যোৰানাম

ৱিকিউৎসৰ পৰা

যোৰানামসমূহ বিহুত লেনীয়াকৈ নাগাই চুটি চুটিকৈ সুৰ লগাই গোৱা হয়। যোৰানাম ৰাতি বিহু, মুকলি বিহুৰ এক উল্লেখনীয় অংগ বুলি জনা যায়। আচলতে ডেকা- গাভৰুৰ প্ৰশ্নোত্তৰ জাতীয় বা ধেমালিসূচক ভাৱৰ আদান প্ৰদানৰ মাধ্যম এই যোৰানামসমূহ। প্ৰথমে ডেকাই, পিছত গাভৰুৱে গায়। তাৰে কিছুমান যোৰানাম-


১. ডেকা: "থুৰিয়াই কাটিলোঁ তামোল তিনিখনি, নুৰিয়াই বান্ধিলোঁ পাণ - পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ, ক'তে নো দাই আছিলা ধান।"

গাভৰু:"থুৰিয়াই কটা নাই তামোল তিনিখনি, নুৰিয়াই বন্ধা নাই পাণ - পথাৰে পথাৰে বিচাৰি ফুৰা নাই, দলনিত দাইছিলোঁ ধান।"

২. ডেকা:"মাৰে নিদিয়ে বাপেৰে নিদিয়ে, মই হ'লো দুখীয়া ল'ৰা, জীয়াই থাকোঁ মানে দেখিম ঐ লাহৰী, কিমান চহকীলৈ পৰা।"

গাভৰু: "দুখীয়া চহকী নহয় নিজে কৰা, সকলো ঈশ্বৰৰ বন; ৰজাৰো জীয়েক গৈ পাৰে খৰিভাৰীত তালৈ জানো কৰিছা মন।"