পৃষ্ঠা:Swagatam Pariksha.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

লাগে আৰু তাত বহি পৰীক্ষা লিখাৰ বাবে আৰামদায়ক হৈছেনে নাই চাব লাগে। কিবা অসুবিধা থাকিলে লগে লগে পৰীক্ষাৰ কাৰ্যাধ্যক্ষক জনাই সেইবোৰ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ডেস্ক-বেঞ্চ বা মেজ-চকী আদি ভঙা বা ফটা আছে নেকি বা লৰচৰ কৰে নেকি ভালদৰে চাব লাগে; পোহৰ, বতাহ আদি সঠিক আছেনে নাই পৰীক্ষা কৰি চাব লাগে, অন্যথা কাৰ্যাধ্যক্ষৰ লগত তৎক্ষণাৎ যোগাযোগ কৰিব লাগে। বহুতো পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত পঢ়াৰ বাবে কিতাপ, টোকাবহী আদি লৈ যায়। সেইবিলাক সাধাৰণতে কোনো বিশেষ কামত নাহে। পৰীক্ষাৰ আগমুহূৰ্তৰ এইখিনি সময় মগজুক জিৰণি দি পৰীক্ষাত তীব্ৰভাৱে নিয়োগ কৰিবলৈ সাজুহে কৰি তুলিব লাগে। তদুপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে অনুমতি নথকা বস্তু কিতাপ-পত্ৰ, টোকাবহী, নকলৰ টুকুৰা আদি কোনো ক্ষেত্ৰতে লগত ৰাখিব নালাগে বা প্ৰশ্নকাকত, লগ তালিকা, স্কেল, মেজ, বেঞ্চ বা জ্যামিতিৰ বাকচৰ উপৰিভাগ আদিত কোনো কথা লিখি ৰাখিব নালাগে। পৰীক্ষাগৃহৰে ভিতৰত আনৰ পৰা চোবা বা ইচ্ছাকৃতভাৱে আনক দেখুওৱা, সোধা-সুধি কৰা বা কথা পতা আদিৰ পৰা পৰীক্ষাৰ্থীসকল সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে। মুঠতে পৰীক্ষাত ভাল ফলাফল আশা কৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহত পৰীক্ষা লিখাত অনুমতি নথকা কোনো কামেই কৰিবলৈ সাহস কৰা উচিত নহয়। তদুপৰি পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ সম্ভাব্য প্ৰশ্ন সম্পৰ্কেও কাৰো লগত একো আলোচনা কৰা উচিত নহয়। কাৰণ বিভিন্নজনৰ বিভিন্ন মতামতে পৰীক্ষাৰ্থীসকলক হতাশ কৰি তুলিব পাৰে।

 পৰীক্ষা লিখাৰ বহীসমূহ বিতৰণ কৰাৰ লগে লগে পৰীক্ষাৰ্থীসকল সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ সাজু হ’ব লাগে। বহীসমূহৰ বাওঁপিনে প্ৰায় ৪ ছে.মি., সোঁপিনে ৪ ছে.মি. আৰু ওপৰপিনে ২ ছে.মি. মাৰ্জিন ৰাখি ভাঁজ কৰিব লাগে। অৱশ্যে সোঁপিনৰ মাৰ্জিন ৰাখোতে ভাঁজটো বাওঁপিনৰ মাৰ্জিনৰ ভাঁজৰ বিপৰীতেহে দিব লাগে যাতে ওলোটা পৃষ্ঠাত লিখোতে ই বাওঁপিনে ৰখা মাৰ্জিনৰ দৰে কাম কৰে। একোটা পৃষ্ঠাত লিখোতে সোঁপিনে মাৰ্জিন ৰখাৰ কোনো প্ৰয়োজন নাই। তদুপৰি লিখাৰ ক্ষেত্ৰত সদায় কাগজৰ দুয়ো পিঠি ব্যৱহাৰ কৰিব লাগে আৰু কাগজৰ পৃষ্ঠা ব্যৱহাৰত মিতব্যয়ী হ’ব লাগে। পাতলকৈ লিখি বা এপিঠিত লিখি বহীখন ডাঠ বা মোটা কৰিলেই নম্বৰ বেছি পোৱা বুলি বহুতৰ থকা ধাৰণা সম্পূৰ্ণ ভুল। বহীখন ভাঁজ কৰি লোৱাৰ পিছতেই ওপৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, বিষয়, পঞ্জীয়ন নম্বৰ আদি আৱ্যশকীয় তথ্যসমূহ স্পষ্টভাৱে লিখিব লাগে। এই ক্ষেত্ৰত প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড ভালদৰে চাই ল’ব লাগে। প্ৰশ্নকাকতৰ বিভিন্ন অংশৰ বাবে কেতিয়াবা বেলেগ বেলেগ বহী দিয়া হয়। এনেক্ষেত্ৰত

‘ক’ অংশ বা ‘খ’ অংশ আদি বহীত স্পষ্টভাৱে চিহ্নিত কৰিব লাগে। উত্তৰ কৰোতেও

৫১