পৃষ্ঠা:Sankardev.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ শঙ্কৰদেৱ। চিলাৰায় দেৱানে শঙ্কৰদেৱ কোচবেহাৰত থাকোতে তেওঁক “জন্মৰহস্য” শাস্ত্ৰ ৰচনা কৰিবলৈ অনুৰোধ কৰাত, শঙ্কৰদেৱে পাট- বাউসীলৈ আহি মাধৱদেৱৰ হতুৱাই সেই পুথি ৰচনা কৰাই দেৱানলৈ পঠিয়াই দিযাত দেৱানে পুথি পাই বৰ সন্তোষ পাইছিল। শঙ্কৰদেৱ শেষ বাৰ নৰনাৰায়ণ বজাৰ আজ্ঞা মতে কোচ- বেহাৰলৈ যাবৰ সময়ত আন আন কথাৰ লগত মাধৱদেৱক কৈ- ছিল--“কীৰ্ত্তনঘোষা শাখন সংগ্ৰহ কৰিবা। ঘোষাত (হাজী আৰু নামঘোষ ) দুলৰি, জুনা, ছবি, জুমুৰি, লেচাৰি ছন্দ দিবা। নমস্কাৰ, শৰণ, ভজন, নিন্দ, সুতি, উপদেশ, প্ৰাৰ্থনা, কাকুতি, দে, প্ৰশংসা, মহিমা, কাৰুণ্য, এবোৰ যোগ কৰিব। ঘোষাৰ শেষত ঈশ্বৰৰ নাম-গুণ লণবা।” আমি ওপৰত কৈ আহিছো যে মাধৱদেৰ বেহাৰলৈ গুচি যোৱা বাবে কীৰ্ত্তনঘোষ শাস্ত্ৰ তেওঁ নিজে টোৰ নোৱাৰিলে, সেই কাম তেওঁৰ ভাগিন ৰামচৰণ কৰিলে। তাৰু ঘোষত শঙ্কৰদেৱে কোৱা মতেই যে সকলো দিয়া হল, ঘোষা পঢ়িলেই সেইটো বুজিব পাৰি। শঙ্কৰদেক নৰনাৰায়ণ ৰজাই ধৰি লৈ যাবলৈ পঠিৱাৰ পিছত যেতিয়া প্ৰথমতে শঙ্কৰদেৱ ৰজাৰ আগত উপস্থিত হয়, তেতিয়া তেও মধুদানৱ দাৰণ দেৱ বৰ। বৰ বাৰিজ লোচন চক্ৰধৰং।” এই সংস্কৃত স্তোত্ৰটি ৰচনা কৰি গাই এখোজ দেখোজকৈ ৰজাৰ কালে আগ বাঢ়িছিল। সংস্কৃত শ্লোক ৰচনাত শঙ্কৰদেৱ কেনে সুনিপুণ আছিল এই সুন্দৰ স্ৰোত্ৰটিয়েই তাৰ চিনাকি।

o)