পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
গুৰু-চৰিতৰ পােহৰত মূর্ত্তি-বিচাৰ

কৃষ্ণৰ নামক কীৰ্ত্তন কৰিবে
 পাৰে কিবা নপৰায়।
অকপট কৰি  কহিবাহা গুৰু
 শাস্ত্ৰত যেন আছয়॥ ২২৭৪।
শুনি ৰত্নাকৰ কন্দলীৰ মনে
 পৰম হৰিষ ভৈলা।
হৰিৰ নামৰ  কীৰ্ত্তন মহিমা
 কহিবে ৰঙ্গে লাগিলা॥
শুনিয়ো শঙ্কৰ  কৃষ্ণৰ নামৰ
 মহিমাৰ নাহি অন্ত।
জাতি-অজাতি  পৰম পাতকী
 নামে একো নবাচন্ত॥ ২২৭৫।
পৰম পতিত  নামৰ কীৰ্ত্তন
 কৰে যদি অনিচ্ছাত।
যতেক পাতক  আছয় তাহাৰ
 দহয় নামে সাক্ষাত॥
ব্ৰাহ্মণক আদি  চাণ্ডাল পৰ্য্যন্ত
 সমস্তৰে অধিকাৰ।
কলি-যুগ হৰি-  কীৰ্ত্তন বিনাই
 ধৰ্ম নাহি নাহি আৰ॥ ২২৭৬।
যত তীৰ্থ আছে  সমস্তে কৰয়,
 পঢ়য় আগম শাস্ত্ৰ।
হৰি-নাম বিনে মৃত্যু নতৰায়,
 বেদে কহে পৰমাৰ্থ॥
সত্য যুগে ধ্যান,  ত্ৰেতা যুগে যজ্ঞ
 দ্বাপৰত পূজা কৰে।