১। খাদ্য চিকিৎসাঃ এই চিকিৎসাৰ মতে খাদ্য প্রাকৃতিক নাইবা সর্বাধিক প্রাকৃতিক ৰূপতহে মাথাে গ্ৰহণ কৰিব লাগে। ইয়াৰ মতে বতৰৰ সতেজ ফল-মূল, সেউজীয়া পাতৰ শাক-পাচলি আৰু গজালি ওলােৱা বীজ হৈছে আটাইতকৈ উক্তৃষ্ট। এই খাদ্যবােৰক বহলভিত্তিত তিনিটা প্ৰকাৰত শ্রেণীভুক্তকৰা হৈছে। সেইকেইটা হৈছে— ক) নিষ্কাশন খাদ্যঃ নেমু ৰস, তেঙা ৰস, ডাবৰ পানী, শাক-পাচলিৰ ৰস, মাখনযুক্ত দৈ, ঘেহু গছৰ ৰসইত্যাদি। 1 খাদ্যবােৰে স্বাস্থ্য উন্নত কৰাত, শৰীৰ শুদ্ধিকৰণত আৰু ৰােগৰ সৈতে যুজাত সহায় কৰে। ইয়াৰ বাবে খাদ্যবােৰ এক উপযুক্ত মাত্রাত মিলাইলব লাগে। সুস্বাস্থ্যৰ বাবে আমাৰ খাদ্যত ২০% এচিড়িক আৰু ৪০% এলকেলাইন খাদ্য থাকিব লাগে। ভাল স্বাস্থ্য বিচৰা যিকোনাে ব্যক্তিৰ বাবে এক ভাৰসাম্য খাদ্য অতি জৰুৰী। প্রাকৃতিক চিকিৎসাত খাদ্যক এক ঔষধ হিচাপে গণ্য কৰা হয়। ২। উপবাসচিকিৎসাঃ স্বাস্থ্য সংৰক্ষণৰ ক্ষেত্ৰত প্রাকৃতিক প্রণালীবােৰৰ ভিতৰত উপবাস হৈছে এক গুৰুত্বপূর্ণ প্রণালী। উপবাসৰ বাবে মানসিক প্রস্তুতি হৈছে এক অপৰিহাৰ্য পূর্বতে। ইয়াৰ পাছত যিকোনাে ব্যক্তিক এদিন নাইবা দুদিনৰ বাবে উপবাস কৰােৱাব পাৰি। দীঘলীয়া উপবাস কেৱল সুদক্ষ প্রাকৃতিক চিকিৎসকৰ পৰ্যবেক্ষণতহেকৰাব লাগে। প্রাকৃতিক চিকিৎসাৰ বিশ্বাস যে উপবাস হৈছে পাচন প্রণালীটোক আৰাম দিয়াৰ এক খ) উপশমকাৰী খাদ্য ও সতেজ ফল-মূল, কেচা চালাড, উতলােৱা/ উহােৱা শাক- পাচলি, গজালি ওলােৱা বীজ, চাটনী ইত্যাদি। গ) গঠনমূলক খাদ্যঃ আটা, চাউল, সৰু মাহজাতীয় শস্য গজালি ওলােৱা বীজ, দৈ ইত্যাদি। এলকেলাইন থকাৰ বাবে এই ১৭৪