পৃষ্ঠা:Sarboday.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
উপসংহাৰ

 যি ৰকমে পাপ কৰ্ম্ম কৰি—ইংৰাজক মাৰি প্ৰকৃত স্বৰাজ্য পোৱা নাযায়, সেই ৰকমে ভাৰতবৰ্ষত কাৰখানা খুলি স্বৰাজ্য পোৱা নাযায়। ৰাস্কিনে এই কথাটো স্পষ্ট কৰি দেখুৱাইছে যে সোণা ৰূপা একত্ৰ কৰিলেই কোনো ৰাজ্য পোৱা নাযায়। এইটো মনত ৰাখিব লাগিব যে পশ্চিমৰ সভ্যতাৰ মাত্ৰ একশ বছৰ হৈছে, যথাৰ্থ কব গলে পঞ্চাচ বছৰ ধৰা যায়। ইয়াৰ ভিতৰতে পশ্চিমৰ ৰাইজৰ বৰ্ণ-শঙ্কৰ হোৱাৰ নিচিনা হৈছে। আমাৰ প্ৰাৰ্থনা এয়ে যে য়ুৰোপত যি অৱস্থা হৈছে ভাৰতবৰ্ষত যেন সেই অৱস্থা কেতিয়াও নহয়। য়ুৰোপৰ এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক হেঁচি ধৰি আছে। কেৱল নিজে তৈয়াৰ হোৱাৰ কাৰণেই শান্ত দেখুৱাই আছে। যদি কোনো সময়ত কাজিয়াৰ জুই লাগে তেন্তে য়ুৰোপত নৰক জ্বলিব। য়ুৰোপৰ প্ৰত্যেক ৰাজ্যই ক’লা মনুহক নিজৰ ভক্ষ্য বুলি ভাবে। তাত কেৱল ধনৰ লোভ হে আছে , এনে অৱস্থাত তাত আন কি হব পাৰে? যদি এওঁলোকে কোনো এক দেশ দেখে তেন্তে চিলা আৰু কাউৰীয়ে মাংস দেখিলে যেনেকৈ থাপ মাৰে তেনেকৈ সেই দেশৰ ওপৰত থাপ মাৰি পৰে। এওঁলোকে নিজৰ কাৰখানাৰ বাবে এনে কৰে , এইটো ভাবাৰ কাৰণ আছে।

 শেষত ভাৰতে স্বৰাজ্য পাওঁক এইটো সকলো ভাৰত-