বাকীছোৱা জীৱন/এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত

ৱিকিউৎসৰ পৰা
[ ৪০ ]

এনথ্ৰ'প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত (An.S.I)

 ১৯৭৫ চনত পুনে বিশ্ববিদ্যালয়ত থিছিছ জমা দিয়াৰ এবছৰৰ ভিতৰত মোৰ নামৰ আগে-পাছে কেইটামান আখৰ যুক্ত হোৱা বুলি কোৱা হৈছে। এতিয়া তাৰ সদ্ব্যৱহাৰ কৰো কেনেকৈ? মই সাংসাৰিক জীৱনত বন্দী। গতিকে কলকাতাতে থাকি [ ৪১ ] যদি কিবা কৰা যায় সেই চিন্তা কৰিলো। পিছে বেছি চিন্তা কৰিবলগীয়া নহ'ল। এ এন এছ আইত Post Doctoral Research Fellowship এটা পালো তিনি বছৰৰ বাবে। বংশগতি (Heredity) মোৰ প্ৰিয় বিষয়। দেহকোষত থকা অসংখ্য জিনৰ এটাত খুঁত থাকিলেও সেই জিনটোৰ ধাৰকজন বংশগতভাৱে প্ৰতিবন্ধী বা খুঁত থকা হ'ব পাৰে। কিছুমান খুঁত আকৌ দেউতাক-মাকৰ বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। উল্লিখিত ফেলশ্বিপটো পোৱাৰ পাছত এনেধৰণৰ কাম এটা হাতত লৈছিলো। চাৰ্ভেৰ সঞ্চালক হিচাপে পাইছিলো ড° কুমাৰ সুৰেশ সিঙক। তেওঁ মূলতে এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া যদিও তেওঁৰ আছিল অগাধ পাণ্ডিত্য। ইতিহাসৰ ছাত্ৰ ড° সিঙে বিহাৰত চাওতাল বিদ্ৰোহ সন্দৰ্ভত গৱেষণা কৰিছিল। তেতিয়াই তেওঁৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ (ethnic group) প্ৰতি আগ্ৰহ বাঢ়ে আৰু নৃতাত্বিক গৱেষণাৰ ফালে ঢাল খায়। তাৰ পাছতে তেওঁ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ সঞ্চালক পদত অধিষ্ঠিত হয়। কামত যোগ দিয়েই তেওঁ এটা অতি মূল্যৱান আঁচনি হাতত লৈ সফলতাৰে ভাৰতৰ সকলো জনগোষ্ঠীক সামৰি এনছাইক্লোপিডিয়া সদৃশ এলানি পুস্তক ৰচনা কৰে। ইন্দিৰা গান্ধীৰ শাসনকালত ড° সিঙক এবাৰ প্ৰমোচন দিয়া হৈছিল যদিও তেওঁ নৃতাত্বিক গৱেষণাৰ কাম অসম্পূৰ্ণ অৱস্থাত এৰি থৈ যোৱা নাছিল। নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৱান মানুহগৰাকী এবাৰ বিহাৰত প্ৰশাসনীয় বিষয়া হিচাপে কাম কৰি থাকোতে সেই অঞ্চলত দেখা দিয়া দুৰ্ভিক্ষৰ অতি তৎপৰতাৰে মোকাবিলা কৰিছিল। দুৰ্ভিক্ষপীড়িত মানুহৰ প্ৰতি ড° সিং ইমানে সহানুভূতিশীল হৈ পৰিছিল যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁ নিজেও পেট ভৰাই খোৱা-বোৱা কৰা নাছিল।

 কেইবছৰমান আগতে শুনিলো ড° কুমাৰ সুৰেশ সিঙৰ মৃত্যু হৈছে। এওঁ আমাৰ গৃহস্থক বৰ সন্মান কৰিছিল আৰু দাদা বুলি মাতিছিল। সেই সূত্ৰে আমাৰ লগত এটা ঘৰুৱা সম্পৰ্কও স্থাপিত হৈছিল। ঘৰুৱা কোৱা ঠিক নহ’ল, দাদা আৰু ভায়েকৰ সম্পৰ্কহে গভীৰ আছিল। যেনে দাদা তেনে ভায়েক। একেলগ হ’লে কেৱল পঢ়া-শুনা আৰু গৱেষণাৰ আলোচনা। এদিনলৈ নুশুনিলো আন কোনো বিষয়ে কথা কোৱা। বোধকৰো কাৰ ল’ৰা-ছোৱালীয়ে কি কৰে তাকো জনাৰ ইচ্ছা কাৰো নাছিল। মগজু আৰু কামৰ অতিৰিক্ত হেঁচাতে বোধকৰো ড° সিঙৰ অকালতে হৃদযন্ত্ৰৰ ক্ৰিয়া স্তব্ধ হৈ পৰিল। আমাৰ গৃহস্থৰ ভাগ্য ভাল। ধুবুৰীৰ ভোলানাথ বৰুৱা কলেজত এবাৰ একেৰাহে থিয়ৈ থিয়ৈ বহু সময় ধৰি বক্তৃতা দি থকাৰ সময়ত কোনোবা হৃদয়ৱান [ ৪২ ]

এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ সহকৰ্মীসকলৰ সৈতে লেখিকা

[ ৪৩ ]

ব্যক্তিৰ ধাৰণা হ’ল বক্তাৰ উচ্চ ৰক্তচাপ আছে। গতিকে তাৰ পাছতে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰোৱা হ’ল আৰু তেতিয়াৰ পৰা দৰৱ পাতি খাই থকা বাবে নব্বৈৰ ফালে ধাৱমান হৈ থাকিব পাৰিছে। নহ’লে?

 মই কাম কৰিছিলো ড° দেৱপ্ৰসাদ মুখাৰ্জীৰ তত্ত্বাৱধানত। মানুহগৰাকী অত্যন্ত মেধাৱী, অলপ চেৰাবলিয়াও। যি কি নহওক, নৃতত্ব বিষয়টো অধ্যয়ন কৰিবলৈ হ’লে ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামূলক। সেই উদ্দেশ্য মই কলকাতাৰ বিভিন্ন হাস্পতালত ৰক্ষিত জন্ম সংক্ৰান্ত নথি-পত্ৰ (birth record) বোৰৰ পৰা সেইবোৰ হাস্পতালত সহজাত বিকৃতি বা খুঁতসহ ওপজা শিশুৰ সংখ্যা, মাক-দেউতাকৰ বয়স ইত্যাদি নানা দিশ সামৰি তথ্য-পাতি গোটাবলৈ ধৰিলো। এই সংক্ৰান্তত কেৱল ডাটা সংগ্ৰহ কৰাই নহয়, হাস্পতালত চিকিৎসক, সেৱিকা, ৰোগী আৰু তেওঁলোকৰ আত্মীয়-স্বজনক লগ পোৱাৰ সুযোগো ঘটিল। মানুহৰ নৃতাত্বিক অধ্যয়ন কৰা মোৰ বিষয় যদিও তেওঁলোকৰ লগত চা-চিনাকি হৈ তেওঁলোকৰ সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হোৱাটো মোৰ হবি।

 কলকাতাৰ এছ এছ কে এম হাস্পতালত যাক পি জি হাস্পতাল বুলিয়ে মানুহে সাধাৰণতে কয়, ডাটা সংগ্ৰহ কৰিবৰ সময়ত লগ পাইছিলো বন্দনা (নামটো সলাই দিয়া হ’ল) নামৰ এগৰাকী ডাক্তৰক। তেওঁৰ লগত ইমানে ঘৰুৱা হ’লো যে মাজে মাজে বহি মোৰ লগত সুখ-দুখৰ কথা পাতিছিল। তেওঁ আছিল এটা বিভাগৰ কৰ্ম-কৰ্তা, সকলোৱে সম্ভ্ৰম কৰে। কাম-কাজ, কথা-বতৰাত আভিজাত্যৰ চাব। সাংসাৰিক জীৱনত তেওঁ যে ৰিক্ত, নোকোৱা হ’লে কেতিয়াও নাজানিলোহেঁতেন। বৰ অভিজাত ঘৰৰ একেজনী ছোৱালী, নিজেও কেইবাটাও ডিগ্ৰীধাৰী চিকিৎসক। বিয়া কৰালে তেওঁৰ ঘৰুৱা শিক্ষকক, কোৱা বাহুল্য ঘৰৰ অমতত। ঘৰুৱা শিক্ষকজনে অৱশ্যে পাছত মধ্যমীয়া চৰকাৰী চাকৰি এটা পাইছিল। বিয়াৰ পাছত পিতৃপ্ৰধান সমাজৰ নিয়মমতে স্বামীজন ঘৰৰ মুৰব্বী হ’ল। তেওঁৰ কথামতে সকলোৱে উঠ-বহ কৰিব লাগে। বন্দনাই দুখ কৰি কৈছিল যে নিজে হাজাৰে হাজাৰে অৰ্জা টকাৰ ওপৰতো হেনো তেওঁৰ নিজৰ অধিকাৰ নাই, গৃহস্থই সকলো কন্ট্ৰোল কৰে। যি কোনো বস্তু কিনিবলৈ মন গ’লে পতিদেৱতাৰ অনুমতি ল’ব লাগে। মোৰ ধাৰণা পতিজন হয়তো ডিক্টেটৰ নহয়, পিতৃতান্ত্ৰিক সমাজে দিয়া অধিকাৰ সাব্যস্ত কৰিছে। তেওঁ নিজৰ দেউতাকক দেখিছে, ককাকক দেখিছে, সমাজৰ সকলোকে দেখিছে ঘৰৰ মুৰব্বী হৈ সকলোকে শাসন কৰা। তেৱোঁ তাকেই কৰিছে, তেহেলৈ তেওঁৰ পত্নী যিয়েই নহওক।

[ ৪৪ ]  একেটা বিভাগত পাইছিলো হৰেশ্বৰী জানা (নাম সলাই দিয়া হ’ল) নামৰ এনাচ্থেছিষ্ট এগৰাকীক। তেওঁলোক কলকাতাৰ পৰা অলপ আঁতৰত থাকে। স্বামীজনো চিকিৎসক। ঘৰৰ ওচৰতে তেওঁৰ চেম্বাৰ। হৰেশ্বৰীয়ে তেওঁৰ ড্ৰাইভাৰজনক শিকাইছিল ৰোগীক অক্সিজেনৰ যোগান ধৰিবলৈ। হৰেশ্বৰীৰ কাম অপাৰেশ্যন টেবুলত ৰোগীক অজ্ঞান কৰা আৰু সময়মতে জ্ঞান ওভোতাই অনা। ড্ৰাইভাৰে নবৌয়েকৰ কৃতিত্বত অবাক হৈছিল। ঘৰলৈ গৈ হেনো হৰেশ্বৰীৰ শহুৰ শাহু-দেওৰ-ননদ সাহায্যকাৰী আদি সকলোকে ড্ৰাইভাৰজনে চিঞৰি চিঞৰি কৈছিল— ‘দাদাতকৈ নবৌ বেছি ডাঙৰ ডাক্তৰ। নবৌ স্বয়ং আই গোসাঁনী, তেওঁ মানুহক মাৰিবও পাৰে, বচাবও পাৰে।’ হৰেশ্বৰীয়ে হাঁহি হাঁহি আমাক কৈছিল যে পুতেকতকৈ বোৱাৰীয়েকক উচ্চ স্থান দিয়া বাবে শাহু আই ড্ৰাইভাৰজনৰ ওপৰত হৈছিল খড়গ হস্ত! ঘৰৰ কাম কৰা আৰু ওচৰ-চুবুৰীয়াৰো কাম কৰাসকলে ড্ৰাইভাৰৰ কথা শুনি হৰেশ্বৰীক বৰ সন্মান কৰিছিল। সিহঁতে হেনো কোৱাকুই কৰিছিল, ‘সেয়েহে নবৌক কলকাতা মহানগৰীৰ ডাঙৰ ডাঙৰ হাস্পতালবোৰে মাতে আৰু দাদাই এই অনুন্নত ঠাইখনৰ দুখীয়া মানুহৰ চিকিৎসা কৰে। কোৱা বাহুল্য, হৰেশ্বৰীক ঘৰৰ মানুহে ভাল নোপোৱা হ’ল। শাহুয়েকে নমতাই হ’ল।

 হৰেশ্বৰীক বেয়া পোৱা হৈছিল তেওঁলোকৰ কাষৰ পৰিয়ালটোৱেও। আজিকালি বহুতে জনা হৈছে যে কেৱল নাৰীয়ে নহয় পুৰুষো বন্ধ্যাত্বৰ বলি হ’ব পাৰে। কিছুমানে আকৌ জানিও নাৰীকে জগৰীয়া কৰে। যি কি নহওক, হৰেশ্বৰীয়ে তেওঁৰ শোৱা কোঠাৰ পৰা প্ৰায়ে কাষৰ ঘৰৰ গৃহিণীগৰাকীৰ বিননি শুনিবলৈ পাইছিল। বোৱাৰীয়েকজনী হেনো বাজী। বংশত চাকি এগছ জ্বলাবলৈ আজি অতবছৰে নাতি এটাৰ মুখ নেদেখিলে। পুতেকক আকৌ বিয়া কৰাই নিদিলে উপায় নাই। বেচেৰী বোৱাৰীয়েকজনীয়ে হেনো কাঠগড়াৰ আচামীৰ দৰে মূৰ তল কৰি থাকে। শুনি শুনি বিৰক্ত হৈ হৰেশ্বৰীয়ে এদিন তেওঁলোকক প্ৰস্তাৱ দিলে যে পুতেক-বোৱাৰীয়েকক তেওঁ নিজে ভাল ডাক্তৰৰ ওচৰলৈ পৰীক্ষা কৰাবলৈ লৈ যাব। শাহুয়েক আচৰিত, পুতেকক নিব কিয়? হৰেশ্বীয়ে বুজাই ক’লে সিও বন্ধ্যা হ’ব পাৰে। বুঢ়ী আচৰিত, পুৰুষ আকৌ বন্ধ্যা হ’ব পাৰে নে? যি কি নহওক, এদিন বুঢ়ীৰ পুতেক-বোৱাৰীয়েক দুয়োকে ডাক্তৰনীয়ে কলকাতালৈ লৈ গ’ল। দুদিনমান পাছত হৰেশ্বৰীয়ে কাষৰ ঘৰলৈ গৈ সকলোৱে শুনাকৈ ক’লে— ‘মাহীদেউ, আপুনি নাতি বিচাৰি ল’ৰাৰ আকৌ বিয়া পাতিব খুজিছিল নহয়। হেজাৰজনীক বিয়া কৰালেও আপোনাৰ ল’ৰাই [ ৪৫ ] সন্তান উৎপাদন কৰিব নোৱাৰিব। বৰঞ্চ বোৱাৰীক বিয়া দিয়ক। আপোনাৰ ল’ৰাৰ লগত থাকি কিয় বেচেৰীয়ে মাতৃত্বৰ সোৱাদৰ পৰা বঞ্চিত হ’ব।'

 বুঢ়ী জকি উঠিল— ইমান চিঞৰি চিঞৰি সকলোৱে শুনাকৈ কথাবোৰ কোৱা বাবে। হৰেশ্বৰীয়ে কৈছিল তেৱোঁতো বোৱাৰীয়েকক বাজী বুলি সকলোৱে শুনাকৈয়ে কৈ থাকে। তাৰ পিছত ডাক্তৰনীক বাৰু কোনে ভাল পাব পাৰে! আমি আলোচনা কৰিছিলো পৃথিৱীখনত বহু পৰিবৰ্তন আহিলেও পিতৃতান্ত্ৰিক সমাজত মহিলাৰ প্ৰতি দৃষ্টিভংগীত বিশেষ পৰিবৰ্তন অহা নাই। বৰঞ্চ শিক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বাধীন মহিলাসকল ঈৰ্ষাৰ বলি হৈছে।

 মনত পৰিছে ৰত্না নামৰ আন এগৰাকী ডাক্তৰলৈ। হাঁহি-মাতি থকা মহিলাগৰাকীক কন্দনামুৱা যেন লাগিল এদিন। সিদিনা তেওঁৰ ইমাৰ্জেন্সী অপাৰেশ্যন আছিল। হাস্পতালত সোমাই স্বামীজনে কৈ গ’ল তেওঁৰ ভনীয়েক আৰু ভনীজোঁৱায়েক দুদিনৰ বাবে আহি আছে ল’ৰা-ছোৱালীৰে সৈতে। বজাৰৰ পৰা শাক-পাচলি আৰু এটা ৰৌমাছ আনি ঘৰত থৈ যোৱা বুলি জাননী দি তেওঁ ওলাই গ’ল। তেওঁলোকৰ কোৱাৰ্টাৰ হাস্পতালৰ চৌহদতেই। ৰত্না কন্দনামুৱা হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ কাম কৰা মহিলাগৰাকী ছুটী লৈ ঘৰলৈ গৈছে। ল’ৰা দুটাক সংগ দিবলৈ ঘৰত আছে এজনী সৰু ছোৱালী। মাছেই বা কাটে কোনে, পাচলিয়েই বা কাটে কোনে! মুমূৰ্ষু ৰোগীগৰাকীৰো খা-খবৰ কৰি থাকিব লাগিব। অ’ টিত সোমাবলৈ তেওঁ উঠি গুচি গ’ল। মই আৰু মোৰ সহকৰ্মী জয়া নিজ নিজ কামত বহিলো। জয়া আছিল ৰত্নাৰ স্কুলীয়া জীৱনৰ বন্ধু। অলপ পাছত বগা এপ্ৰন, গ্লাভছ আদিৰে ছাৰ্জনৰ পোছাক পিন্ধা ৰত্নাই অ’ টিৰ পৰা ওলাই আহি জয়াক ক’লে পুৰণি বন্ধু হিচাপে সহায় এটা কৰি দিবলৈ। আজিৰ ডাটা সংগ্ৰহৰ কামখিনি স্থগিত ৰাখি যদি তেওঁৰ কোৱাৰ্টাৰলৈ গৈ পাচলি আৰু মাছখিনি কাটি-কুটি থৈ আহে তেনেহ’লে চিৰকৃতজ্ঞ হৈ থাকিব। মই উপযাচি কৈছিলো, ‘ৰত্না তুমি মুমূৰ্ষু ৰোগীজনক নিশ্চিন্ত হৈ অপাৰেশ্যন কৰা, জয়াৰে সৈতে গৈ ময়ো তোমাৰ ৰান্ধনি ঘৰত সোমাম।’ ৰত্নাই ইতিমধ্যে ফোন কৰি ৰান্ধনি এজন যোগাৰ কৰিছিল। আমি দুয়ো ফাইল-চাইল সামৰি ৰত্নাৰ কোৱাৰ্টাৰত মাছ আৰু পাচলি কটাত লাগিলোগৈ। হায়ৰে নাৰী! তুমি ছাৰ্জনে হোৱা বা হাকিমে হোৱা ৰান্ধনিঘৰৰ চিন্তাই তোমাক ওৰে জীৱন খেদি ফুৰিব। এইখিনিতে কথা এষাৰ কৈ থওঁ ইমান ডাঙৰ মাছ আগতেও কটা নাছিলো, আজিলৈকে কাটি পোৱা নাই। সিদিনা যে কেনেকৈ কাটিছিলো!

[ ৪৬ ]  ছাৰ্জনৰ পোছাক পিন্ধি কেইবাবছৰ আগতে অ’ টিৰ পৰা ওলাই প্রায় একেটা কাৰণত অসম মেডিকেল কলেজ, ডিব্ৰুগড়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ হৰেন শৰ্মাই মোক এটা অনুৰোধ কৰিছিল। প্রথম সন্তানৰ আগমনৰ প্ৰতীক্ষাত আমাৰ ভনী খুকু তেতিয়া অপাৰেশ্যন টেবুলত। চিজাৰিয়ান চেকশ্যন কৰিব ডাঃ শৰ্মাই। মই নাৰ্ভাছ হৈ হাস্পতালৰ বাৰাণ্ডাত পায়চাৰী কৰি আছিলো। সেইখন কলেজৰে অধ্যাপক ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস উচ্চ শিক্ষার্থে তেতিয়া ইংলেণ্ডত থকা বাবে মা আৰু মই ডিব্ৰুগড়ত আছিলোগৈ। সেই সময়ত খুকুই এদিন পৰিয়ালৰে সৈতে ডাঃ শৰ্মা আৰু দুঘৰমান ডাক্তৰক নিমন্ত্ৰণ কৰি খুৱাইছিল। মই ৰন্ধা মুৰ্গীৰ মাংসৰ আঞ্জাখন বৰ সোৱাদলগা হোৱা বুলি বখানি ডাঃ শৰ্মাই সিদিনিাই কৈ থৈছিল এম বি বি এছ পৰীক্ষা ল’বলৈ কলকাতাৰ পৰা আহিবলগীয়া অধ্যাপক দুগৰাকীক তেওঁলোকৰ ঘৰত খুৱাবৰ দিনা মই যেন মাংসৰ আঞ্জাখন ৰান্ধো। তেওঁলোকৰ কোৱাৰ্টাৰটো খুকুহঁতৰ সন্মুখতে, মাংস ৰন্ধানো কি ডাঙৰ কাম! পিছে খুকুক হাস্পতালত ভৰ্তি কৰাৰ দিনাই যে সেই দিনটো আহি উপস্থিত হ’ব কোনেনো জানিছিল! ছাৰ্জনৰ পোছাক পিন্ধা ডাঃ শৰ্মাই অ’ টিৰ পৰা ওলাই মোক চিন্তা কৰিবলৈ মানা কৰি তেওঁলোকৰ ঘৰলৈ গৈ ‘সুস্বাদু’ মাংসখিনি ৰান্ধি দিবলৈ অনুৰোধ কৰিলে। ক্ষন্তেকৰ বাবে মোৰ চিন্তা শক্তি লোপ পাইছিল, হাত-ভৰি জঠৰ হৈ আহিছিল। অপাৰেশ্যন টেবুলত পৰি থকা ভনীজনীক তেনে অৱস্থাত এৰি থৈ মইনো বাৰু কেনেকৈ মাংস ৰান্ধো।

 ইফালে মায়ে গম নাপায় জীয়েকৰ পেট কাটিব বুলি। অপাৰেশ্যনৰ নাম শুনিলেই মাৰ হাৰ্ট অকামিলা হ’ব খোজে। তেওঁৰ মোমায়েকৰ জীয়েক ৰীণা মাহীয়ে অপাৰেশ্যন টেবুলত উঠিয়ে ভয়তে প্ৰাণত্যাগ কৰিছিল। গতিকে মায়ে যেন ঘৰৰ পৰা ওলাই দুখোজ আঁতৰত থকা হাস্পতাললৈ যাব নোৱাৰে তাৰ বাবে ডিব্ৰুগড়তে থকা জেঠাইৰ জীয়েক সেৱা বাইদেউ মাৰ ৰখীয়া হিচাপে আছিল। মায়ে জানে জীয়েকে স্বাভাৱিকভাৱে জন্ম দিব। কিমান যে মিছা কথাৰ আশ্ৰয় ল’বলগীয়াত পৰিছিলো।

 দিনে-নিশাই ৰোগী দেখি দেখি আৰু কটা-ছিঙা কৰি কৰি ডাক্তৰসকলে বোধকৰো স্বভাৱজাত অনুভূতিবোৰ হেৰুৱাই পেলাইছে। যিজন ডাক্তৰৰ হাতত খুকুৰ জীৱন-মৰণৰ ভাৰ অৰ্পণ কৰা হৈছিল তেওঁৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি কুকুৰাৰ মাংসত মন-প্রাণ ঢালি দিলো।

 মানুহৰ মগজুবোৰ একো একোটা কম্পিউটাৰ। বহু কথা তাত সঞ্চিত হৈ থাকে যেন লাগে। পাহৰিছো বুলি ভবা কথাবোৰ যে কেনেকৈ কলমটোৰ আগত থূপ [ ৪৭ ] খাইছেহি! ডাটা সংগ্ৰহ কৰাৰ কথা ক’বলৈ যাওঁতে পুৰণি ঘটনাবোৰ লানি নিছিগাকৈ ওলাই আহিব বুলি কল্পনাও কৰা নাছিলো। কুকুৰাৰ মাংসই টানি উলিয়াই আনিলে চিলি-চিকেনৰ প্ৰসংগ এটা।

 পি জি হাস্পতালৰ পৰা ডাটা সংগ্ৰহ কৰাৰ পাছত একেটা উদ্দেশ্য লৈ গৈছিলো নীল ৰতন সৰকাৰ মেডিকেল কলেজলৈ। তাত ৰেজিষ্টাৰৰ কোঠাত বহি মোৰ কাম কৰিছিলো। এইখন হাস্পতালত আগৰখনৰ দৰে মহিলা ডাক্তৰসকলক লগ নাপাইছিলো, পুৰুষ ডাক্তৰো আহিছিল কাচিৎ কেতিয়াবা। বোধকৰো ৰেজিষ্টাৰৰ ৰুম হোৱা হেতুকে ডাক্তৰসকলৰ সমাগম বৰকৈ হোৱা নাছিল। অৱশ্যে ৰেজিষ্টাৰগৰাকীৰ লগত দুই-চাৰিটা কথা নপতা নহয়। তেওঁ আছিল এজন গহীন-গম্ভীৰ ডেকা। এদিন তেওঁৰ ওচৰলৈ অহা বন্ধুকেইজনমানৰ লগত মুকলি মনেৰে কথা পাতিবৰ সময়ত কিবা প্ৰসংগত চিলি চিকেন তেওঁ নিজে ৰন্ধা বুলি কৈছিল। আজি চিলি চিকেন, চিলি ফিশ্ব এটা সাধাৰণ খাদ্যত পৰিণত হৈছে। আজিৰে পৰা পঁচিশ বছৰমান আগতে চিলি চিকেনৰ নাম আমি অনেকে শুনাই নাছিলো। ৰেজিষ্টাৰৰ বন্ধুসকলে এইবিধ খাদ্যৰ নামটো শুনি আঞ্জাবিধৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ উঠিছিল। ময়ো কাম বন্ধ কৰি নুশুনা ভাও জুৰি চিলি চিকেন প্ৰসংগ শুনিবলৈ কাণ থিয় কৰি ৰ’লো। জিভাৰ পানী কন্ট্ৰোল কৰিব নোৱৰা অৱস্থা সকলোৰে। মোৰো প্ৰায় একে অৱস্থা, তাৰ পাছত ৰেজিষ্ট্ৰাৰে যেতিয়া ৰেচিপিটো ক’বলৈ ধৰিলে মই ডাটা সংগ্ৰহ কৰাৰ ফৰ্মখনতে সেইখিনি লিখি ল’লো। তেতিয়াৰ পৰা আজিলৈকে কেৱল ময়েই নহয়, মোৰ পৰা শিকি আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, তেওঁলোকৰ চিনাকি, তেওঁলোকৰো চিনাকিকে ধৰি অসংখ্যজনে ‘এন আৰ এছ (নীলৰতন সৰকাৰ) ৰেচিপি’ নামেৰে খ্যাত ৰন্ধন প্ৰণালীৰে চিলি চিকেন ৰান্ধি অসংখ্য মানুহৰ ৰসনাক তৃপ্ত কৰিছে। কথাষাৰ অৱশ্যে নাজানিলে ৰেজিষ্টাৰ চিকিৎসকগৰাকীয়ে।

 প্ৰায় এটা মাহ জুৰি ৰেজিষ্ট্ৰাৰৰ কোঠাত বহি কাম কৰি থাকোতে থাকোতে তেওঁৰ লগত বন্ধুত্ব হোৱা নাছিল যদিও কথা-বতৰা হৈছিলো। তেওঁ মোৰ এটা দীৰ্ঘদিনীয়া মনৰ ইচ্ছা পূৰাইছিল। তেওঁৰ অনুগ্ৰহত অ’ টিৰ এচুকত থিয় হৈ মই এদিন চিজাৰিয়ান চেকশ্যন কৰি এটা শিশুক মাকৰ গৰ্ভৰ পৰা উলিয়াই অনা দেখিছিলো। মাক হোৱা বৰ কষ্টকৰ, তেহেলৈ ই স্বাভাৱিকেই হওক বা কৃত্ৰিম উপায়েৰেই হওক। পিছে এষাৰ কথা সকলোৱে পাহৰি যায় যে এগৰাকী মাতৃয়ে অশেষ যন্ত্ৰণা সহ্য কৰি তেওঁক এই বিশ্বলৈ আনিছে।