প্রতিষেধক, ছাল, চুলিৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে। পেটৰ অসুখত কেঁচা মধুৰী খুন্দি ক’লা নিমখেৰে খালে সুফল পােৱা যায়। মাটিকঠালঃ বিভিন্ন ঔষধি গুণেৰে ভৰপুৰ মাটিকঠাল ৰুচিবর্ধক, ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিকাৰক, কৃমিনাশক, হাড়ৰ গঠনত উপকাৰী। গৰ্ভৱতীমহিলাই সেৱন কৰিলে গর্ভপাত হােৱাৰ আশংকা থাকে। কঠাল ও ভিটামিন এ, ভিটামিন চি, এন্টিঅক্সিডেন্ট আদিৰে কঠাল এবিধ উত্তম ফল।ই হজমশক্তি বঢ়ায়,শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে। ইয়াৰ উপৰিও ভিটামিন এ থকা বাবে চকুৰ বাবে উপকাৰী। হাপানী ৰােগত, হার্ট অসুখত ই পথ্য। ডালিম ও ডালিম এবিধ ঔষধীযুক্ত ফল। পেটৰ অসুখ যেনে- অতি সাৰ বা ডায়েৰীয়া, গ্রহনী বা ডিচেণ্ট্ৰী আদিত ডালিম খালে সুফল পােৱা যায়। কেঁচা ডালিম খুন্দ অকণমান ক’লা নিমখ দি খালে যিকোনাে পেটৰ ৰােগ। ইয়াৰ উপৰি পকা ডালিম ৰক্তহীনতাত ভােগা লােকৰ বাবে অতি উপকাৰী ফল। জলফাই টেঙা ও ভিটামিন চি থকা বাবে দাঁত, চুলিৰ উজ্জ্বলতা বঢ়াই, শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। ডায়েবেটিচ, বাতবিষ, মুখৰ ঘাঁ, উচ্চ ৰক্তচাপ,গ্রহনী ৰােগত উপকাৰী। ৪৭