পৃষ্ঠা:Pohar Anota.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পোহৰ আনোতা

 
চৰিত্ৰ সমূহ:— (ক) প্ৰমিথিউছ (খ) জিউছ (গ) হাৰ্কিউলিছ (ঘ) পলাচ এথেনা (ঙ) ঈগল (চ) মানৱ
পোহৰ:— দুটা Spot light আৰু এটা Flood light dimmer সহ।
শব্দ:— হাৰমনিয়াম, তবলা, গীটাৰ আদি সাধাৰণ বাদ্যযন্ত্ৰ।
পৰিচালক:— (চৰিত্ৰ সমূহৰ মাজত এজন) শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, আমি অজি যিখন নাটক মঞ্চস্থ কৰিব খুজিছোঁ সেইখন হৈছে প্ৰাচীন গ্ৰীক ৰূপক যাৰ এক অনবদ্য চৰিত্ৰ প্ৰমিথিউছৰ কাহিনীৰ ওপৰত ইয়াত প্ৰমিথিউছৰ চৰিত্ৰ ৰুপায়ণ কৰিব _ _ _ _ _ য়ে, জিউছুৰ চৰিত্ৰ ৰূপায়ণ কৰিব _ _ _ _ _ _ _ _ _ _ য়ে, _ _ _ _ _ _ _ _ _ _ ইত্যাদি। শিল্পীসকলৰ নাম ক’ব আৰু তেওঁলোকে নমস্কাৰ দিব। গ্ৰীচৰ ৰূপকথামতে মহাজ্ঞানী টাইটান প্ৰমিথিউছে মহাকালৰ নিৰ্দেশত মানুহৰ সৃষ্টি কৰে। মানৱ সভ্যতাৰ বিকাশৰ বাবে তেওঁ মানুহক জ্ঞান আৰু বিকাশৰ প্ৰতীক অগ্নি প্ৰদান কৰে আৰু তাৰ বাবে ভয়ংকৰ শাস্তি ভোগ কৰে। যদিও ই এখন দেশৰ বা এটা সভ্যতাৰ