পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬২
যুগনায়ক শঙ্কৰদেৱ

 মধ্যযুগীয় ভাবে ব্যক্তি-তন্ত্ৰক বলি দিবৰ চেষ্টা কৰিছিল; তেজ- মঙহৰ অতপালিৰ বাবে শৰীৰটোক পিঙত দিয়া, স্বাধীনতা আৰু ব্যক্তি-প্ৰাধান্যৰ উদ্ভণ্ডালিৰ প্ৰতিৰোধ কৰা, আদিয়েই আছিল তাৰ লক্ষ্য। প'প তথা ধৰ্ম-গুৰু আৰু সম্ৰাট তথা ৰাজ-শক্তিৰ প্ৰতি অমাত হৈ নম্ৰমস্তকে সিবোৰৰ শাসন চিৰকাল মানিব লাগে এয়ে আহিল মধ্যযুগীয় অনুশাসন। তাকে মনাবৰ বাবে একমাত্ৰ প্ৰধান প্ৰলোভন আছিল পৰকালৰ সুখ বা সদগতি।

 নতুন প্ৰাণশক্তি এইবোৰৰ বিৰুদ্ধে জিকাৰ খাই উঠিল। ই জীৱন্ত মানুহৰ আৰু ইহ জন্মৰ সন্মান দাবী কৰিলে। ই বৈৰাগ্য ধৰ্মৰ বিৰুদ্ধে ফেৰ পাতিলে আৰু কাজে-কামে ইহ সংসাৰৰ উপভোগৰ সুবিধা বিচাৰিলে। নিজ বিবেক-বিচাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেকৰ চিন্তা, ইচ্ছা আৰু অনুভৱৰ স্বত্ব নিশ্চয় আছে বুলি ঘোষণা কৰিলে। যুক্তি- বিচাৰ আৰু বিবেচনা, এয়ে নতুন যুগৰ প্ৰহৰীৰ সতৰ্ক-বাণী হ'ল। পুৰণি প্ৰহৰীহঁত ভয়ত টেপা খালে।

 নতুন প্ৰাণ-শক্তিৰ এই ফুৰণত মানুহৰ মানস-চকুৰ আগত এক অভিনৱ বিতোপন জগত উদ্ভাসিত হৈ উঠিল। স্বাধীনতাৰ মুকলি বায়ু সেৱন কৰি মানুহে নৱ জীৱনৰ আশিস অনুভৱ কৰিলে, বুকুৰ পৰা যেন এছটা গধুৰ শিল বাগৰি পৰিল। যুক্তি-বিচাৰৰ পোহৰত আগেয়ে নেদেখা ন ন কথা ন ন বস্তু মানুহৰ চকুত পৰিল—বিশ্বত, সাহিত্যত, সকলোতে। ব্যক্তি-তন্ত্ৰৰ জয়লাভ হ'ল।

 যুৰ'পৰ এই নতুন চিন্তাক ৰূপ দিবলৈ জাৰ্মেনীত উদ্ভৱ হোৱা নানান পণ্ডিতৰ ভিতৰত প্ৰধান জন্ ৰিচ্‌লিন্‌ (১৪৫৫-১৫২২) আৰু ডেছিডেৰিয়ছ্‌, ইৰেছ্‌মছ (১৪৬৭-১৫৩৬)।ৰিচ্‌লিন অল্ড্‌ টেষ্টামেন্টৰ আৰু ইৰেছ্‌মছ্‌ নিউ টেষ্টামেন্টৰ সমালোচনাৰ পিতৃস্বৰূপ আছিল। ইৰেছমছে কৈছিল, ‘প্ৰকৃত ধৰ্মনিষ্ঠা আওহেলা কৰি ক্ৰিয়া-কাণ্ড আৰু কায়িক কাৰ্য্য-কলাপৰ ওপৰত ধৰ্ম প্ৰবৃৰ্ত্তাবলৈ চোৱাৰ বিৰুদ্ধেই মই লিখনি ধৰিছোঁ।