পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
ৰামায়ণ।

অঙ্গীকাৰ লাৰি সীতা দিবোহো ৰামক।
কৈত খুজি পাইবো আৰ ইমত বৰক॥
আজিজ্ঞাসি পূৰ্ব্বত কৰিলা অঙ্গীকাৰ।
তাক এৰিলাত দোষ নাহিকে আমাৰ॥
যদি দোষ হৱে তাক নকৰে দেহা ডৰ।
শুচিবে সকলে দোষ প্ৰসাদে ৰামৰ॥
শুনি বিশ্বামিত্ৰে হাসি বুলিলন্ত বাণী।
কৰাহা সংশয় তুমি ৰামক নাজানি॥
এন্তেসে ঈশ্বৰ চৰাচৰ জগতৰ।
ধনু ভাঙ্গিবত কোন প্ৰয়াস ৰামৰ॥
চাহি থাকা জনক নৃপতি কৌতুহলে।
ধনুতে পৰীক্ষা আজি পাইবাহা সকলে॥
শুনি সীতা মনে কোপ কৰন্ত ঋষিক।
মোহোৰ বিপক্ষ এও আচৰন্ত কিক॥
অঙ্গীকাৰ লাৰি মোক বিয়া দিবে চান্ত।
ঋষিৰ কাৰণে পিতৃ তাহাক নাপাও॥
ধনু ভাঙ্গিবাক এতে বোলন্ত কিসক।
ইহান নিমিত্তে মই নাপাইবো ৰামক॥
ৰাম মোৰ স্বামী হাতে মিলাইলেক বিধি।
বিশ্বামিত্ৰ হেতু হেৰুৱাইবো নববিধি॥
লৱনু পুতলি যেন সুকোমল তনু।
হেন ৰামে কিমতে ভাঙ্গিলে বজ্ৰধনু॥
নলাগে ভাঙ্গিবে ধনু সীতা দেলা হাক।
অঙ্গীকাৰ এৰি বিয়া দিয়োক আমাক॥
পাচে বিশ্বামিত্ৰ ঋষি বুলিলা বচন।
শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন॥
ধনুখানিভাঙ্গি বিয়া কৰিয়ো সীতাক।
উঠিয়ো সত্বৰে ৰাখিয়োক মোৰ বাক॥