বুৰঞ্জীবোধ/কাউন্সিলে সৈতে চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট

ৱিকিউৎসৰ পৰা

[ ১০৪ ]

৪। পাঠ।
কাউন্সিলৰে সৈতে চীফ কমিচনাৰৰ গৱৰ্ণমেট।

 পূৰ্ব্ববঙ্গৰপৰা বিলগ হৈ অসম আকৌ আগৰ দৰে সুকীয়া প্ৰদেশ হল। অসমত আকৌ চীফ কমিচনাৰৰ শাসন চলিল। কিন্তু, এইবাৰ চীফ্‌ কমিচনাৰৰ লগত এখন লেজিচ্‌লেটীভ [ ১০৫ ] কাউন্সিল বা আইনকাৰী মন্ত্ৰী-মেল দিয়া হল। এই কাউন্সিল ১১ জন প্ৰজাই বাছি দিয়া আৰু ১৩ জন গৱৰ্ণমেণ্টৰ বাছনি মতে হোৱা “অনৰেল মেম্বৰ" ৰাজকাৰ্য্যৰ আলোচনাত যোগ থকাৰ নিয়ম হল। চীফ্‌ কমিচনাৰ চাহাব সেই কাউন্সিলৰ প্ৰেচিডেন্ট বা মন্ত্ৰীসভাৰ সভাপতি মনোনীত হল। অনৰেবল চাৰ আৰ্চডেল আৰ্ল চাহাব ১৯১২ খ্ৰীষ্টাব্দত ১ এপ্ৰিলৰপৰা এই নতুন গৱৰ্ণমেণ্টৰ পোন্‌-প্ৰথম চীফ্‌ কমিচনাৰ হয়।

 অনৰেবল চাৰ আৰ্চডেল আৰ্ল চাহাবে প্ৰজাৰ উপকাৰৰ নিমিত্তে ভালেমান মহৎ কাৰ্য্য কৰিছিল। তাৰ ভিতৰত, গাৱঁলীয়া স্বাস্থ্যৰ উন্নতি বিধান, গাৱঁলীয়া মেল বা পঞ্চায়ত স্থাপন, ৰেল আৰু বাট-ঘাটৰ উন্নতি বিধান, নগৰে-গাওঁৱে বিশুদ্ধ খোৱাপানী যোগানৰ দিহাকৰণ, অসমৰ পুৰণি তথ্য উদ্ধাৰত উৎসাহ দান, আহোম সম্প্ৰদায়ৰ উন্নতিলৈ বিশেষ সুবিধা দান, অসমত আইন- কলেজ স্থাপন, শ্বিলঙ্গত ইণ্ডিয়ান আলহী আশ্ৰম স্থাপন, পেষ্টিয়ৰ ইন্‌ষ্টিটিউট বা বলিয়া জন্তুৱে কামোৰাৰপৰা হোৱা ৰোগৰ চিকিৎসালয় স্থাপন, অসম লোকাল চেল্‌ফ গৱৰ্ণমেণ্ট আইন প্ৰচলন এইবিলাকেই ঘাই। ইয়াত বাজেও আৰু ভালেমান বিষয়ত অসমৰ উন্নতি সাধিবলৈ চাৰ আৰ্চডেলৰ সংকল্প আছিল। পিছে, তেওঁৰ শাসনৰ মাজতে ইউৰোপত মহাৰণ লাগি উঠে। সেই হেতুকে ৰাজ-ভঁড়ালত ধন-বস্তুৰ নাটনি পৰাত সেই সংকল্প তেওঁ কাৰ্য্য কৰি উঠিবগৈ নোৱাৰিলে। তথাপি, পাৰ্য্যমানে প্ৰজাৰ উপকাৰ কৰিবলৈ তেওঁ যত্নৰ ত্ৰুটী কৰা নাছিল। চাৰ [ ১০৬ ] আৰ্চেডেল আৰ্ল এজন প্ৰজাৰঞ্জক শাসনকৰ্ত্তা আছিল। তেওঁৰ শাসনৰ কাল উকলি যোৱাৰ পাছতো তেওঁক আৰু এবছৰৰ সময় বঢ়াই দিয়া হৈছিল। তাৰ পাচত, ১৯১৮ চনৰ ৩১ মাৰ্চলৈকে পূৰা ছবছৰ তেওঁ অসম শাসন কৰি, অসমত অভগন সুনাম থৈ, ইয়াৰপৰা পেন্‌চনত মেলানি লৈ ঘৰলৈ গলগৈ। চাৰ আৰ্চডেল আৰ্ল এজন অমায়িক ভদ্ৰলোক শাসনকৰ্ত্তা আছিল।

 চাৰ আৰ্চডেল আৰ্ল যোৱাত, অনৰেবল মিঃ এন, ডি, বিট্‌চন বেল অসমৰ চীফ্‌ কমিচনাৰ হয়। তেওঁ ইয়াৰ আগেয়েও অসমৰ এজন সুদক্ষ ৰাজকৰ্ম্মচাৰী ছিল। তেতিয়া তেওঁ অসম গৱৰ্ণমেণ্টৰ মাটিবিভাগৰ ডিৰেক্টৰ আছিল। তাৰ পাচত, তেওঁ পূৰ্ব্ববঙ্গ আৰু অসম গৱৰ্ণমেণ্টৰ চীফ্‌ চেক্ৰেটেৰী হৈছিল। তেওঁৰ চীফ্ কমিচনাৰীৰ কাল-পূৰ হবলৈ নৌ পাওঁতেই অসমৰ চীফ্‌ কমিচনাৰৰ ঠাইত গৱৰ্ণৰ হোৱাৰ নিয়ম প্ৰচলিত হয়।

 মুঠ্‌-কথা।—১৯১২ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসমত দ্বিতীয়বাৰ চীফ্‌ কমিচনাৰৰ শাসন প্ৰচলিত হয়। ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীত পোনপ্ৰথম অসম-কাউন্সিল গঠিত হয়। এই কাউন্সিল বৰ মানী আৰু কাজুৱা আছিল। চাৰ আৰ্চডেল আৰ্ল এই নতুন গৱৰ্ণমেণ্টৰ প্ৰথম চীফ্‌ কমিচনাৰ। অনৰেবল মিঃ বিট্‌চন বেল অসমৰ শেহ চীফ্‌ কমিচনাৰ।

⸺৹⸺