পৃষ্ঠা:Sarboday.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সৰ্ব্বোদয়

নিয়ম অনুসৰি চলিলে সকলো মানুহে ধনী হব পাৰে। আচলতে ধনী হোৱা কথাটো পানী তোলা কলহৰ মালাৰ নিচিনা। এটা খালি হলে হে আন এটা ভৰে। আপােনাৰ লগত যদি টকা থাকে তেন্তে তাৰ প্ৰভাৱ যাৰ টকা নাই তাৰ ওপৰত পৰিব। যদি আপােনাৰ ওচৰত থকালোকৰ এই টকাৰ কোনো আৱশ্যক নাথাকে তেন্তে আপােনাৰ ওচৰত এই টকা বেকাৰ হৈ যাব। আপােনাৰ টকাৰ শক্তি আপােনাৰ প্ৰতিবাসীৰ টকাৰ অভাৱৰ ওপৰত নিৰ্ভৰ কৰে। য’ত গৰীব আছে তাত ধনী চলিব পাৰে। ইয়াৰ অৰ্থ এই হয় যে এজন মানুহ ধনবান হব লাগিলে তেওঁৰ প্রতিবাসী গৰীব হৈ থাকিব লাগে।

 সাৰ্ব্বজনিক অর্থশাস্ত্ৰৰ অৰ্থ হৈছে ঠিক সময়ত ঠিক ঠাইত আৱশ্যকীয়, আনন্দদায়ক বস্তু উৎপন্ন কৰা, সেইটো ৰক্ষা কৰা আৰু তাৰ লেন-দেন কৰা। যি কৃষকে ঠিক সময়ত ফচল কাটে, যি ৰাজ মিস্ত্রিয়ে ঠিক ঠিক গাথনিৰ কাম কৰে; যি বাঢ়ৈয়ে কাঠৰ কাম ভাল দৰে কৰে, বি স্ত্রীয়ে নিজৰ পাকঘৰ ঠিক ৰাখে, তেওঁলােক আচল অর্থশাস্ত্রী। এওঁলােকে গোটেই ৰাষ্ট্ৰৰ সম্পত্তি বঢ়ায়। বি শাস্ত্র ইয়াৰ উল্‌টা তাক সাৰ্ব্বজনিক বুলিব নােৱাৰি। তাত মাত্ৰ এজনে টকা জমা কৰে আৰু আনক গৰীব ৰাখি সেই টকা উপভোগ কৰে। এই ৰকমে যােনে চলে তেওঁ নিজৰ খেতি পথাৰ পশু আদিৰ পৰা কিমান টকা হব পাৰে তাকে হিচাব কৰি নিজক ধনবান বুলি ভাবে । কিন্তু নিজৰ টাকাৰ দ্বাৰা যিমান মাটি আৰু পশু আদি কিনিব পাৰি সিমান হে যে তেওঁৰ টাকাৰ মূল্য সেইটো তেওঁ নাভাবে আৰু তেওঁলােকে ধাতু, টকা সংগ্রহ কৰি থাকে । তেওঁলােকে এই টাকাৰে কিমান মজুৰ খাব পাৰিব তাকে ভাবে ।