বাৰ্তা:মন মেৰি ৰাম চৰণেহি লাগু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা


মূল কথা ---বিষয় বাসনাত মত্ত জীৱৰ ভগৱান উপলদ্ধি সহজে নহয়৷ অজগৰ ৰূপী কাল সৰ্পৰ বুকুত জীৱন আয়ু শেষ হৈ আহে৷ সেয়েহে মায়াক ত্যাগ কৰি ৰামৰ চিন্তাত মনক নিৰূপিত কৰিবলৈ গীতটিত গুৰুজনাই জীৱক সকিয়নী দিছে ৷

[এই গীতটি ৰচনাৰ কাল –গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণ৷ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয় ৷ বদৰিকা আশ্ৰমত গুৰুজন থাকোতে এটা ঘটনাৰ উল্লেখ গুৰু চৰিত্ৰত পোৱা যায়৷ ‘’..গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ ৷ তাত দক্ষিণ বাহুত বাঢ়িছে মাংস ৷ সৰ্ববজয় আতৈ বোনে , কিবা হবহে৷ গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে৷’’…ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল ,মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক ৷ ]