ৰ স্মৰি,
একান্ত সেৱাত মতি, জন্মশোধ মানি,
স্বামীপদ তলে। শুশ্ৰূষাৰ অন্তসীমা

[ ৭৬ ]

উদ্দেশ্য প্ৰাণত। মনে মনে মন বুজে,
ভাব বুজে চাওঁতেই; সঙ্কেতে যোগান
প্ৰাণৰ বিচৰা কিবা; প্ৰাণে প্ৰাণ দিয়া,
বিপদে সম্পদে অহ, অৰ্ধাঙ্গিনী লীলা।
জন্মান্তৰে মিলনৰ, প্ৰাণপতি সতে,
পূৰ্ণভাব প্ৰতিভাত, পূৰ্ণহিয়া জুৰি।
আচৰিত, দেখি হাঁয়, আধ্যাত্মিক ভাব,
অষ্টাদশ বছৰীয়া যুৱতী লীলাৰ।
বুজনি সুৰত পমে, একাণপতীয়া,
জিৰণি আসন বাৱেঁ, শুনাওঁ যেতিয়া,
জন্ম-জন্মান্তৰ কথা, চিন্তা-শাস্ত্ৰে লিখা,
বিবেকৰ পাতনি টীকাত। কিযে শান্তি,
বিৰিঙ্গে বিমল মুখে; দাপোণ হিয়াৰ।
দান, দয়া, ক্ষমা, সেৱা দুখিত জনাক,
যত্ব-স্নেহ, মাতৃৱত, শিষ্য-পুত্ৰ সৱে,
দিনে কৰ্ত্তব্যত কৰি সাৰোগত,
স্বৰ্গৰ চোঁচনি জ্যোতি জিলিকনি মুখে,
শান্তিময়ী লীলা, অপেক্ষি যাত্ৰাৰ দিন।
ইৰূপে মাহেক দুই সাধনাৰ ফলে,
উদিল শৰত জোন, উজ্বলি জগত,
শীতলি প্ৰকৃতি বুকু, স্নিগ্ধ শোভা মেলি।
দুৰ্গাদেৱী ভগৱতী, দুৰ্গতি নাশিনী,
ভকত প্ৰাণৰ সদা মুক্তি প্ৰদায়িনী,
আবিভূৰ্তা হল আহি কৰ্ত্তব্য সুমৰি।

[ ৭৭ ]

সুপ্ৰসন্না ভগৱতী, লীলা-ভকতিত,
মুক্তিলাভ দিলে বৰ, শুভক্ষণ গণি।
সপ্তমীত আৰম্ভণ, অন্ত দশমীত,
দেবীপূজা লগে লগে স্বামীসেৱা ব্ৰত।
চাপিল ওচৰ ক্ৰমে মহাযাত্ৰা দিন,
বিজয়া দশমী। গোসাঁনীৰ লগে লগে,
ভাহি গল প্ৰাণ; কৰি ব্ৰত সমাপন,
স্বামী পূজা ভাগ। নিবেদিলে অন্তিমত,
নিৰ্দ্দেশি প্ৰকাশ্যে হীৰাৱতী সখীয়াক
সহধৰ্ম্ম পালনৰ ভাবী গৰাকিনী;—
অন্তিমৰ অনুৰোধ স্বামী-চৰণত,
গৃহধৰ্ম্ম চলে যেন সেই অনুক্ৰমে।
ললেহি আসন পাচে, মাউৰ কোলাত,
প্ৰকাশ্যে বিদায় মাগি স্বামী-চৰণত।
সাত দিন সাত ৰাতি, সপ্ত শিষ্যে বেৰি,
ৰাখিলোঁ সাবটি। মানৱ বান্ধনি হাঁয়,
থাকিল বান্ধতে!—কৃষ্ণপক্ষ দ্বিতীয়াৰ
ভৰ-দুপৰত, সামৰি সংসাৰ-লীলা,
স্বৰ্গত জিলিকে গই পুণ্যা লীলাৱতী।

অন্ত
৬ পুহ,১৮২১ শঁক।