পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
নৱবৰ্ষ।

স্বৰ্গ অপেশ্বৰা আপোন পাহৰা,
 তুলিছে আনন্দ ধ্বনি।
সুখ-গীত শুনি, ভাবে ভাব টানি,
 ওপঙ্গি ফুৰিব সেৰি ,
থাই ভাব জুৰি,   ম’ৰাচালী ধৰি,
 উৰিল বিচাৰি সখী।
অকল সৰীয়া,   প্ৰাণ মতলীয়া,
 থাকোঁতে ধেমালি চাই;
সংসাৰ ধুমুহা   নাই উহাদিহা,
 আহিল ধুলি উৰাই।
মুকলি হিয়াৰ,   জপালে দুৱাৰ
  কৰ ভাব গল কেনি।
ঢাকনি চকুত   বসুধা বুকুত।
 —এয়ে মুখ, সামৰণি।



নববৰ্ষ।


নৱ বৰষৰ নবীন সঙ্গীত
  কাণত হইছে ধ্বনি,
দূৰ ভবিষ্যৰ আশাৰ বেণুটি
 শুনা যায় ৰিণি ৰিণি।


অসীম অনন্ত কালৰ সাগৰ
 জনম নজনা ঠাই;